যোৰহাটত প্রথমখন মহিলা বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱন উদ্বোধন মুখ্যমন্ত্রীৰ

যোৰহাটত প্রথমখন মহিলা বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱন উদ্বোধন মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহিলাৰ উচ্চ শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ । যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত টীয়ক কলিয়াপানীত প্ৰায় ২৯ কোটি টকা ব্যয়েৰে ৫৮ বিঘা ভূমিত মুকলি হ’ল উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্র মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ভৱন । বুধবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে মহিলা বিশ্ববিদ্যালয়খনৰ নৱনিৰ্মিত ভৱন । এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০১৩ চনত প্রতিষ্ঠা হোৱা অসম মহিলা বিশ্ববিদ্যালয়ক বৰ্তমানৰ ৰাজ্য চৰকাৰে এটা নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে বিশ্ববিদ্যালয়খনে ‘নাক’ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰি নতুন শিক্ষানীতি সফলভাৱে ৰূপায়ণ কৰাৰ লগতে ১৭টা বিভাগত সর্বমুঠ ৪৬টা শৈক্ষিক ডিগ্রী পাঠ্যক্ৰম আৰম্ভকৰিছে। তদুপৰি ভাৰতীয় জ্ঞান-সভ্যতাক আগুৱাই নিয়াৰ প্ৰয়াসেৰে বিশ্ববিদ্যালয়খনত মূল্য সংযোজিত পাঠ্যক্রম আৰম্ভ কৰা হৈছে। পৰম্পৰাগত শিক্ষাৰ মাজতে সীমাবদ্ধ হৈ নাথাকি বিশ্ববিদ্যালয়খনে স্পেনিছ ভাষা আৰু জাপানী ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰা কাৰ্য শলাগিবলগীয়া বুলিও তেওঁ মন্তব্য কৰে। বিগত কেইটামান দিনৰ ভিতৰতে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱনৰ শুভ উদ্বোধন কৰা হৈছে আৰু এই বিশ্ববিদ্যালয়কেইখনৰ বিকাশৰ দ্বিতীয় পৰ্যায়ৰ নতুন কাৰ্যসূচীও ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাস, প্রশাসনীয় ভৱন, প্রবক্তাসকলৰ বাসভৱন আদি নিৰ্মাণৰ বাবে ৭৫ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে যে ২০২১ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁ বাল্যবিবাহ ৰোধ কৰাৰ দিশত সংকল্প গ্ৰহণৰ কথা ঘোষণা কৰিছিল। এই সংকল্পৰ আধাৰতে বাল্যবিবাহৰ সৈতে জড়িত থকা ১২ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাল্যবিবাহৰ সমান্তৰালভাৱে ৰাজ্যত বহুবিবাহৰ দৰে সামাজিক ব্যাধিয়ে সমাজত নাৰী সমাজৰ মৰ্যাদা আৰু সন্মান লাঘৱ কৰিছিল। বিগত প্রায় পাঁচ বছৰীয়া কাৰ্যকালত চৰকাৰে এই দুয়োটা সামাজিক ব্যাধিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি যুঁজখনক এক নির্ণায়ক পর্যায়লৈ লৈ যাবলৈ সমৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতিৰ বাবে বাল্যবিবাহ ক্রমাগতভাবে হ্রাস পাই অহাৰ লগতে বহুবিবাহ আগন্তুক ২-৩ বছৰৰ ভিতৰত বন্ধহৈ পৰিব বুলি তেওঁ আশা প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে বাল্যবিবাহ আৰু বহুবিবাহ ৰোধৰ সমান্তৰালভাৱে অধিকসংখ্যক কন্যা সন্তানে যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে সেই দিশত চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। এই পদক্ষেপৰ আধাৰতে গ্ৰহণ কৰা নিযুত মইনাৰ দৰে আঁচনি ছাত্রী সমাজৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁ সদৰী কৰা মতে, এই আঁচনিখনৰ বাবেই বিগত বছৰৰ তুলনাত এই বছৰ অসমৰ মহাবিদ্যালয়সমূহত ৫০ হাজাৰ ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি হৈছে। তদুপৰি আধাতে শিক্ষানুষ্ঠান এৰা ছাত্ৰীৰ সংখ্যাও দ্রুতগতিত হ্রাস পাইছে। তেওঁ কয়- ‘আজি ৰাজ্যত ছাত্ৰীসকলৰ মাজত এটা নতুন উদ্দীপনাৰ সৃষ্টি হৈছে। চিকিৎসা বিজ্ঞান, অভিযান্ত্রিক আদি পাঠ্যক্রমত প্ৰতিবছৰে ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা নিৰন্তৰভাৱে বৃদ্ধি পাই অহাৰ ফলত আমি অসমত লিংগ সমতাৰ ক্ষেত্ৰত এটা ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। ৰাজ্যৰ আত্মসহায়ক গোটৰ প্ৰায় ৮ লাখ সদস্যাই বছৰি ১ লাখতকৈও অধিক টকা উপাৰ্জন কৰি লাখপতি বাইদেউ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। শিক্ষা, কর্ম সংস্থাপন আৰু আত্মনিৰ্ভৰশীলতা – এই আটাইকেইটা দিশতে বিগত ৫টা বছৰত আমি উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ।’ নাৰী শিক্ষা আৰু নাৰীৰ সামাজিক সন্মান আৰু ইয়াৰ লগতে জীৱনৰ সুৰক্ষা আদি দিশত চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া ৰাজ্যত নাৰীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী সলনি হৈছে। যাৰ বাবে এতিয়া প্ৰতিগৰাকী পিতৃ-মাতৃয়ে কন্যা সন্তানক সমস্যা বুলি ভবাৰ পৰিৱৰ্তে সম্পদ বুলি ভবাৰ এটা পৰিৱেশ সমাজত গঢ়ি উঠিছে।

