প্ৰশ্ন – কাজি শ্বাহাদত ইছলামন

Pc Connected Families

প্ৰশ্ন 

কাজি শ্বাহাদত ইছলামন
সোনাই গুৱাহাটী 

“ধেইৎ, ছোৱালীজনীও যে আৰু। ইমান দিনে এদিনো অহাৰ পৰা বিৰত থকা নাছিল… অথচ আজি ইমান সময় হৈ গ’ল তাইৰ খবৰ নাই।” -এতিয়া মই কি যে কৰিম নহয়।” -মজিয়াৰ টাইলছ মচি মচি ৰত্নাই খুব বিৰক্তিৰে ভোৰভোৰাই আছে। ৰাতিপুৱাৰ পৰা ইটোৰ পিছত সিটো কাম কৰি কৰি তাই ভাগৰুৱা হৈ পৰিছে। তাতে আকৌ নাৰ্চজনী অহা নাই। স্বামী অভিকে বাৰে বাৰে নিষেধ কৰা কামটো বাৰু আজি তাই কৰেনো কেনেকৈ ? কি যে হ’ব আজি তাই নাহিলে! উল্টা পুল্টা চিন্তাই তাই যেন পাগল হওঁ হওঁ অৱস্থা।

দুবছৰ আগতে যুগ্ম জীৱনৰ পাতনি মেলা ৰত্না আৰু অভিকৰ সুখৰ সংসাৰ। কিন্তু ঘৰত পেৰেলাইজড হৈ পৰি থকা শশুৰদেউতাকজনৰ বাবেহে কেতিয়াবা মনটোক বিষাদে খামুচি ধৰে। বেচেৰা না কথা ক’ব পাৰে না লৰচৰ কৰিব পাৰে। আচলতে বিয়াৰ দুবছৰত আগতে অভিকৰ পিতৃ-মাতৃ এটা ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। বাছ এখনত গুৱাহাটীলৈ গৈ থকা অৱস্থাত ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হোৱাত বাছৰ অন্যান্য যাত্ৰীৰ দৰে অভিকৰ মাকৰ মৃত্যু হয় আৰু দেউতাক ৰমেন শইকীয়া গুৰুতৰভাৱে আহত হয়। বহু দিন হাস্পতালত থাকিও ঠিক হোৱা নাই। হোৱাত এদিনাখন ৰাতিপুৱা তেওঁৰ সম্পূৰ্ণ শৰীৰ পেৰেলাইজড হৈ যায়। তেতিয়াৰ পৰা অভিকে দেউতাকৰ কাৰণে ব্যক্তিগত নাৰ্চ ৰাখি দিছে যাতে দেউতাকৰ সেৱা শুশ্ৰূষাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নহয়। দুবছৰীয়া বিবাহিত জীৱন অথচ ৰত্নাই আজিলৈকে শশুৰেকক চুই পোৱা নাই। চুই পোৱাতো দূৰৰে কথা আজিলৈকে শহুৰেকক দেখাই পোৱা নাই। কি আচৰিত কথা নহয়নে বাৰু ? কিন্তু তাই নিৰুপায় কাৰণ স্বামী অভিকৰ নিষেধাজ্ঞা উলংঘন কৰে নো কেনেকৈ? হয় , অভিকেই নিষেধ কৰি থৈছে দেউতাকৰ ওচৰলৈ যাবলৈ। “কিয়” , এই শব্দটো এতিয়াও ঘূৰ্ণিবায়ুৰ দৰে মনৰ ভিতৰত পাক খাই আছে। মুখেৰে ওলোৱা নাই কেতিয়াও। কৌতূহলী ভাৱনাত দিন পাৰ কৰা ৰত্না আজি উপায়হীন। মল-মূত্ৰত ডুব যোৱা শহুৰেকে আজি চাগে নাৰ্চজনীৰ অনুপস্থিতিত ডুবিয়েই থাকিব। বয়সীয়াল মানুহ, কেতিয়াবা মনৰ পৰা তেওঁলোকৰ বাবে কিবা অভিশাপ ওলাই আহিলে তাই হয়তো নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিব।

