এ আই ইমপেক্ট ছামিটত বিশ্বই দেখা পালে ভাৰতৰ ক্ষমতাঃ প্ৰধানমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আকাশবাণীৰ নিয়মীয়া অনুষ্ঠান ‘মন কি বাত’ত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট’ক প্রশংসা কৰে। তেওঁ কয় যে ইয়াত বিশ্বই ভাৰতৰ অভূতপূর্ব ক্ষমতাক প্রত্যক্ষ কৰিলে। প্রধানমন্ত্রীয়ে ১৩১সংখ্যক ‘মন কি বাত’ত তিনিটা বিষয় ক্রমে প্রযুক্তি, অংগ দান আৰু ছাইবাৰ অপৰাধ সন্দৰ্ভত মনৰ কথা কোৱাৰ লগতে তেওঁ হোলী আৰু ৰমজান উপলক্ষে দেশবাসীক শুভেচ্ছা জনায়। প্রধানমন্ত্রীয়ে কয় যে যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হয় এ আই আন্তঃৰাষ্ট্ৰীয় সম্মিলন। তাতেই মানৱকেন্দ্রিক কৃত্রিম বুদ্ধিমত্তাক লৈ ভাৰতৰ ‘মানৱ ভিজন’ৰ সৈতে পৰিচয় কৰায় প্রধানমন্ত্রী মোদীয়ে। এ আই সন্মিলনত সমগ্ৰ বিশ্বই ভাৰতৰ ক্ষমতা দেখিবলৈ পালে। প্ৰযুক্তিৰ সহায়ত ভাৰতে কিদৰে প্ৰাচীন জ্ঞান সংৰক্ষণ কৰিছে, তাক দেখি সন্মিলনত উপস্থিত বিশ্ব নেতাসকল বিস্মিত হৈ পৰিছে। প্রধানমন্ত্রীয়ে কয়, ‘বিশ্বৰ বহু নেতাই এই সন্মিলনত যোগ দিয়ে। দুটা বিষয় প্রত্যক্ষ কৰি তেওঁলোক মুগ্ধ হৈছে। প্ৰথমটো আমূলৰ বুথত প্রদর্শিত হৈছিল। ইয়াত ব্যাখ্যা কৰা হৈছে যে কিদৰে এ আয়ে পশু চিকিৎসাত সহায় কৰিছে আৰু কৃষকসকলে কিদৰে এ আইৰ পৰা সহায় লাভ কৰিছে।’ তেওঁ আৰু কয়, ‘দ্বিতীয় বিষয়টো ভাৰতীয় সংস্কৃতিৰ সৈতে সম্পর্কিত। প্রাচীন গ্রন্থ, পুথি আৰু পাণ্ডুলিপি সংৰক্ষণৰ ক্ষেত্ৰত কিদৰে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা হৈছে তাক দেখি আন্তঃৰাষ্ট্ৰীয় নেতাসকল বিস্মিত।’ মোদীৰ ভাষাত ‘এই সন্মিলনত ভাৰতে তিনিটা দেশীয় প্রযুক্তিত তৈয়াৰী এ আই মডেল পোহৰলৈ আনে। ভাৰতত অনুষ্ঠিত এই সম্মিলনখন আছিল অত্যন্ত তাৎপর্যপূর্ণ।’ উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰী পর্যন্ত দিল্লীত কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিত আয়োজিত এই সম্মিলনখনত অংশগ্ৰহণ কৰে বিশ্বৰ ৬৫খন দেশৰ প্রতিনিধিসকলে। তাতেই মানৱকেন্দ্রিক বুদ্ধিমত্তাক লৈ ভাৰতৰ ‘মানৱ ভিজন’ৰ সৈতে পৰিচয় কৰায় প্ৰধানমন্ত্ৰীয়ে। এই কাঠামোৰ মূল ভিত্তি হ’ল নৈতিক আৰু নীতিগত ব্যৱস্থা, দায়বদ্ধতা, ৰাষ্ট্ৰীয় সার্বভৌমত্ব, কৃত্রিম বুদ্ধিমত্তাৰ উন্মুক্তকৰণ আৰু বৈধতা। তেওঁ জনায় যে এ আই প্রযুক্তিক কোনো ৰাষ্ট্ৰ, সংস্থা বা গোষ্ঠীৰ দ্বাৰা কুক্ষিগত কৰি ৰাখিলে নহ’ব। মানৱ জাতিৰ উন্নতিৰ স্বাৰ্থত এই প্রযুক্তিক উন্মুক্ত কৰিব লাগিব। মোদীৰ বার্তা যে যিকোনো প্রযুক্তিয়েই মানুহ আৰু সমাজৰ কল্যাণৰ বাবে তৈয়াৰ কৰা হয়। কৃত্রিম বুদ্ধিমত্তা মানৱকেন্দ্রিক হ’ব লাগিব। যদি সেয়া মানৱকেন্দ্রিক নহয়, তেন্তে তাৰ কোনো সাৰমৰ্ম নাথাকে।
