লৃগাং নামিছে – বিজুলতা পায়েং

Pc- অসমীয়া ৱিকিপিডিয়া-Wikipedia

লৃগাং নামিছে

বিজুলতা পায়েং, গোগামুখ 

মোৰ পদুলিত লৃগাং নামিছে
মদাৰ,পলাশ, শিমলুৰ  ৰাঙলীত
ৰঙীন হৈছে।
এতিয়া মোৰ পদুলিত
আপং ,পুৰাঙৰ গোন্ধত
লৃগাঙে হাঁহিছে।
গুমৰাগৰ তালে তালে
কনেঙৰ নাচোনত
 বসুন্ধৰা জাগি উঠিছে।
মোৰ পদলিত লৃগাঙৰ বাঁ লাগি
 মলয়া বতাহজাকত
ফাগুনৰ গোন্ধ ।
মোৰ পদুলিত লৃগাং নামিছে
ধান,মাহ,আলু,কচুৱে
সজাল ধৰিব।
মোৰ পদুলিত
অংকুৰিত হ’ব ন-কুহিপাতৰ
সেউজী ধৰণী স-গৰ্ভা হৈ নাচি উঠিব।
মোৰ পদুলিত লৃগাং নামিছে
 ধূলিময় বাটত উন্মনা হৈ
সৰাপাতৰ বিৰিখে বিৰিখে
সেউজী সপোন নামিছে।
এতিয়া মোৰ পদুলিত
লৃগাং নামিছে ।।