ফাগুন
ৰিমী হাজৰিকা,মাজুলী
সৰা পাতে পাতে ফাগুন নামি আহে,
ৰাঙলী মদাৰে হালি জালি নাচে।
ফাগুনৰ পছোৱা বতাহ জাকে,
মোৰ মন হৰি নিয়ে চেনাইৰ কাষলে ।
ফাগুনৰ মধুৰ বতাহ জাকে,
বাউলি কৰে মোক প্ৰতি উশাহতে।
শিমলু, চেগুনৰ ডাল বোৰে
সেউজীয়া ৰ পাতনি মেলে।
ফাগুন মানেই যে এক মিঠা ৰাগি,
বলিয়া ফাগুনৰ মধুৰ সন্মোহিনী।
ফাগুনৰ মধুৰ গুঞ্জনত ভাহি থাকে ,
কত ডেকা গাভৰুৰ চঞ্চল হাঁহি।।
এই ফাগুনতে শুকান গছ বোৰে,
সেউজীয়াৰ পাতনি মেলে।
ৰঙৰ আবেস্তনিত আৰ হৈ ফাগুনে
দি যায় বসন্তৰ বতৰা।।
