ৱানতাৰা (Vantara) – নুৰ ইছলাম ক্বাদৰী

Pc Vantara Jamnagar

ৱানতাৰা (Vantara) 

নুৰ ইছলাম ক্বাদৰী
     জামনগৰ, গুজৰাট

যান্ত্ৰিকতাৰ পৰা বহু যোজন দূৰত
এক সেউজীয়া সপোনৰ দেশ,
য’ত প্ৰকৃতিৰ বুকুত বিয়পি আছে
ঈশ্বৰৰ এক অজান আৱেশ।
মই কৰ্মৰত সেই পৱিত্ৰ ধামত
নাম যাৰ ৱানতাৰা,
য’ত জীৱ-জন্তুৰ কলকাকলিত
উন্মাদ হয় মনৰ প্ৰতিটো তৰা।
বিশালকায় হাতীৰ সেই গহীন খোজ,
আৰু চিতাৰ চকুৰ তীক্ষ্ণ চাৱনি;
হৰিণৰ জাকৰ সেই চঞ্চল লৱণুৱে
কঢ়িয়াই আনে এক নতুন কাহিনী।
পশু-পক্ষীৰ বিচিত্ৰ মাতত
ৰাতিপুৱা হয় শুভ আৰম্ভণি,
প্ৰতিটো গছৰ পাতৰ আঁৰে আঁৰে
বাজে প্ৰকৃতিৰ এক নিবিড় ৰাগিণী।
প্ৰকৃতিৰ বুকুত জীৱকুলৰ যতন লৈ
মই বিচাৰি পাওঁ জীৱনৰ অৰ্থ,
সেউজীয়াৰ মাজত থকা প্ৰতিটো পল
নাযায় কেতিয়াও মোৰ মিছা ব্যৰ্থ।
ৱানতাৰা কেৱল এক কৰ্মভূমি নহয়,
আত্মাৰ এক নিবিড় শান্তিপ্ৰাণ,
য’ত গছ-গছনি আৰু জীৱ-জন্তুৱে
একেলগে গায় এক মহান প্ৰেমৰ গান।