৬২,২৯৪.৭৮ কোটি টকাৰ লেখানুদান দাখিল বিত্ত মন্ত্ৰী অজন্তা নেওগৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মঙলবাৰে বিধানসভাত দাখিল কৰিলে চৰকাৰখনৰ কাৰ্যকালৰ অন্তিমখন বাজেট (লেখানুদান)। এইখন অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ ব্যয়ৰ লেখানুদান ।সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিন । মঙলবাৰে পূৰ্ণাংগ বাজেটৰ সলনি সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে চাৰিমাহৰ বাবে উত্থাপন কৰে ২০২৬-২৭ বৰ্ষৰ লেখানুদান । বিত্তমন্ত্রী অজন্তা নেওগে সদনত ৬২,২৯৪.৭৮ কোটি টকা অনুদানৰ দাবীৰ ওপৰত দাখিল কৰে লেখানুদান। ২০২৬-২৭ বৰ্ষৰ প্ৰাৰম্ভিক ৪ মাহৰ বাবে দাখিল কৰা এই লেখানুদানৰ জৰিয়তে আগন্তুক সময়ছোৱাত ৰাজ্যৰ অৰ্থনৈতিক অগ্ৰগতিৰ ভেটি সুদৃঢ় কৰাৰ লক্ষ্য বান্ধি ল’লে ৰাজ্য চৰকাৰখনে। সদনত লেখানুদান দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগৰ ঘোষণা- বিশ্ব অর্থনীতি প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্রকাশ কৰিছে। ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া মূল্যায়ন অনুসৰি, অসম ভাৰতৰ ভিতৰতে দ্রুততম বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে। স্থিৰ মূল্যৰ হিচাপত ৰাজ্যখনত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৪৫ শতাংশ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড় ২৯ শতাংশৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। উল্লেখ্য যে অসমৰ অৰ্থনৈতিক এই বিকাশৰ ফলশ্ৰুতিত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৮,৭১,৪৫১ কোটি টকা হ’ব। আজি এই কথা বাজেট ভাষণত উল্লেখ কৰি বিত্তমন্ত্রী অজন্তা নেওগে কয়- বৰ্তমানৰ মূল্য অনুসৰি আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জিএছডিপি) ২০২১-২২ বিত্তীয় বর্ষত ৪,১০,৭২৪ কোটি টকাৰ পৰা ১৭ শতাংশতকৈ অধিক উৎসাহজনক বৃদ্ধিৰ প্ৰতিফলন কৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত ৭,৪৫,২৯৩ কোটি টকালৈ বৃদ্ধি হ’ব। এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি ২০২৮ চনৰ ভিতৰত অসম ১০ লাখ কোটি টকাৰ (এক মিলিয়ন কোটি) অর্থনীতিলৈ ৰূপান্তৰিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে। এই অৰ্থনৈতিক সম্প্ৰসাৰণে ৰাজ্যৰ জনসাধাৰণৰ বাবেও অধিক আয়ৰ বাট মুকলি কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়- অসমৰ জনমূৰি আয় বৰ্তমানৰ মূল্যত দুগুণতকৈও অধিক বৃদ্ধি পাই ২০২০-২১ বিত্তীয় বৰ্ষৰ ৮৬,৯৪৭ কোটি টকাৰ পৰা ২০২৫-২৬ বিত্তীয় বর্ষত ১,৮৫,৪২৯ কোটি টকা হৈছেগৈ। যিয়ে