অসমত পুনৰ বিজেপিৰ চৰকাৰ আহিলে ২ লাখ যুৱক-যুৱতীয়ে চাকৰি পাবঃ মুখ্যমন্ত্ৰী

অসমত পুনৰ বিজেপিৰ চৰকাৰ আহিলে ২ লাখ যুৱক-যুৱতীয়ে চাকৰি পাবঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে । গুৱাহাটীৰ খানাপাৰাত শনিবাৰে আয়োজন কৰা ৰাজ্যিক বিজেপিৰ বিশাল ‘বুথ বিজয় সংকল্প সভা’ উদ্বোধন কৰি প্ৰধানমন্ত্রীয়ে নিৰ্বাচনী ৰণডংকা বজায় । খানাপাৰাত সমবেত লক্ষাধিক দলীয় কাৰ্যকৰ্তাৰ পৰা অসমত তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ কৰাৰ সংকল্প ল’লে প্ৰধানমন্ত্রীয়ে । অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, “এইবাৰ আমি জিকিম, ৰেকৰ্ড কৰি জিকিম । আমি যি বিচাৰিছোঁ প্ৰধানমন্ত্ৰীয়ে আমাক সেয়া দিছে ।  বিজেপিৰ বিশাল বুথ বিজয় সংকল্প সমাৰোহত দলীয় কার্যকর্তাসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী মোদীক অসমত বিজেপিৰ চৰকাৰ এখন উপহাৰ দিম। তাৰ বাবে দলৰ প্ৰতিগৰাকী কার্যকর্তাই প্রধানমন্ত্রী মোদীৰ সন্মুখত সংকল্প লৈছোঁ। বহুদিন ধৰি যোৰহাট-ডিব্ৰুগড়ৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা বেয়া হৈ আছিল। প্রধানমন্ত্রী মোদী মৰাণলৈ গৈ গাড়ী-মটৰ চলিব পৰা ৰাষ্ট্ৰীয় ঘাইপথটো দিলেই, এৰোপ্লেনো অৱতৰণ কৰিব পৰা ৰাষ্ট্ৰীয় ঘাইপথ আমাক দিলে। শুক্ৰবাৰে কেন্দ্রীয় কেবিনেটে গহপুৰ-নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ নিৰ্মাণৰ বাবে ১৮,০০০ কোটি টকা অনুমোদন কৰিছে। কাজিৰঙাত এলিভেটেড কৰিড’ৰ, বগীবিল দলং, ধলা-শদিয়া দলং, গুৱাহাটী-উত্তৰ গুৱাহাটী দলং, নাৰেংগী-কুৰুৱা দলং, যি অসম আৰু অসমীয়াই জীৱনত কেতিয়াও কল্পনা কৰা নাছিল, প্রধানমন্ত্রী মোদীয়ে ভাবিব নোৱাৰা ধৰণে হিয়া উজাৰি উপহাৰ দিলে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত আজি আমি প্রমাণ কৰিছোঁ অসমৰ বিজয়ত কোনো বাধাৰ প্ৰাচীৰ সন্মুখত থাকিব নোৱাৰে। মই যি কওঁ ভাবি-চিন্তি কওঁ। মইতো বিশ্বাস কৰোঁ অসমত যেতিয়া পুনৰ বিজেপি-এনডিএৰ চৰকাৰ হ’ব, ব্ৰহ্মপুত্ৰৰ ওপৰতো এৰোপ্লেন অৱতৰণ কৰিব। এইবাৰ বিজেপি চৰকাৰৰ দিনত আমি ডেৰ লাখ নিবনুৱাক চাকৰি দিলোঁ, অহাবাৰ ২ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিম। এইবাৰ ডেৰ লাখ বিঘা মাটি আমি উচ্ছেদ কৰিছোঁ, অহাবাৰ ৫ লাখ বিঘা মাটিত উচ্ছেদ চলাম। এইবাৰ আমি ১ লাখ যুৱক-যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি দিলোঁ, অহাবাৰ ১০ লাখ যুৱক-যুৱতীয়ে লাভ কৰিব। আমি অসম মাতৃক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাম। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে যোৱা ১০টা বছৰৰ বিৰামহীন প্রগতি আৰু বিকাশে আজি অসমক নতুন যুগলৈ লৈ গ’ল। এতিয়া অসমে কাৰো ওচৰত শিৰ নত কৰিব নালাগে, এতিয়া অসমে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ কাকো টকা বিচাৰিব নালাগে। ‘২৬ৰ নিৰ্বাচন অসমৰ বাবে জীৱন আৰু মৰণৰ সংকল্প বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমে আজি তীব্রগতিত আগবাঢ়ি গৈছে। আমি অসমক থমকি যাব দিব নোৱাৰোঁ। আমাৰ উচ্ছেদ অভিযান থমকি ৰ’ব নোৱাৰে। আমাৰ সিদ্ধান্ত থমকি ৰ’ব নোৱাৰে। অসমৰ বিকাশ আৰু থমকি ৰ’ব নোৱাৰে। আমি অসমক ভাৰতৰ ভিতৰতে এখন শ্রেষ্ঠ ৰাজ্য হিচাপে ৰূপান্তৰ কৰিব লাগিব। যোৱা ১০টা বছৰত আমি এটা বুনিয়াদ নিৰ্মাণ কৰিলোঁ। এতিয়া সময় অসমক আগুৱাই লৈ যোৱাৰ। এতিয়া সময় অসমক এক নতুন দিগন্তলৈ লৈ যোৱাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে অসমে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প, নামৰূপত এম’নিয়া-ইউৰিয়া প্ৰকল্প লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা মার্চ মাহত প্রধানমন্ত্রী মোদী বৰাক উপত্যকালৈ আহিব। প্রায় ২২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে শিলচৰৰ পৰা বৰাপানী হৈ গুৱাহাটীলৈ প্ৰস্তাৱিত কামৰ আধাৰশিলা স্থাপন কৰিব। যাৰ ফলত আমি ৫ ঘণ্টাত অহা-যোৱা কৰিব পাৰিম । বিজেপিলৈ দেখুওৱা ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল’ম । ১০টা বছৰ আমি বুনিয়াদ গঠন কৰিলোঁ । এতিয়া অসমখনক আগুৱাই লৈ যোৱাৰ সময় । এপ্ৰিলত আমাৰ নিৰ্বাচন হ’ব । এই নিৰ্বাচনত আমি দিনে-নিশাই কাম কৰিম । সেইদৰে পৰৱৰ্তী অসম ভ্ৰমণত প্রধানমন্ত্রী মোদী কোকৰাঝাৰলৈ গৈ ভূটানৰ গেলেফু সংযোগী ৰে’লপথৰো আধাৰশিলা স্থাপন কৰিব। ‘এয়া অসমৰ বাবে স্বর্ণিল সময়’ বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আমাৰ দেশৰ ভিতৰতে বিকশিত ৰাজ্য হিচাপে নিৰ্মাণ কৰিবলৈ আমি নিজকে উৎসর্গী কৰিম। প্ৰতিটো পল, প্ৰতিটো ক্ষণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিজকে অসম মাতৃৰ বাবে সমর্পণ কৰি ৰাজ্যখনক জগতসভালৈ লৈ যাব।