মই এগৰাকী ক্ৰছ সন্তানে কৈছোঁ – হেৰম্ব নাথ

Pc FreeDesignFile

মই এগৰাকী ক্ৰছ সন্তানে কৈছোঁ

হেৰম্ব নাথ

মোৰ পিতৃ উচ্চ বৰ্ণ-গোত্ৰৰ
আৰু মাতৃ নিম্ন বৰ্ণ-গোত্ৰৰ
তাৰ বাবে
যদি মই ক্ৰছ সন্তান হিচাবে পৰিচিত
যদি মোৰ কোনো জাতি নাই
কোনো কথা নাই
মোৰ ভুল ক’ত?!
কোনে দেখুৱাই দিব—
সাহস আছেনে কাৰোবাৰ
ক্ৰছ সন্তানৰ তেজৰ ৰঙৰ
কিবা ব্যতিক্ৰম থাকে বুলি
আচলতে, মানুহৰ মনবোৰ কলুষ আৰু ঠেক;
প্ৰেমৰ ৰসায়ন নাজানে
যদি মই অৱহেলিত কোনোবা
শিক্ষিত প্ৰেমিকৰ মনত
কোনোবা উচ্চ বৰ্ণৰ প্ৰবক্তাৰ দুৱাৰ দলিত যদি প্ৰাচীৰেই আছে
তেন্তে মই ঈশ্বৰক প্ৰশ্ন কৰিম—
মোৰ ভুল ক’ত ঈশ্বৰ?
কৰ্ণৰ কিবা ভুল আছিল জানো
কিন্তু কৰ্ণই নিজৰ পুৰুষত্বক
কৃচ্ছ্ৰসাধনাৰে উজলাই তুলিছিল
আজি ময়ো চেলেঞ্জ কৰিছোঁ
মোৰ ৰূপ-যৌৱনক
মেকুৰীয়ে পোৰা মাছক টানি-আঁজুৰি
ভক্ষণ কৰিবলৈ অহা অহংকাৰী জ্যাত্যাভিমানিক।
মই বিয়া হ’ম: সেইজনৰ লগত
যাৰ আত্মা পৱিত্ৰ-নিৰ্লোভ
সেইজনে মোক কদাপি নকয়
ক্ৰছ সন্তান বুলি
সি নিবিচাৰে কদাপি
মই উচ্চ বৰ্ণ-গোত্ৰৰ হয়নে নহয়।