ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰাৰ ইংগিত গৌৰৱৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত চৰম অনিশ্চয়তাৰ মাজত সোমাই পৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা তথা বিৰোধী ঐক্য। আনকি প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰাৰ ইংগিত দিয়ে। প্রধানতঃ কংগ্ৰেছৰ দুই বিধায়ক শ্বেৰমান আলী আহমেদ আৰু আব্দুৰ ৰছিদ মণ্ডলৰ ৰাইজৰ দলত যোগদানক লৈ ক্ষুব্ধ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে মিত্রতা হোৱাটো ভাল। কিন্তু ক’বলৈ গ’লে আগতে মই যিমান প’জিটিভ আছিলোঁ, আজিৰ তাৰিখত শক্তিটো ক’ৰবাত নহয় ক’ৰবাত কমিছে। তথাপি মই সতীর্থ, জ্যেষ্ঠ নেতা, কর্মী আৰু কেন্দ্রীয় নেতৃত্বক বুজাবলৈ চেষ্টা কৰিম- কিয় আমি সকলোৱে এক হোৱাটো ভাল হ’ব। যিহেতু এতিয়ালৈকে মিত্রতা সম্পন্ন হোৱা নাই, সেয়েহে আগতে যিমান প’জিটিভ হৈ আছিলোঁ বর্তমান কিন্তু মোৰ মনটো পূৰ্বৰ দৰে নহয়। ৰাইজৰ দলৰ সভাপতি তথা বিধায়কক তেওঁ কটাক্ষও কৰে। অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কথাবোৰ কৈ থাকে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয় যে আমাৰ তেনে অভ্যাস নাই। সেয়া আমাৰ পৰম্পৰা নহয়। আমি কথাবোৰ আনুষ্ঠানিকভাৱে আলোচনা কৰি গোপনীয়তা বাহাল ৰাখি ভাষ্য আগবঢ়াম। এতিয়াও মই কোনকেইটা দলৰ সৈতে আলোচনা সম্পন্ন হ’ল, সেই কথাই কোৱা নাই। সেয়া আমাৰ দলৰ পৰম্পৰা। তেনেকৈ কথা কৈ থকা আমাৰ অভ্যাস নাই। কংগ্ৰেছৰ দুই বিধায়কে ৰাইজৰ দলত যোগদান কৰা সন্দৰ্ভত ক্ষুব্ধ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈৰ ভাষ্য আছিল এনেধৰণৰ- তেওঁ (অখিল গগৈ) এনে এজন বিধায়কক ল’লে যিজনক কংগ্রেছে নিলম্বিত কৰিছে। সংবাদ মাধ্যমৰ বাতৰি মতে তেওঁ বিধায়কজনক টিকট দিছে। আন এজন বিধায়কক লৈ আমাৰ দলত চর্চা চলি থকাৰ লগতে অভিযোগ আছিল। সেইজন বিধায়ককো ইতিমধ্যে ৰাইজৰ দলত লৈ প্রার্থী হিচাপে থিয় কৰাব খুজিছে। এনে এটা পৰিৱেশ-পৰিস্থিতি আমি বহু দিনৰ পৰা চাই আছোঁ। আমাৰ দলত কিছুমান কথা চর্চা হৈ আছে। তাৰ এটা ইংগিত দিলোঁ। অৱশ্যে নিজে মিত্ৰতাৰ পক্ষত থকাৰ লগতে ৰাইজৰ দলৰ সৈতে আলোচনা চলি থকা বুলি জানিবলৈ দি প্রদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে কংগ্ৰেছত কিছুমান দলৰ সৈতে আলোচনা প্রায় সম্পন্ন হোৱাৰ কথা অখিল গগৈয়ে ঠিকেই কৈছে। কেৱল আনুষ্ঠানিকভাৱে ৰাইজক জনাবলৈ বাকী আছে। বিভিন্ন দলৰ লগত আলোচনা সম্পন্ন হ’ল যদিও ৰাইজৰ দলৰ লগত আলোচনা এতিয়াও আধৰুৱা হৈ আছে। দিল্লীত উপস্থিত থকাৰ সময়ত কেন্দ্রীয় নেতৃত্বই মিত্রতা সন্দৰ্ভত আমাৰ পৰা কিছু তথ্য বিচাৰিছিল। পৰৱৰ্তী দিনত কেন্দ্রীয় নেতৃত্বই মাৰ্গদৰ্শন আৰু পৰামৰ্শ দিব। য’ত য’ত আমাৰ আলোচনা সম্পন্ন হ’ল, সেই প্রতিবেদন আমি কেন্দ্রীয় নেতৃত্বক দিম। সেইদৰে ৰাইজৰ দলৰ সৈতে আলোচনা আধৰুৱা হৈ থকাৰ বিষয়েও আমি কেন্দ্রীয় নেতৃত্বক অৱগত কৰিছোঁ।
