সুন্দৰী – ইভা গন্ধীয়া ফুকন 

Pc Pinterest

অণুগল্প

সুন্দৰী

ইভা গন্ধীয়া ফুকন 

অমায়িক স্বভাৱৰ চানভিকাৰ কলেজীয়া জীৱনৰ এইবাৰ প্ৰথম সৰস্বতী পূজা। সৰস্বতী পূজা বুলি লগৰ কেইগৰাকীয়ে নতুন মেখেলা চাদৰ, শাৰী আদি কিনা দেখি তাইৰো নতুন এযোৰ কিনিবলৈ মন গৈছে যদিও দিন হাজিৰা কৰি পৰিয়ালটি পোহপাল দিয়া দেউতাকৰ কথা চিন্তা কৰি মনৰ আশা মনতে ৰাখি মাকৰ জোৰোণৰ কাপোৰ যোৰকে অলপ আধুনিক ষ্টাইলত পিন্ধি কলেজৰ সৰস্বতী পূজালৈ গ’ল।

সৰস্বতী পূজাৰ দিনা কলেজে কলেজে সুন্দৰী বিচাৰি ফুৰা নিউজ চেনেলৰ সুন্দৰী প্ৰতিযোগিতাত চানভিকা বিজয়ী হ’ল।