অসমৰ জনমূৰি আয় ১১৩ শতাংশ বৃদ্ধিৰ প্ৰতিফলিত কৰিছে। উল্লেখ্য যে কৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্যখনে বিগত ৫ বছৰত বিশেষ সাফল্য দেখুৱাবলৈ সক্ষম হৈছে। এই দিশটো উল্লেখ কৰি আজি বাজেট ভাষণত বিত্তমন্ত্রী অজন্তা নেওগে উল্লেখ কৰে যে ৰাজ্যৰ নিজা কৰ সংগ্ৰহ যোৱা ৫ বছৰত গড়ে ১৩ শতাংশতকৈও অধিক হাৰত বৃদ্ধি পাইছে। সামগ্রিকভারে ২০২০-২১ বিত্তীয় বৰ্ষৰ ১৭,১৩৪ কোটি টকাৰ পৰা ২০২৪-২৫ বিত্তীয় বর্ষলৈ ৭৫ শতাংশ বৃদ্ধিৰে নিজা কৰ ৰাজহ সংগ্ৰহ ৩০,০৫২ কোটি টকা হৈছেগৈ। বাজেট ভাষণত ৰাজ্যৰ শক্তিশালী ৰাজহ আহৰণ আৰু উন্নত বিত্তীয় ব্যৱস্থাপনাৰ প্ৰসংগ উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়- উন্নত বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে ৰাজহুৱা ব্যয়ৰ পৰিসৰ আৰু ফলপ্রসূ যথেষ্ট সম্প্ৰসাৰিত কৰা হৈছে। ৰাজ্যৰ বাজেটৰ আকাৰ ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ৭২,৫৭৩ কোটি টকাৰ পৰা দুগুণতকৈ অধিক বৃদ্ধি পাই ২০২৫-২৬ বিত্তীয় বর্ষত ১,৫৫,৯৮৫ কোটি টকা (প্রাক্কলিত) হৈছে। যিটো সংশোধিত প্রাক্কলনত ২ লাখ কোটি টকা স্পৰ্শ কৰিব। মূলধনী ব্যয়ৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ কথা উল্লেখ কৰি আজি সদনত বাজেট ভাষণত অজন্তা নেওগে কয়-যোৱা ৫ বছৰৰ ভিতৰত ২৫,০০০ কোটি টকাৰো অধিক ধন লাভ কৰি ৰাজ্যসমূহৰ বাবে থকা মূলধনী বিনিয়োগৰ বিশেষ সাহায্য আঁচনিৰ প্ৰধান হিতাধিকাৰীসমূহৰ মাজত অসম অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছে। মূলধনী ব্যয় বৃদ্ধি পাইছে যদিও ৰাজ্যখনে লোৱা ঋণ বিচক্ষণতাৰে পৰিচালনা কৰা হৈছে। ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা অসমে মুঠ ১,০৪,৮৯৬ কোটি টকা মূলধনী ব্যয় সম্পন্ন কৰিছে। ৰাজ্যখনৰ ব্যয় বৃদ্ধিৰ বিপৰীতে ৰাজ্যখনে সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। যাৰ বাবে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত সমূহীয়া সম্পদ ৩৫,০০০ কোটি টকাতকৈ অধিক হৈছে। নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰ মূল্য এতিয় ৫,১০০ কোটি টকা অতিক্ৰম কৰিছে। বিত্তমন্ত্রী অজন্তা নেওগে আজি দাখিল কৰা লেখানুদানত সংগৃহীত ৰাজহৰ পৰিমাণ হৈছে ৩৯,৩৭,৬২২.১৩ কোটি টকা। আনহাতে, ধাৰ্য কৰা ৰাজহৰ পৰিমাণ হৈছে ৪,৭৭,৭৫৫.৬৭ কোটি টকা। মুঠ ৰাজহৰ পৰিমাণ হৈছে ৪৪,১৫,৩৭৭.৮০ কোটি টকা। ইয়াৰ বিপৰীতে গৃহীত মূলধনৰ মুঠ পৰিমাণ ১৫,২৪,৩৭৬.৩৬ কোটি টকা আৰু ধাৰ্য কৰা মূলধনৰ পৰিমাণ ২,৮৯,৭২৪.১৪ কোটি টকা। মুঠ মূলধনৰ পৰিমাণ ১৮,১৪,১০০.৫ কোটি টকা। ৰাজহ আৰু মূলধনৰ মুঠ পৰিমাণ ৬২,২৯৪.৭৮ কোটি টকা।
