ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত পশ্চিমীয়া হ’লক গিবন সংৰক্ষণ বিষয়ক সজাগতা সভা:: অনুষ্ঠানত ফ্ৰান্সৰ প্ৰকৃতিবিদ ফ্ল’ৰিয়ান মেগন উপস্থিত
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চহৰৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান কানৈ বাণিজ্য মহাবিদ্যালয়ত “পশ্চিমীয়া হ’লক গিবন সংৰক্ষণ” বিষয়ক এখনি সজাগতা অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। মহাবিদ্যালয়ৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰেক্ষাগৃহত অনুষ্ঠিত ইক’ ক্লাবৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চয়তা কোষৰ সহযোগত আয়োজন কৰা হয়।অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ফ্ৰান্সৰ প্ৰকৃতবিদ হিউৰ’ প্ৰগ্ৰেমৰ প্ৰতিষ্ঠাপক তথা কাৰ্য্যবাহী সঞ্চালক ফ্ল’ৰিয়ান মেগনে আৰু হিউৰ’ প্ৰগ্ৰেমৰ শৈক্ষিক সমন্বয়ক সুমন গগৈ ভূঞা। ইক’ ক্লাবৰ ন’ডাল বিষয়া বাণী কছাৰীয়ে আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেব গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে ভাষণ প্ৰদান কৰে। সুমন গগৈ ভূঞাই হিউৰ’ প্ৰগ্ৰেমৰ উদ্দেশ্য আৰু বিভিন্ন কাৰ্যসূচীৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। সমল ব্যক্তি ফ্ৰান্স প্ৰকৃতিবিদ ফ্ল’ৰিয়ান মেগনে পশ্চিমীয়া হ’লক গিবনৰ ক্ষেত্ৰত তেওঁৰ কুৰি বছৰীয়া ক্ষেত্ৰ অধ্যয়নৰ অভিজ্ঞতা বৰ্ণনা কৰি সংৰক্ষণ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথাও উল্লেখ কৰে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিটোৰ সংৰক্ষণৰ বাবে স্থানীয় সমাজৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিক্ষক-কৰ্মচাৰী আৰু বহু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় আভ্যন্তৰীণ মান নিশ্চয়তা কোষৰ সমন্বয়ক ড° লুকু মৰাঙে। একে প্ৰেক্ষাগৃহতে “মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনী ২০২৬”ৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিংৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বিশিষ্ট অতিথিসকলৰ ভাষণ পোনপটীয়াকৈ সম্প্ৰচাৰণ কৰা হয়। নিযুত বাবু আঁচনীৰ ন’ডাল বিষয়া ড° পল্লবী কাশ্যপে জানিবলৈ দিয়ে যে মহাবিদ্যালয়ৰ মুঠ ১৬১ গৰাকী ছাত্ৰ এই আঁচনিৰ সুবিধা লাভ কৰিব। অধ্যক্ষ ড° জয়দেব গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলক উক্ত আঁচনিৰ জৰিয়তে লাভ কৰিব পৰা বিভিন্ন সুবিধাসমূহৰ বিষয়ে অৱগত কৰে।
