মুখা – বিজুলতা পায়েং

Pc Vecteezy

মুখা

বিজুলতা পায়েং, গোগামুখ

মুখত আছে বহু  সঁচা কথা‌
মুখা পিন্ধি ক’লে লাগে মনত বেথা ।
পৰৰ বাবে যি  সুখ আনে
এই মুখাক তেঁৱেই জানে ।
বিশ্বাসৰ মুখাত থাকে সততাৰ বাট
অতিপাত মৰমে বিন্ধি যায় চাট ।
জীৱনৰ পথবোৰ বৰ একাবেকা
মৰুভূমিৰ দৰে হয় মৰীচিকা ।
মৰমৰ বান্ধোনত থাকে মধুৰতা
মুখা পিন্ধি থাকিলেহে আহে জটিলতা।