বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়োৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সাহিত্যিক- গৱেষক, বিশিষ্ট অভিনেতা তথা বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতি তৰেণ চন্দ্ৰ বড়ো আৰু নাই। দীর্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ বাবে মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা তৰেণ বড়োৱে শনিবাৰে দিনৰ ২.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৭০ বছৰ। বড়ো ভাষা-সাহিত্যৰ ক্ষেত্ৰখনক নিজস্ব সৃষ্টিৰাজিবে সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়োৰ জন্ম হৈছিল ১৯৫৫ চনৰ ১ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ গোৱালপাৰাত। অঞ্চলটোৰ আনন চন্দ্ৰ বড়ো আৰু বার্কেশ্বৰী বড়োৰ সন্তান তৰেণ চন্দ্ৰ বড়ো আছিল সৰুৰে পৰা প্ৰখৰ বুদ্ধিসম্পন্ন। কোকৰাঝাৰতে শিক্ষা জীৱনৰ আদিপাঠ আৰম্ভ কৰা তৰেণ চন্দ্র বড়োৱে ১৯৭২ চনত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰ পাছতে ১৯৭৬ চনত মেজৰসহ স্নাতক ডিগ্রী অৰ্জন কৰা তৰেণ চন্দ্র বড়োবে ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে। সৰুৰে পৰা অধ্যয়নৰ প্ৰতি গভীৰ আগ্রহ থকা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ১৯৭৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাৰ ডিপ্ল’মাও অর্জন কৰে। অধ্যয়নৰ সমান্তৰালকৈ ১৯৭৬ চনত গুৱাহাটী আকাশবাণী কেন্দ্রত বড়ো ভাষাৰ কেজুৱেল ঘোষক হিচাপে কর্মময় জীৱনৰ তেওঁ পাতনি মেলে। ১৯৭৮ চনলৈকে তাতে কাম কৰাৰ পাছত অসম চৰকাৰৰ লোকনির্মাণ বিভাগত সহকাৰী মাগুলিক গাণনিক হিচাপে চৰকাৰী চাকৰিত তেওঁ যোগদান কৰে। তাতে প্রায় এবছৰ ধৰি কাম কৰাৰ পাছতে ১৯৭৯ চনত তেওঁ বিজার্ভ বেংক অব ইন্ডিয়াত যোগদান কৰে। ৰিজার্ভবেংকত দীর্ঘসময়জুৰি কাৰ্যনিৰ্বাহ কৰাৰ অন্তত তেওঁ বিগত ২০১৫ চনত প্ৰবন্ধক হিচাপে তাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৰিজার্ভ বেংক অব ইণ্ডিয়াত কার্যনির্বাহ কৰি থকাৰ সময়তে অল ইণ্ডিয়া ৰিজার্ভ বেংক এছচি/এছটি এণ্ড বুদ্ধিষ্ট এমপ্লয়িজ এছ’চিয়েচনৰ গুৱাহাটী ইউনিটৰ সম্পাদক ৰূপে অধিষ্ঠিত হোৱা তৰেণ চন্দ্র বড়োরে ২০০৫ চনৰ পৰা ২০১৫ চনলৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পদো অলংকৃত কৰিছিল। কর্মময় জীৱনৰ ব্যস্ততাৰ মাজতো নিজৰ জাতি-ভাষাটোৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৪খনকৈ বড়ো ভাষাৰ নাট, দুখন চুটিগল্পৰ সংকলনকে ধৰি কেইবাখনো গ্রন্থ ৰচনা কৰি বড়ো ভাষাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰি থৈ গৈছে। সাহিত্য চৰ্চাৰ লগতে সংস্কৃতিৰ চৰ্চাৰ প্ৰতিও আগ্রহী তৰেণ চন্দ্ৰ বড়োবে ১২খনকৈ বড়ো চিনেমা, ৩খন অসমীয়া চিনেমাত অভিনয়ৰ লগতে মঞ্চ আৰু কেইবাখনো অনাতাঁৰ নাটকত অভিনয় কৰি গৈছে। বড়ো সাহিত্য সভাৰ সৈতে আৰম্ভণিৰ পৰাই ওতপ্রোতভাবে জড়িত তৰেণ চন্দ্র বড়োবে ১৯৮৪-১৯৯০ চনলৈকে কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য হোৱাৰ লগতে ১৯৯০-১৯৯৩ চনলৈকে বড়ো সাহিত্য সভাৰ মুখপত্র ‘দ্যবড়ো’ৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। বড়ো সাহিত্য সভাৰ মজিয়াত ১৯৯৩-৯৬ চনলৈ যুটীয়া সম্পাদক, ১৯৯৬-২০০২ চনলৈ কোষাধ্যক্ষৰূপে কৰ্মৰত হৈ থকাৰ পাছত ২০০২-২০০৮ চনলৈ উপ-সভাপতি পদত অধিষ্ঠিত হয়। তাৰ পাছত ২০১৭ চনৰ পৰা ২০২৩ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হয় বিশিষ্ট সাহিত্যিকগৰাকী। ইয়াৰ বাহিৰেও ২০১০ চনৰ পৰা ২০১৩ চনলৈ ভাৰত চৰকাৰৰ ফিল্ম চাৰ্টিফিকেচনৰ উপদেষ্টা পৰিষদৰ সদস্যৰূপে অধিষ্ঠিত তৰেণ চন্দ্ৰ বড়োৱে ২০২৩ চনৰ পৰা মৃত্যুৰ সময়লৈকে সাহিত্য অকাডেমিৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক ৰূপে অধিষ্ঠিত হৈ আছিল। মৃত্যুৰ পাছতে মৃতদেহ মহানগৰীৰ খাৰঘুলিৰ আপাৰ লুইতপুৰত থকা বাসগৃহলৈ অনা হয়। আজি বিশিষ্ট সাহিত্যিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত বিশিষ্ট সাহিত্যিকগৰাকীয়ে পত্নী বিনয়া বড়ো, একমাত্র পুত্র মনমোহন বড়ো আৰু দুই বিবাহিতা জীয়াৰী ক্রমে ঊষাৰাণী বড়ো, পাঞ্চামতী বড়োকে ধৰি অনেক আত্মীয়-স্বজনক ইহংসসাৰত এৰি থৈ গৈছে। বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ চন্দ্ৰ বড়োৰ মৃত্যুত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এক শোকবার্তাযোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিশিষ্ট সাহিত্যিকগৰাকীৰ অমূল্য অৱদানক বড়ো তথা অসমৰ সমাজ জীৱনে সদায়ে স্মৰণ কৰিব। বিশিষ্ট সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে মুখ্যমন্ত্রী ড° শৰ্মাই শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