দূপৰীয়াৰ বেলিটোয়ে নিজৰ গতি বৃদ্ধি কৰিবৰে হ’ল অথচ্ নাৰ্চৰ কোনো খবৰ নাই। এফালে স্বামীৰ আদেশ আনফালে কৰ্তব্য। তাইৰ মনত দোমোজাৰ ধুমুহাই আৱৰি ধৰিলে। নাই, লাগিলে তাই স্বামীৰ অবাধ্য হ’ব কিন্তু বুঢ়া মানুহজনক কোনোপধ্যেই কষ্ট নিদিব। আজি শহুৰেকৰ ঠাইত নিজৰ দেউতাক থাকিলে কেনেকৈ তাই তেওঁক এনেদৰে পেলাই থৈ দিলেহেঁতেন?

তাই নাকত মাস্ক আৰু হাতত গ্লোবছ্ পিন্ধি ল’লে। এখোজ দুখোজকৈ নিষিদ্ধ কোঠাটোৰ পিনে আগুৱাই গ’ল। বুকুত প্ৰচণ্ড ধপধপনি , যেন কোনোবাই জোৰে জেৰে হেমাৰ মাৰিছে। মনত হেজাৰ প্ৰশ্নৰ অগাদেৱা। কিয় এজন পুত্ৰই নিজৰ দেউতাকৰ ইমান দূৰৱস্থাৰ সময়তো তাইক আঁতৰাই ৰাখে! তাইৰ প্ৰতি ইমানখিনিও বিশ্বাস নাই নে যে শহুৰেকৰ শুশ্ৰূষাত কোনো ত্ৰুটি নকৰে বুলি নে অইন কিবা ? বহুবাৰ তাই অভিকলৈ জেদ ধৰিছে শহুৰেকক সেৱা-শুশ্ৰষা কৰাৰ সুযোগ দিয়াৰ বাবে। কিন্তু অভিকৰ প্ৰতিবাৰৰ বাধাত তাই আগতকৈ ডাঙৰ প্ৰশ্নৰ আৱৰ্তত সোমাই পৰিছে। হ’লেও তাই কেতিয়াও অভিকৰ অবাধ্য হোৱা নাই। কাৰণ তাইৰ দৰে এজনী ধৰ্ষিতাক জানি-শুনি তেওঁ বুকুত আশ্ৰয় দিছে , সন্মান দিছে , সমাজৰ আগত বুকু ফিন্দাই চলিবলৈ সাহস দিছে।‌ নহ’লেনো তাই আজি এই পৃথিৱীত থাকিব পাৰিলেহেঁতেন নে? সহ্য নহয় তাইৰ সেই দিনবোৰৰ কথা মনত পৰিলে। যৌৱনৰ দেৱাল স্পৰ্শ কৰাৰ আগতেই তাই জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ “কুমাৰীত্ব”ক বিসৰ্জন দিছে। সমাজৰ তিৰস্কাৰ শুনিছে।একাধিকবাৰ আত্মহত্যাৰ প্ৰয়াস কৰিছে।‌ কিন্তু অভিকৰ দৰে এজন সুপুৰুষৰ বাবেহে তাই আজি এইটো পৰ্যায় আহি পাইছেহি।

