ফাগুনৰ আগমন – ৰাখী মণি কলিতা

Pc ThaiORC.com

ফাগুনৰ আগমন

ৰাখী মণি কলিতা, হাজৰিকাপাৰা , দৰং 

শীতৰ বিদায় বেলাত
নৱ জীৱনৰ খবৰ লৈ
আহে ফাগুন,
প্ৰকৃতিৰ বুকুত
ৰঙৰ আলেখ লিখি যায়।
শুকান পাতৰ মাজে মাজে
কুঁহিপাতৰ হাঁহি,
পলাশ-শিমলুৰ আভা
মৃদু বতাহত ভাঁহি আহে
প্ৰেমৰ অচিন চিনাকি গোন্ধ।
মনবোৰো যেন হালধীয়া হয়,
সূৰ্যৰ উষ্ণ আহ্বানত।
ফাগুন মাথোঁ ঋতু নহয়,
ই এক অনুভৱ ।
পুৰণি বেদনাক পাহৰি পেলাই
নতুন আশা বুকুত সজোৱা।
জীৱনো যেন ফাগুনৰ দৰে
   এক নীৰৱ সাহস।