কিনকিনিয়া বৰষুণজাক – কল্যাণী গগৈ

কিনকিনিয়া বৰষুণজাক

কল্যাণী গগৈ (মুনু)
চিলাপথাৰ, ধেমাজি 

এখন উকা আকাশ
চাৰিওফালে নিঃশব্দ,নিতাল
এক মায়াময় পৃথিৱী।
হঠাতে নীৰৱতা ভাঙি,
ধৰালৈ নামি আহিছিল
এজাক কিনকিনিয়া বৰষুণ
যিয়ে বসুমতীৰ বুকুত সিঁচি দিছিল
এমুঠি প্ৰেমৰ ৰহণ
এজাক প্ৰেমিক চৰায়ো
বহল ডেউকা মেলি,
উৰা মাৰিছিল
সপোনৰ দেশলৈ।
এয়া আকৌ কি হ’ল?
ফৰকাল মোৰ
মনৰ আকাশখন দেখোন
ডাৱৰেৰে চানি ধৰিছে,
দুচকু মোহাৰি হঠাতে
মই জিকাৰ খাই উঠিলোঁ
জীৱনৰ পদপথত এয়া
কিহৰ আচ্ছাদন ?
নিসংগতাৰ আৱৰণ নে ,
নিবনুৱা জীৱনৰ তিক্ততাৰ
এক হিয়া ভৰা ক্ৰন্দন ।
প্ৰেমৰ ৰহণসনা সেই
কিনকিনিয়া বৰষুণজাক যেন
আকৌ নোহোৱা হৈ গ’ল,
নিজতে আত্মহাৰা হৈ থকা
প্ৰেমিক চৰাইজাকো
দূৰ অসীমত হেৰাল।
মাথোঁ ৰৈ গৈছে
আবেলিৰ বেলিৰ
মায়াময় হেঙুলী কিৰণ।।