“দেউতা, অ’ দেউতা” – ভূৱন ভুলোৱা কোমল মাতেৰে তাই দুৱাৰখন লাহেকৈ খুলিবলৈ হাতখন আগবঢ়াই দিলে। তাই জানে যে শহুৰেকে প্ৰতিক্ৰিয়া দিব নোৱাৰিলেও মাত-কথা, চিঞৰ-বাখৰ সকলো সাধাৰণ মানুহৰ দৰেই শুনিব পাৰে আৰু বুজিও পায়। দুৱাৰখন খোলাৰ লগে-লগে তাইৰ নাকলৈ একপ্ৰকাৰৰ উদ্ভট তথা অসহনীয় গোন্ধ ভাহি আহিল। তাইৰ ঠাইত অন্য কোনোবা হ’লে হয়তো বমি কৰিয়েই দিলেহেঁতেন। কোনো দিনে দেখা নোপোৱা মানুহজনক চোৱাৰ উৎকণ্ঠা বুকুত লৈ পৰিৱেশটোক আওকাণ কৰি শহুৰেকৰ ওচৰলৈ গৈ বাওঁফালে তাই বহিল। তেওঁৰ মূৰটো সোঁ কান্ধৰ ফালে কাতি হৈ আছে। শৰীৰৰ ছাল হাঁড়ৰ সৈতে লিপিত খাই পৰা মানুহজন মল-মূত্ৰত পোত খাই থকা পৰিস্থিতি চাই তাইৰ অজানিতে চকুলো ওলাই পৰিলে। তাই লাহেকৈ তেওঁৰ মূৰটো দুহাতেৰে ধৰি তাইৰ ফালে ঘূৰালে। “হে ৰাম, এয়া মই কি দেখিলোঁ।” -শহুৰেকৰ মুখখন দেখা পাই তাই জোৰেৰে চিঞৰি উঠিল। একে দৌৰে আহি দুৱাৰখন খুলি বাহিৰলৈ গুচি আহি ধপচকৈ মাটিত বাগৰি পৰিলে তাই আৰু শৰীৰটো কঁপিবলৈ ধৰিলে। ইতিমধ্যে তাইৰ সমগ্ৰ শৰীৰটোও বৰফৰ দৰে চেঁচা হৈ পৰিছে। মজিয়াত পৰি থকা অৱস্থাতে তাইৰ চকুৰ আগত অতীতৰ সেই ভয়ংকৰ নিশাৰ দৃশ্যবোৰ ধুমুহাৰ দৰে পাৰ হৈ গ’ল। সেই একেই কটা দাগ, সেই একেই চকুৰ মণি— যিয়ে এদিন তাইৰ সকলো শেষ কৰি দিছিল। তাই কঁপা কঁপা মাতেৰে বিৰবিৰালে, “এয়া সম্ভৱ নহয়… এয়া কেনেকৈ হ’ব পাৰে?”

বিছনাত পৰি থকা মানুহজনৰ চকু দুটা স্থিৰ হৈ ৰত্নাৰ ফালেই চাই আছে। তেওঁৰ ডিঙিৰ পৰা এটা অদ্ভুত ঘৰঘৰণি শব্দ ওলাইছে, যেন তেওঁ কিবা এটা ক’ব বিচাৰিছে কিন্তু ভাষা নাই। ৰত্নাই সাহস গোটাই আকৌ এবাৰ তেওঁৰ মুখখনৰ নিচেই ওচৰলৈ গ’ল। ঠিক তেনেতে তাইৰ চকু গ’ল তেওঁৰ ডিঙিত ওলমি থকা এটা পুৰণি তামীমা (Amulet) ওপৰত। সেই তামীমাটো দেখি ৰত্নাৰ বুকুখন ধককৈ উঠিল। এইটো দেখোন হুবহু তাইৰ দেউতাকৰ সেইটো তামীমা, যিটো সেই নিশা ধৰ্ষণকাৰীৰ সৈতে যুঁজ দিওঁতে তাইৰ হাতত ছিঙি আহিছিল! কিন্তু ৰহস্যটো ইয়াতেই শেষ নহ’ল।

