বিধানসভা সচিবালয়ত সংযোজন, ডিজিটেল সংগ্রহালয়, ‘আলিছা’ উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা-মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিধানসভাৰ চৌহদত অসম বিধানসভা সচিবালয় ভৱনৰ লগতে ডিজিটেল সংগ্ৰহালয় আৰু কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত অসম বিধানসভাৰ ডিজিটেল তথ্য প্রদান ব্যৱস্থা ‘আলিছা-এ আই ফৰ লেজিছলেটিভ ইন্টেলিজেন্স ছিষ্টেম অৱ আছাম’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখ্য যে ভূমি মহলাকে ধৰি মুঠ ১৭ মহলীয়া অসম বিধানসভা সচিবালয় ভৱনটো অত্যাধুনিক বিভিন্ন সা-সুবিধাৰে সমৃদ্ধ। প্রায় ৮ হাজাৰ বৰ্গমিটাৰৰ সুবিশাল ভৱনটো ‘ভৱন পৰিচালনা পদ্ধতি’ (বিএমএছ)ৰ দ্বাৰা পৰিচালিত হ’ব, য’ত এটা নির্দিষ্ট স্থানৰ পৰাই বিভিন্ন মহলাৰ বৈদ্যুতিক উপকৰণকে ধৰি বিভিন্ন ব্যৱস্থা নিয়ন্ত্রণ কৰিব পৰা যাব।

আনহাতে, ডিজিটেল সংগ্রহালয়টোত বিভিন্ন বীথিকাৰ জৰিয়তে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন গঢ় দিয়াত অসম বিধানসভাৰ ভূমিকা, অসমৰ গণতান্ত্রিক যাত্ৰাৰ উল্লেখনীয় ঘটনাক্রম, অসমৰ গণতান্ত্রিক, সামাজিক আৰু সাস্কৃতিক ক্ষেত্ৰ গঢ় দিয়াত বিধান সভাৰ বিশিষ্ট নেতাসকলৰ অনন্য ভূমিকা আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছত মুখ্যমন্ত্রী ড° শর্মাই অসম বিধানসভাৰ কেন্দ্ৰীয় সভাকক্ষত অসম বিধানসভাৰ তথ্য ভাণ্ডাৰৰ পৰা বিভিন্ন তথ্য, পৰিসংখ্যা আদি ক্ষিপ্র গতিত বিশ্লেষণ কৰি যোগান ধৰিব পৰা ‘আলিছা-এ আই ফৰ লেজিছলেটিভ ইন্টেলিজেন্স ছিষ্টেম অৱ আছাম’ আনুষ্ঠানিক ভাবে মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তাৰে সমৃদ্ধ এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে তথ্য অন্বেষণকাৰীয়ে অসম বিধানসভাৰ প্রায় ১০০ বছৰীয়া পৰিক্ৰমাৰ প্ৰতিখন আইন, সিদ্ধান্ত আদিকে ধৰি বিশাল তথ্য ভাণ্ডাৰৰ পৰা বিভিন্ন তথ্য অতি ক্ষিপ্র গতিত লাভ কৰিব।

অসমীয়া, বড়ো, হিন্দী আৰু ইংৰাজী ভাষাত তথ্যসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষ্যত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মোমিন, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্রী ৰূপেশে গোৱালা, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পরিত্র মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
