কেৱল মিঞা সমষ্টিক লৈহে কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত কাজিয়াঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে একত্ৰিত হোৱা কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যক লৈ আজি পুনৰ কটাক্ষ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° শর্মাই কয়- লখিমপুৰ-ধেমাজি-চিচিবৰগাঁৱৰ বাবে বিৰোধীৰ মাজত আসন বুজাবুজিক লৈ কাজিয়া হোৱা নাই, ধিং-লাহৰীঘাট-দলগাঁও-জনিয়া এই সমষ্টিকেইটাক লৈহে কাজিয়া হৈছে। দিনে-ৰাতিয়ে কংগ্ৰেছকে ধৰি বিৰোধী দলকেইটাই কেৱল এটাই দাবী কৰি আছে যে আমাক মিঞাৰ সমষ্টি লাগে। ইয়াৰ পূৰ্বে ইমান নির্লজ্জভাৱে মিঞাৰ ছীটৰ বাবে কাজিয়া কৰা ৰাজনৈতিক দল অসমত নাছিল। মুখ্যমন্ত্ৰী ড° শর্মাই সাংবাদিকৰ আগত কংগ্রেছক তীব্র সমালোচনা কৰি কয়- অসমৰ ইতিহাসত মিঞা সমষ্টিক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত লজ্জাজনক কাজিয়া হৈছে। কংগ্রেছে হিন্দুমূলৰ ভোট লাভ নকৰে বুলি তাচ্ছিল্য কৰি মুখ্যমন্ত্রীয়ে কয়- কংগ্ৰেছে সেইবাবে মিঞা সমষ্টিবোৰক লৈ টনা-আঁজুৰা কৰি আছে। আমি যেতিয়া কংগ্রেছত আছিলোঁ যোৰহাট-ডিব্ৰুগড়ৰ কথা কওঁ, জনিয়া-বাঘবৰৰ কথা আমি নকওঁ। প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দল আৰু ৰাইজৰ দলে খোলাখুলিভাবে কাজিয়া কৰি আছে মিঞাৰ ছীটৰ বাবে। মই ভাল পালোঁহেঁতেন যে গুৱাহাটীৰ আসনৰ বাবে, শিৱসাগৰৰ আসনৰ বাবে, ডিব্ৰুগড়ৰ আসনৰ বাবে, ধেমাজি আসনৰ বাবে কাজিয়া লাগিছে। ইয়াৰ দ্বাৰাই স্পষ্ট হয় এই দলসমূহ দৰাচলতে কাৰ বাবে থিয় হৈছে। তেওঁলোকে কোনটো সমষ্টিত খেলিব বিচাৰে আৰু কাৰ কাৰণে কাম কৰিব বিচাৰে। বিৰোধী আজি স্পষ্টকৈ প্রকাশ হৈ গৈছে। এই কাজিয়া হোৱা বাবে মই ভাল পাইছোঁ যদি এই কাজিয়া নহ’ল হয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কাজিয়া হ’ল হয়। বিৰোধীয়ে এতিয়া মূল নিৱাসীৰ ভোট আৰু নাপায়। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে যিসমূহ সংখ্যালঘু অধ্যুষিত সমষ্টি তাত কংগ্ৰেছৰ এটা ভাল সংগঠন আছে। তাক অস্বীকাৰ কৰি লাভ নাই। এইবাৰ নিৰ্বাচনত কংগ্ৰেছ জয় হোৱাৰ ১০০ শতাংশ সম্ভাৱনা এই সমষ্টিসমূহত আছে। যদি এই আসনকেইখনো কংগ্ৰেছে ৰাইজৰ দল অথবা জাতীয় পৰিষদক এৰি দিয়ে অহাবাৰ বিৰোধী দলৰ নেতাৰ আসনখনো কংগ্ৰেছৰ লগত নাথাকিব। কাৰণ, বিৰোধী দলপতি হ’বলৈ ২২খন আসনৰ প্ৰয়োজন। যদি ৰাইজৰ দলক ৫টা, অসম জাতীয় পৰিষদক ১টা এৰি দিয়াৰ লগতে এআইইউডিএফ যদি ৩-৪খন আসনত জয় হয় তেন্তে কংগ্রেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসন তেওঁলোকে নাপাব। নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কংগ্ৰেছ দলৰ বহুত ব্যক্তি বিজেপিলৈ আহিব আৰু কংগ্ৰেছৰ হিন্দু নেতাখিনি বিজেপিলৈ আহিলে আমি বেয়া নাপাওঁ, আমি ভালেই পাওঁ। কিন্তু প্রার্থিত্ব দিব পৰা পৰ্যায় নাথাকে।
