নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকাৰ

Pc myKhel

নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত টি-২০ বিশ্বকাপত জয়ৰ হেটট্রিক দক্ষিণ আফ্রিকাৰ। শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত গ্রুপ ডিৰ মেচখনত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। মেচখনত কিৱি বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৭৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি অধিনায়ক মাৰ্কৰামৰ বিস্ফোৰক অপৰাজিত ৮৬ আৰু মিলাৰৰ অপৰাজিত ২৪ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই ১৭.১ অভাৰত ৩টা উইকেট হেৰুৱাই বিজয় হয়। ডি ক’কে ২০, ৰিকেলটনে ২১ আৰু ব্রেভিছেও ২১ ৰান কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি মাৰ্ক চেপমেনৰ ৪৮, ডাৰিল মিচেলৰ ৩২, ফিন এলেনৰ ৩১ আৰু জেমছ নিছামৰ অপৰাজিত ২৩ ৰানৰ সহায়ত নিউজিলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৫ ৰান সংগ্ৰহ কৰে। দলীয় স্ক’ৰ ৬৪ ৰানত চাৰিটাকৈ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও চেপমেনে মিচেলৰ সৈতে লগলাগি পঞ্চম উইকেটত ৭৪ ৰান কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। দক্ষিণ আফ্রিকাৰ হৈ জানছেনে ৪টা উইকেট লয়।