ৰাজ্যৰ উন্নয়ন, বিকাশ আৰু সমতাৰ যাত্ৰালৈ অসম মহিলা বিশ্ববিদ্যালয়ে আগন্তুক সময়ত অধিক অৰিহণা যোগাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্রকাশ কৰে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু নিযুক্তি সমাৰোহ আদিত কন্যা সন্তানসকলৰ উপস্থিতিৰ বৰ্ধিত পৰিসংখ্যা এক গৌৰৱৰ বিষয় বুলিও তেওঁ অভিহিত কৰে। ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতিত নাৰীয়ে সদায় কেন্দ্রীয় ভূমিকা গ্ৰহণ কৰি আহিছে বুলি ভাষণত উল্লেখ কৰি তেওঁ কয়- ‘যিখন অসমত মা কামাখ্যা বিৰাজমান হৈ আছে, যিখন অসমত সতী জয়মতী, কনকলতা বৰুৱা, সতী সাধনীৰ দৰে বিদুষী মহিলাই জন্মগ্রহণ কৰিছে, সেইখন সমাজৰ নাৰীৰ প্ৰতি দায়িত্ব স্বাভাৱিকতে অধিক। সনাতনী সভ্যতাত নাৰীক আদিশক্তি হিচাপে গণ্য কৰা হয়। সমাজৰ সৃষ্টি আৰু বিৱৰ্তনত নাৰীয়ে কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰে আৰু সেই বাবে আমাৰ সমাজত সদায়ে নাৰীসকলে এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰি আহিছে।’ মুখ্যমন্ত্রীয়ে কয় যে গার্গী, অত্রেয়ী, মৈত্রেয়ী আদিৰ দৰে বিদুষী নাৰীয়ে দেশৰ সভ্যতা, সংস্কৃতিৰ বিকাশত অতুলনীয় বৰঙণি আগবঢ়াই গৈছে। তেওঁ ভাষণত অমলপ্রভা দাস, স্বর্ণলতা বৰুৱা, সৰলা দেৱী, সুখলতা দুৱৰা, সুধালতা দুৱৰাকে ধৰি অসমৰ কেইবাগৰাকীও মহীয়সী নাৰীৰ কথাও উল্লেখ কৰে। ভাষণত তেওঁ অসম মহিলা বিশ্ববিদ্যালয়ে আজিৰ যুগৰ প্ৰাসংগিক শিক্ষা আৰু কৰ্মসংস্থাপনৰ বাট প্রশস্ত কৰিব পৰা শিক্ষা প্রদানত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ছাত্রীসকলে ভৱিষ্যতে সামাজিক সম্মান লাভ কৰিবলৈ হ’লে তেওঁলোকক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব। উচ্চ শিক্ষা লাভ কৰাৰ পিছত যদি ছাত্রীসকলে কর্মসংস্থাপনৰ সুবিধা লাভ কৰিব নোৱাৰে তেনেহ’লে সমাজত কন্যা সন্তানক লৈ সৃষ্টি হোৱা উৎসাহ-উদ্দীপনা এটা সময়ত নিস্তেজ হৈ পৰিব। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ মূল বিষয়সমূহৰ লগতে আজিৰ যুগৰ প্ৰাসংগিক শিক্ষা ব্যৱস্থাৰেও কন্যা সন্তানক সবলীকৰণ কৰাত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে এতিয়া ভাৰতবৰ্ষ বিশ্বৰ চতুর্থ অর্থনৈতিক শক্তিৰূপে উদ্ভাসিত হৈছে। দেশৰ অৰ্থনীতি সবল হোৱাৰ সমান্তৰালভাৱে নির্মাণখণ্ডলৈ অভূতপূর্ব পৰিৱৰ্তন আহি পৰিছে। এইবোৰে কৰ্মসংস্থাপনৰ ক্ষেত্ৰখন বহল কৰি তুলিছে। এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শর্মাই টীয়ক-কলীয়াপানীস্থিত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নতুন চৌহদৰ লগতে মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, খনিকৰ চাহ বাগিচা আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গাভৰু চাহ বাগিচা আদর্শ বিদ্যালয়ৰ নতুন ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্রায় ১৭.২৬ কোটি টকা ব্যয়েৰে যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নতুন চৌহদ নিৰ্মাণ কৰা হৈছে। আনহাতে সর্বমুঠ ৯ কোটি টকা ব্যয়েৰে ৰাজ্যৰ চাহ বাগান অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে বিদ্যালয় ৩খনৰ নতুন ভৱন ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে। আনহাতে, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মন্তব্য কৰে, “আমি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰাৰ পাছত আজি অসমৰ এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰিছোঁ । ২০১৩ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল যদিও যোৱা ১০ বছৰ ধৰি বিশ্ববিদ্যালয়খন যথেষ্ট অৱহেলিত আৰু অনাদৃত হৈ আছিল । যোৱা ৫টা বছৰ ধৰি এই বিশ্ববিদ্যালয়খনৰ নতুন ভৱন নিৰ্মাণৰ কাম চলি অৱশেষত আজি অসম মহিলা বিশ্ববিদ্যালয়ে পূৰ্ণাংগ ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল ।” এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুর্মী, ভবেন্দ্ৰ নাথ ভৰালী, প্রদীপ হাজৰিকা, ঠেঙাল কছাৰী স্বায়ত্তশাসিতপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী, অধ্যক্ষ প্রতাপ কছাৰী, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনুপূজাৰী, অসম নগৰপানী যোগান আৰুপয়-প্ৰণালী পৰিষদৰ অধ্যক্ষ ৰাণা গোস্বামীৰ উপৰি অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, জিলা আয়ুক্ত জয় শিৱানীকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।