ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি দলত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি, কংগ্ৰেছৰ নির্বাচনী প্ৰচাৰ কমিটীৰ অধ্যক্ষ ভূপেন বৰাই। অসম প্ৰদেশ কংগ্রেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই এৰিলে কংগ্রেছ দল । সোমবাৰে পুৱা ৮ বজাত অসন্তুষ্টি প্ৰকাশেৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ লিখিলে পদত্যাগ পত্র । পদত্যাগ-পত্ৰ প্ৰেৰণৰ উপৰি বৰাই তেওঁৰ এক্স হেণ্ডেলৰ পৰা কংগ্ৰেছ শব্দটোও আঁতৰাই দিয়ে। পদত্যাগ-পত্রত ভূপেন বৰাই অতি স্পষ্টভাৱে গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত জনসাধাৰণক পতিয়নযোগ্য উত্তৰ দিয়াত ব্যর্থ হোৱাৰ লগতে উজনি অসমৰ দলীয় কাম-কাজত ৰকিবুল হুছেইনক অধিক প্রাধান্য দিয়াত দলটোৰ বৃহৎ ক্ষতি হোৱা বুলি স্পষ্টভাবে উল্লেখ কৰে। এনে পৰিৱেশত কংগ্ৰেছত থাকি বিবেক দংশনৰ সন্মুখীন হোৱাৰ বিষয়ে পদত্যাগ-পত্রত প্রকাশ কৰিছে। হাইকমাণ্ডলৈ পদত্যাগ-পত্ৰ প্ৰেৰণৰ পিছত গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসভৱনত উপস্থিত সাংবাদিকৰ আগত প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰাই কয় যে তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰাটো সঁচা। সোমবাৰে পুৱা ৮ বজাত তেওঁ কেন্দ্রীয় নেতৃবৃন্দলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে। স্বাভিমানৰ প্ৰশ্নতে তেওঁ পদত্যাগ কৰিছে। সম্প্ৰতি অসমত কংগ্ৰেছ দল যি ধৰণে চলিছে, সেই বিষয়ে তেওঁ পদত্যাগ-পত্ৰত উল্লেখ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মাজুলীলৈ যাওঁতে সাংসদ ৰকিবুল হুছেইনক লগত লৈ যোৱাৰ প্ৰসংগও অতি কৌশলেৰে উল্লেখ কৰি বৰাই কয় যে মাজুলীলৈ যাওঁতে লগত কোন যাব লাগে, নালাগে সঠিক সিদ্ধান্ত দলে ল’ব নোৱাৰা হৈছে। এই বিষয়ে মই পদত্যাগ-পত্ৰত কেন্দ্রীয় নেতৃত্বক জনাইছোঁ। বৰ্তমানলৈ বৰাক কোনো দলে যোগদানৰ বাবে প্ৰস্তাৱ দিয়া নাই বুলি সাংবাদিকক জানিবলৈ দি তেওঁ কয় যে কংগ্রেছ ত্যাগ কৰিলেও মই ৰাজনীতি কৰিমেই, ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ কথা নাহে। ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ সিদ্ধান্ত লোৱা নাই। উল্লেখ্য যে প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা আঁতৰাৰ পাছৰে পৰাই দলত একপ্ৰকাৰ এলাগী হৈ পৰিছিল ভূপেন বৰা। বৰ্তমানৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁক বিশেষ গুৰুত্ব নিদিয়া হৈছিল। আনকি ভূপেন বৰাৰ গৃহ জিলা লখিমপুৰত অনুষ্ঠিত দলীয় অনুষ্ঠানসমূহতো তেওঁক গুৰুত্ব দিয়া হোৱা নাছিল। শেহতীয়াকৈ গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত তেওঁ জনসাধাৰণক পতিয়নযোগ্য উত্তৰ দিয়াত ব্যর্থ হোৱাৰ বিষয়টোৱে ভূপেন বৰাক যথেষ্ট ক্ষুব্ধ কৰি তোলে। তেওঁৰ স্বাভিমানত আঘাত কৰে।
