শিৱৰাত্ৰিতেই ভেলেন্টাইন – নমিতা দাস

PcPinterest

শিৱৰাত্ৰিতেই ভেলেন্টাইন

নমিতা দাস,শুৱালকুছি

ভগৱান শিৱক হিন্দু ধৰ্মত অন্যতম পূজনীয় শ্ৰেষ্ঠ দেবতা হিচাপে গন্য কৰা হয় । শিৱ পাৰ্বতীৰ প্ৰেম ভক্তি ভৰা আধ্যাত্মিক প্ৰেম, ত্যাগ আৰু আদৰ্শৰ নিৰ্দশন ।পাৰ্বতীৰ কঠোৰ তপস্যাৰ বাবে বৈৰাগী মহাদেৱক সংসাৰৰ প্ৰতি আকৃষ্ট কৰি প্ৰেম আৰু সৃষ্টিৰে মানৱ জীৱকুলৰ মাজত প্ৰেমৰ শ্ৰেষ্ট দেৱতা ৰূপে পৰিগনিত কৰে । প্ৰেমৰ পুজাৰী শিৱ – পাৰ্বতী, শিৱ-শক্তি বুলিও জনা যায়।

বিশ্বব্ৰক্ষ্মাণ্ডত প্ৰথম প্ৰেম বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ ,পাৰ্বতীৰ পূৰ্বজন্মত বছৰ বছৰ ধৰি পাৰ্বতীয়ে কৰা তপস্যাৰ অন্তত সংসাৰ বৈৰাগী অঘৰী শিৱ বাবাক পিছৰ জন্মতো তেওঁ এক নিষ্ঠাৰে কৰা ধ্যান আৰু তপৰ বলত ধৈৰ্য , বিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত প্ৰেমক জয় কৰি শিৱ বাবাৰ পত্নীৰ মৰ্য্যদা লাভ কৰে । এগৰাকী ৰাজকুমাৰীয়ে অঘৰী, সংসাৰ বৈৰাগী এজনক লাভ কৰিব গৈ নিজ পিতৃ গৃহতে নানান লাঞ্চনা ভোগ কৰিব লগা হৈছিল । তথাপি স্থিতপজ্ঞ হৈ আবিৰত ভাবে কৰা তপস্যাৰ অন্তত তেওঁৰেই পত্নীৰ মৰ্য্যদা পাবলৈ সক্ষম হয় । বিবাহৰ আগত যিদৰে পিতৃ গৃহত কঠোৰ বাক্যবানৰ সন্মুখিন হৈছিল সেইদৰে বিবাহৰ পিছত নিজ পিতৃৰ গৃহত তেওঁলোকে বিনা নিমন্ত্ৰণে উপস্থিত হোৱাত আমন্ত্ৰিত সকলো দেবগণৰ আগত অপমানিত হ’ব লগা হয় । স্বামীক কৰা লাঞ্ছনাৰ বাবে অপমান সহ্য কৰিব নোৱাৰি সতীয়ে নিজদেহ ত্যাগ কৰিছিল। শিৱ বাবাৰো পত্নীৰ প্ৰতি থকা অক্লান্ত প্ৰেমে পত্নীৰ বিয়োগত মৰ্মাহত হৈ কান্ধত উঠাই পৃথিৱী ভ্ৰমি ফুৰিছিল শিৱবাবাৰ সেই ৰুদ্ৰমূৰ্তী তাণ্ডৱৰ সৃষ্টি কৰিছিল । ব্ৰহ্মাণ্ডত এনে ঘটনা বিৰল হৈ ৰ’ল।

শিৱ-সতীৰ দুয়োৰে প্ৰেমেৰেই প্ৰথম বৈবাহিক জীৱন আৰম্ভ কৰিবলৈ আৰ্শিবাদ দিয়া হয় বিবাহিত পুৰুষ মহিলাক । কোৱা হয় হৰ-গৌৰীৰ বাসস্থান লাভ কৰক ।আধুনিক যুগতো শিৱ পাৰ্বতীৰ প্ৰেমত অনুপ্ৰাণীত হৈ ডেকা-গাভৰুৰ প্ৰেমৰ সফল পৰিণতিৰ বাবে শিৱকে আৰাধনা কৰে । প্ৰেমৰ গভীৰতা নিৰুপন কৰিব নোৱাৰি প্ৰেমে অসম্ভৱ কামো সম্ভব কৰে মনলৈ অফুৰন্ত প্ৰেৰণা আনে সাহস দিয়ে ।সেনেকুৱা এটা প্ৰেম হৈছে ছেইণ্ট ভেলেন্টাইনৰ প্ৰেম । ক্লিডিয়াছ নামৰ সম্ৰাট এজনে যেতিয়া ৰোমান সাম্ৰাজ্য শাসন কৰিছিল । তেওঁ সাম্ৰাজ্য বিস্তাৰৰ বাবে ডেকা সকলক সৈনিক হিচাপে নিযুক্তি দিয়াইছিল ।কিন্তু কোনো সৈনিকে যাতে প্ৰেম বা বিবাহ কৰিব নোৱাৰে তাৰ বাবে তেওঁ কঠোৰ আইনী ব্যৱস্থা লোৱাৰ সময়তে ৰোমান সামৰাজ্যৰ ছেইন্ট ভেলেন্টাইন নামে এগৰাকী প্ৰেমৰ সাম্ৰাজ্য গঢ়া পাদুৰীয়ে প্ৰেমৰ কলিৰে সকলোৰে অন্তৰ জয় কৰিছিল সেই সময়ত মুমুৰ্খ অবস্থাত থকা ৰোগী সকলো ছেইন্ট ভেলেন্টাইনৰ প্ৰেমৰ বাণীবোৰ শুনি সুস্থ হৈছিল ।ছেইন্ট ভেলেন্টাইনৰ প্ৰেমৰ আগত ৰোগ মুক্ত হোৱা আৰু সংগোপনে সৈনিক সকলৰ বিবাহ কাৰ্য সম্পন্ন কৰা কথাটো সম্ৰাটে জনাৰ পিছত ছেইণ্ট ভেলেন্টাইনক কাৰাগাৰত বন্ধি কৰি ৰাখিছিল কিন্তু কাৰাগাৰৰ ভিতৰত থকাৰ পিছতো ৰোগাক্ৰান্ত কয়েদি সকলকো ঈশ্বৰ প্ৰদত্ব প্ৰেমভৰা বাণীৰে ৰোগ মুক্ত কৰিছিল ।সেই সময়তে কাৰাগাৰৰ ভিতৰত জেইলাৰ জনৰ অন্ধ ছোৱালী জনীকো ভেলেন্টাইনৰ প্ৰেমৰ বাণীয়ে চকুলৈ পোহৰ ঘূৰাই আনিছিল এয়াই আছিল প্ৰেমৰ নিৰ্দশন ।

বিশ্বব্ৰহ্মাণ্ডত প্ৰেমেৰে জগত জিনাৰ এয়া উৎকৃষ্ট নিদৰ্শন প্ৰেমেৰে জগত জিনিব পাৰি সেয়ে হয়তো শিৱ- পাৰ্বতীৰ গভীৰ প্ৰেমে বিশ্বৰ প্ৰত্যেক গৰাকী লোককে আকৰ্ষিত কৰাৰ লগতে ছেইণ্ট ভেলেন্টাইনেও বিশ্বত অফুৰন্ত প্ৰেম বিলাই প্ৰেমৰ প্ৰতিক হিচাপে চিহ্নিত হৈছে।