ডিব্ৰুগড়ত ‘ৰেডিঅ’ জ্ঞানমালিনী’ৰ প্ৰতিষ্ঠা দিৱসত বৃদ্ধাশ্ৰমত ৰেডিঅ’ছেট বিতৰণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কমিউনিটি ৰেডিঅ’—’ৰেডিঅ’ জ্ঞানমালিনী’ৰ প্ৰতিষ্ঠাৰ আঠ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো উদযাপন কৰিলে এক ব্যতিক্ৰমী প্ৰতিষ্ঠা দিৱস। ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ কলৌলোৱা দেউৰীগাঁৱত ৰাইজৰ আতিথ্যত প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে বৃদ্ধাশ্ৰমত থকা বয়োজ্যেষ্ঠ সকলৰ কাষ চাপি যোৱাৰ এক মানৱীয় সংকল্প অনুসৰি ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ দুখনকৈ বৃদ্ধাশ্ৰমত ৰেডিঅ’ ছেট বিতৰণ কৰা হয়। ১৫ ফেব্ৰুৱাৰীত “পূজাশ্ৰী বৃদ্ধাশ্ৰম”ত ৩৫ গৰাকী বয়োজ্যেষ্ঠলোকৰ মাজত দুটিকৈ ৰেডিঅ’ছেট প্ৰদান কৰে। এই অনুষ্ঠানত ‘ৰেডিঅ’ জ্ঞানমালিনী’ক বিশেষভাৱে সহযোগ কৰে প্ৰতিষ্ঠাপক সঞ্চালক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ নিৰোদ কুমাৰ বৰুৱাই। অনুষ্ঠানটিত উপস্থিত থাকি আৱেগিক হৈ তেওঁ কয় যে আমাৰ সমাজত বয়োজ্যেষ্ঠসকল আছিল অভিজ্ঞতাৰ ভঁৰাল। কিন্তু প্ৰজন্মৰ পৰিবৰ্তনৰ মাজত আমি ক’ৰবাত সেই সংস্কাৰ আৰু মৰমৰ পৰা আঁতৰি আহিছো নেকি—এই প্ৰশ্ন আজি আমাক ভাবিবলৈ বাধ্য কৰিছে। ৰেডিঅ’ উপহাৰ পাই আনন্দিত হোৱা বয়োজ্যেষ্ঠ সকলৰ লগত অন্তৰংগ আলাপ, লঘু আহাৰ বিতৰণৰ মাজতে হাঁহি-চকুপানীৰে ভৰি পৰে পৰিবেশ। বহু আইতা-ককাৰ মুখত শুনা গ’ল ৰেডিঅ’ৰ স’তে জড়িত জীৱনৰ বহু স্মৃতি। ১৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ হাতীমূৰা গাওঁস্থিত ‘আশা বৃদ্ধাশ্ৰম’তো ১২ গৰাকী মহিলা বয়োজ্যেষ্ঠৰ মাজত এটা ৰেডিঅ’ছেট আগবঢ়োৱা হয়। অনুষ্ঠানটোত বিশেষভাৱে সহযোগিতা আগবঢ়ায় ডিব্ৰুগড় জিলা ন্যায়িক প্ৰাধিকৰণৰ সচিব অভিজিত শইকীয়াই। তেওঁ বয়োজ্যেষ্ঠ সকলে কিদৰে বিনামূলীয়া আইনী সাহাৰ্য লাভ কৰিব পাৰে এই সম্পৰ্কে অৱগত কৰাৰ লগতে যিকোনো সময়তে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰেডিঅ’ জ্ঞানমালিনীৰ সঞ্চালক ড০ জিতুৰঞ্জন চেতিয়াই অনুষ্ঠানটিত উপস্থিত ৰাইজক উদ্দেশ্যি জ্ঞানমালিনীৰ বিভিন্ন সেৱাসমূহৰ কথা উল্লেখ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই দুদিনীয়া কাৰ্যসূচীত ৰেডিঅ’ জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞাৰ লগতে সহযোগ কৰে পল্লৱী গগৈ, মনদীপ গগৈ, পৰাশমণি বৰগোহাঁই দিহিঙীয়া আৰু উদ্দীপনা শইকীয়াই। উল্লেখযোগ্য যে ৰেডিঅ’ জ্ঞানমালিনীয়ে ‘চিক্সটি প্লাছঃ জীৱনৰ হেঙুলীয়া অনুভৱ’ শীৰ্ষক বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে; য’ত বয়োজ্যেষ্ঠসকলৰ জীৱন সোঁৱৰণি, অভিজ্ঞতা আৰু অন্তৰৰ কথা সমাজলৈ আগবঢ়োৱা হয়। এই ৰেডিঅ’ ছেটসমূহ এতিয়া তেওঁলোকৰ নিঃসংগ সময়ৰ নতুন সংগী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামাজিক দায়ৱদ্ধতাৰ অংশ হিচাপে ৰেডিঅ’ জ্ঞানমালিনীৰ এই পদক্ষেপক আশ্ৰমৰ কৰ্তৃপক্ষ তথা আৱাসী সকলে আন্তৰিকতাৰে শলাগ লয়।
