বিদ্যালয় পৰ্যায়ৰ পৰা ইউ পি এছ চি পৰীক্ষাৰ প্ৰস্তুতিত অভিভাৱকৰ ভূমিকা
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
২০০৫ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৰিয়াৰৰ বিভিন্ন দিশ সম্পৰ্কে প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শ দি আহিছোঁ। এই দীঘলীয়া যাত্ৰাত ২০০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক কৰ্মশালা আৰু আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ সৈতে মুখামুখিকৈ কেৰিয়াৰ সম্পৰ্কীয় বহু গুৰুত্বপূর্ণ বিষয় আলোচনা কৰাৰ সুযোগ লাভ কৰিছোঁ। তাৰোপৰি, ১৫০খনতকৈ অধিক কেৰিয়াৰ বিষয়ক ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও, শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৰূপালী, সোণালী, হীৰক জয়ন্তী আদি উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ, বাৰ্ষিক মুখপত্ৰ, আলোচনী তথা বাতৰিকাকতসমূহলৈ নিয়মিতভাৱে কেৰিয়াৰ বিষয়ক লেখা প্ৰেৰণ কৰোঁ আৰু সেইবোৰ প্ৰকাশ হয়। এইদৰে লেখা প্ৰেৰণ কৰাৰ মূল উদ্দেশ্য হ’ল—ৰাজ্যখনৰ গাঁও-ভূঞে তথা চহৰ-নগৰত বসবাস কৰা শিক্ষাৰ্থীসকলৰ মাজত যাতে অলপ হ’লেও কেৰিয়াৰ সচেতনতা বৃদ্ধি পায় আৰু তেওঁলোক উপকৃত হয়। এই কেৰিয়াৰ পৰামৰ্শ যাত্ৰাত শিক্ষাৰ্থী আৰু অভিভাৱকসকলে সঘনাই সোধা এটা গুৰুত্বপূর্ণ প্ৰশ্ন হৈছে — বিদ্যালয় পৰ্যায়ৰ পৰাই কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি )ৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰি নে? এই প্ৰশ্নটোৰ উত্তৰ আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন প্ৰাসংগিক দিশসমূহ আলোকপাত কৰি ‘আইনা জীৱন’ আলোচনীৰ ফেব্ৰুৱাৰী, ২০২৬ সংখ্যাত “বিদ্যালয় পৰ্যায়ৰ পৰা ইউ পি এছ চি পৰীক্ষাৰ প্ৰস্তুতিত অভিভাৱকৰ ভূমিকা”শীৰ্ষক এটা লেখা প্ৰকাশ হৈছে। আগ্ৰহী শিক্ষাৰ্থী আৰু অভিভাৱকসকলে উক্ত লেখাটো পঢ়িব পাৰে।