পাগলৰ দৰে ৰত্নাই সেই নিষিদ্ধ কোঠাটোৰ আলমাৰীটো খুলিবলৈ চেষ্টা কৰিলে। তাই জানিব বিচাৰে অভিকৰ দেউতাকৰ অতীত। আলমাৰীৰ এটা গোপন ড্ৰয়াৰত তাই কিছুমান পুৰণি ফটো আৰু এখন ডায়েৰী পালে। ডায়েৰীখনৰ পাত লুটিয়াই যাওঁতে ৰত্নাৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল। ডায়েৰীখনত কোনো ৰমেন শইকীয়াৰ নাম নাই, বৰঞ্চ তাত প্ৰতিটো পাতত লিখা আছে— “মই এজন অভিনেতা, আৰু এই নাটকত ৰত্না মোৰ আটাইতকৈ ডাঙৰ চিকাৰ।” তেনেতে বাহিৰত অভিকৰ গাড়ীৰ শব্দ শুনা গ’ল। ৰত্নাই তৎক্ষণাত ডায়েৰীখন লুকুৱাই থৈ বাহিৰলৈ ওলাই আহিল। অভিকৰ মুখত আজি এক অদ্ভুত হাঁহি। তেওঁ ৰত্নাক দেখিও নেদেখাৰ ভাও ধৰি পোনচাটেই দেউতাকৰ কোঠালৈ সোমাই গ’ল। ৰত্নাই দুৱাৰৰ সুঙাৰে ভুমুকি মাৰি চালে। যি দেখিলে, সেয়া তাইৰ কল্পনাৰো অগোচৰ আছিল। অভিকে বিছনাত পৰি থকা সেই নিথৰ মানুহজনৰ কাণত মুখখন লগাই অতি সৰু মাতেৰে ক’লে, “কি হ’ল দেউতা? আজি তোমাৰ ‘বোৱাৰীয়ে’ তোমাক চিনি পালে নেকি? খেলটো এতিয়াহে আৰম্ভ হৈছে…”

মানুহজনৰ চকুৰ পৰা তেজ মিহলি চকুলো বৈ আহিল। অভিক কোঠাৰ পৰা ওলাই অহাৰ আগতেই ৰত্না আঁতৰি গ’ল। তাইৰ মগজুত এতিয়া হেজাৰটা প্ৰশ্ন:

“যদি বিছনাত পৰি থকা মানুহজন সঁচাকৈয়ে সেই ধৰ্ষণকাৰীজন, তেন্তে অভিকে তাক চিনি পায়ো কিয় ৰত্নাৰ লগত বিয়া পাতিলে? দ্বিতীয়তে ডায়েৰীত লিখা সেই ভয়ংকৰ কথাখিনিৰ অৰ্থ কি? আৰু আটাইতকৈ ডাঙৰ কথা, অভিকৰ আচল পৰিচয় কি?”

ৰাতি ভাত খাই উঠি ৰত্নাই শুৱাৰ ভাও ধৰি পৰি থাকিল। মাজনিশা তাই অনুভৱ কৰিলে অভিক বিছনাত নাই। তাই লাহেকৈ উঠি গৈ দেখিলে অভিক সেই নিষিদ্ধ কোঠাটোত নাই, বৰঞ্চ ঘৰৰ পিছফালৰ পুৰণি কুঁৱাটোৰ ওচৰত কাৰোবাৰ লগত কথা পাতি আছে। ৰত্নাই অন্ধকাৰৰ আঁৰ লৈ ওচৰলৈ গৈ শুনিবলৈ পালে অভিকৰ কণ্ঠস্বৰ, “কামটো হৈ গ’ল। তাই ডায়েৰীখন বিচাৰি পাইছে। এতিয়া মাথোঁ তাইক সেই ঠাইডোখৰলৈ লৈ যোৱাটো বাকী, য’ত আচল ৰমেন শইকীয়াক পুতি থোৱা আছে!”

ৰত্নাৰ ভৰিৰ তলৰ মাটি খহি পৰিল। তেনেহ’লে বিছনাত পৰি থকা মানুহজন কোন? আৰু আচল ৰমেন শইকীয়া কোন? ঠিক সেই মুহূৰ্ততে ৰত্নাৰ ডিঙিত কোনোবাই এটা চেঁচা হাত দিলে। তাই চিঞৰিব খোজোতেই কাৰোবাৰ হাতখনে তাইৰ মুখখন সপা মাৰি ধৰিলে।