আহা আমি মুখা পিন্ধো
বিজুলতা পায়েং, গোগামুখ
আহা আমি মুখা পিন্ধো
বৰ্বৰতাৰে ভৰা
এক সভ্য সমাজৰ ।
আহা আমি মুখা পিন্ধো
মৌনতাৰ কোলাহলত
হাঁহিৰ খলকনি ।
আহা আমি মুখা পিন্ধো
সম্প্ৰীতিৰ এনাজৰীৰ
একতাৰ ডোল।
আহা আমি মুখা পিন্ধো
তিক্ততাৰ মাজত
জ্ঞান জিজ্ঞাসাৰ ।
আহা আমি মুখা পিন্ধো
নৱপ্ৰজন্মৰ মাজত
নৱজাগৰণৰ ।
আহা আমি মুখা পিন্ধো
সততা,নম্ৰতা আৰু
,নৈতিকতাৰ ।
আহা আমি মুখা পিন্ধো
মুখাৰ আঁৰত লুকাই থকা
সঁচা প্ৰতিমাৰ ।
