মাজুলী মহাবিদ‍্যালয়ত জিলাভিত্তিক বিজ্ঞান অনুসন্ধান কাৰ্যসূচী সম্পন্ন

মাজুলী মহাবিদ‍্যালয়ত জিলাভিত্তিক বিজ্ঞান অনুসন্ধান কাৰ্যসূচী সম্পন্ন ;

বিজ্ঞাননিৰ্ভৰ সমাজ সকলো ফালৰ পৰাই শক্তিশালী হয়— ডঃ দেৱজিৎ শইকীয়া:

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ শিক্ষা, অসম আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ‍্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত, মাজুলী জিলা মাধ‍্যমিক শিক্ষা বিভাগ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ যৌথ উদ‍্যোগত আজি মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ‍্যালয়ত অনুষ্ঠিত হয় জিলাভিত্তিক বিজ্ঞান অভিযানৰ এক বিশেষ কাৰ্যক্ৰম। পুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ পৰিচালক নাৰায়ণ শইকীয়া, কৰ্মচাৰী গোটৰ সদস‍্য অতুল বৰা, ভৱেন শইকীয়া, প্ৰশান্ত পায়েং, মংগলা পায়েং, নৈশ চকীদাৰ মাণিক ৰেগন আৰু অনাময় কৰ্মী দীপক দাসৰ নেতৃত্বত এন চি চিৰ কেডেটসকলে মহাবিদ্যালয় চৌহদত পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। ৯ বজাৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলৰ পঞ্জীয়ন সম্পন্ন হোৱাৰ পাছতে শিশু বিজ্ঞানীসকলৰ প্ৰকল্প প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰকল্প প্ৰতিযোগিতাত মূল‍্যায়ক হিচাপে উপস্থিত থাকে মাজুলী মহাবিদ‍্যালয়ৰ অধ‍্যাপক ক্ৰমে ডঃ অৰূপ বুঢ়াগোহাঁই, ডঃ দেৱজ‍্যোতি ভট্টাচাৰ্য, ডঃ জুলী গগৈ, ডঃ দিব‍্যজ‍্যোতি বৰা, ডঃ দিগন্ত হাতীবৰুৱা, বিশাল শইকীয়া, খণ্ড সমল ব‍্যক্তি বসন্ত বৰা আৰু শিক্ষয়িত্ৰী জিতা বৰা। সমাৰোহত মাজুলী জিলাৰ প্ৰায় ডেৰশ শিশু বিজ্ঞানীয়ে নিজাববীয়াকৈ প্ৰস্তুত কৰা ৬৬টা প্ৰকল্প উপস্থাপন কৰে। সমাৰোহৰ আৰম্ভণিতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী জিলাৰ সমন্বয়ক ডঃ অনুপ কুমাৰ দলে সকলোকে আদৰণি জনায়। প্ৰকল্প উপস্থাপনৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ বিজ্ঞান পৰীক্ষাগাৰসমূহ পৰিদৰ্শন কৰে। বিয়লি ২ বজাৰ পৰা কেশৱৰাম বৰা প্ৰেক্ষাগৃহত জিলা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি লোহিত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী তথা মুকলি সভাখনি মহাবিদ‍্যালয়ৰ ছাত্ৰী বৰ্ণিতা ভূঞাই পৰিৱেশন কৰা এটা গীতেৰে সভাখনি আৰম্ভ কৰা হয়। সভাখনি উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “বিজ্ঞাননিৰ্ভৰ সমাজ এখন সকলো ফালৰ পৰাই শক্তিশালী হয়। আমাৰ সমাজখনক সকলো ফালৰ পৰা স্বাৱলম্বী কৰিবলৈ উঠি অহা প্ৰজন্মক বিজ্ঞানমনস্ক কৰি তুলিবই লাগিব।” সভাত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকি বক্তব‍্য দাঙি ধৰি মাজুলীৰ বিদ‍্যালয়সমূহৰ পৰিদৰ্শিকা লিপিকা বুঢ়াগোহাঁয়ে শিশু কালৰে পৰাই বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব‍্য আগবঢ়ায় মহাবিদ‍্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষ তিলক চন্দ্ৰ শৰ্মা, মাজুলী মহাবিদ‍্যালয় শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, জ‍্যেষ্ঠ অধ‍্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মাজুলী জিলাৰ সমন্বয়ক ডঃ অনুপ কুমাৰ দলেয়ে। অধ‍্যাপিকা প্ৰণীতা ৰাজখোৱা, আচাৰ্য মোহন দাস, বিজয় টিমুং, প্ৰজ্ঞা পাৰমিতা কৌশিক, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ মাজুলী জিলা সমিতিৰ সমন্বয়ক প্ৰাণজিৎ শইকীয়া, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ সমন্বয়ক বিকাশ বৰা, উজনি মাজুলী খণ্ডৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতা, শিক্ষক ৰঞ্জিত বৰুৱা, পম্পী হাজৰিকা প্ৰমুখ‍্যে বিশিষ্ট ব‍্যক্তিসকল উপস্থিত থকা সভাখনত দ্বিশতাধিক শিক্ষাৰ্থী উপস্থিত থাকে। নিম্ন আৰু উচ্চ শাখাৰ প্ৰকল্প প্ৰতিযোগিতাত খাৰজানপাৰ জনজাতি উচ্চ মাধ‍্যমিক বিদ‍্যালয়, মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, শ্ৰীলুইত উচ্চ মাধ‍্যমিক বিদ‍্যালয়, পাৰিজাত হাইস্কুল, ফুলনি হাইস্কুল, চামগুৰি সত্ৰ ৰাৱণাপাৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ে স্থান লাভ কৰে। ছটা প্ৰকল্প উপস্থাপনেৰে মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগী বিদ‍্যালয়ৰ স্বীকৃতি পাবলৈ সক্ষম হয়। সভাত স্থানপ্ৰাপক বিদ‍্যালয়সমূহক পুৰস্কৃত কৰা হয়।