আশাৰ বৰষুণজাক – বিজুলতা পায়েং

Pc Shutterstock

অণুগল্প

আশাৰ বৰষুণজাক

বিজুলতা পায়েং,গোগামুখ

দোবালপিটা বৰষুণজাক পাই বাপুৰামে  ৰাতিপুৱাৰ পৰা ৰ’দ-বৰষুণ নেওচি দিন-দূপৰীয়ালৈকে হাল বোৱাত লাগিল। আশাৰ বৰষুণজাকত কঠিয়াখিনি পাৰিব পাৰি বাপুৰামৰ পেটৰ  ভোকো আনন্দত আঁতৰিল ।

বহু অপেক্ষাৰ অন্তত খৰাং হৈ থকা মৰমৰ পথাৰখনত এজাক বৰষুণৰ আগমনে বাপুৰামৰ জীৱনলৈ সেউজী আশাৰ বতৰা কঢ়িয়াই আনিলে ।