“ফাগুনে মাতিছিল আজি” – মুন শৰ্মা

“ফাগুনে মাতিছিল আজি”

মুন শৰ্মা, লখিমপুৰ

ফাগুনে মাতিছিল আজি…
ইচ্ছা নাছিল তথাপি প্ৰত্যাখ্যান কৰা নাছিলোঁ,
ফাগুন মোৰ প্ৰিয়, ফাগুন মোৰ ভালপোৱা অন্য নাম।
প্ৰত্যাশাৰে অপেক্ষাত আছিল
বিয়াকুল প্ৰেমিক অহা বাটলৈ বুলি নয়ন নমাই।
আৰু মই…..
শান্ত নৈ খনৰ পাৰতে, নিজন দুপৰীয়াত বিজন বননিলৈ
এখোজ দুখোজ কৈ লক্ষ্য তাৰ সানিধ্যৰ।
মিলন দুয়োৰ কিছু আলাপ সাক্ষী সমস্ত প্ৰকৃতি।
কৈছিল,মই নিসংগ আৰু নিসংগতাৰ এমুঠি কাৰণ,
ভালপোৱা ৰং বোৰ শেষত দেখোন বদনাম,
দুষ্ট, বলিয়া, নিষ্ঠুৰ, বিষাদ অসংখ্য।
বহুপৰ নীৰৱ মই , এটি নীৰৱ শ্ৰোতা,
কথাবোৰ চিনাকি প্ৰভেদ মাত্ৰ কাহিনীৰ পটভূমি।
কৈছিলো, মই আজি তোৰ দৰেই সংগহীন,
নিস্বাৰ্থ ভালপোৱাৰ প্ৰচণ্ড প্ৰয়াস,
কিন্তু বাৰে বাৰে মই হেনো স্বাৰ্থপৰ,
বলিয়া হৃদয়ৰ, মন ভাবনাৰ তাই ফাগুনী,
মৰম প্রতিদানত বাৰে বাৰে বিপৰীত্য।
দুখ বোৰ সামৰি থ, একেই দুয়ো, ভাগ্যৰ পৰিহাস,
কাৰোবাৰ ক্ষণিক সময়ৰ ভাল লগা হ’বলৈ
তোৰ মোৰ আগমন চাগে ধুনীয়া ধৰণীত।