কেৱল শ্লোগানেৰে এটা জাতি জীয়াই নাথাকে, আমি কামেৰে অসমীয়া জাতিক ৰক্ষা কৰিমঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- যুৱ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ লক্ষ্যৰে অসম চৰকাৰৰ ‘মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম’ অভিযান ২.০ৰ প্ৰথম কিস্তিৰ ধন বিতৰণৰ শুভাৰম্ভণি কৰা হয় । এই উপলক্ষ্যে গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাৰ বাবে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান-২.০ৰ অধীনত ৰাজ্যৰ ৭৪,০৩৬গৰাকী সম্ভাব্য উদ্যোগীক সামৰি লোৱা হ’ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ১,৪৮২ কোটি টকাতকৈও অধিক ধনৰাশি মুকলি কৰিব। এই অভিযানৰ অধীনত সাধাৰণ শাখাৰ প্ৰতিগৰাকীক দুই লাখ টকাকৈ আৰু অভিযন্তা, এমবিবিএছ, বিডিএছ তথা অন্যান্য বৃত্তিগত পাঠ্যক্রম গ্রহণ কৰাসকলক বৃত্তিগত শাখাত সামৰি প্ৰতিগৰাকীক পাঁচ লাখ টকাকৈ প্রদানৰ পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। এই অনুষ্ঠানৰ জৰিয়তে কামৰূপ আৰু কামৰূপ (মহানগৰ’ জিলাৰ সৰ্বমুঠ ৫,৫৭২গৰাকী হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধনৰাশি আগবঢ়োৱা হৈছে। এই হিতাধিকাৰীসকলৰ ভিতৰত কামৰূপ জিলাৰ ৩,৭১০ আৰু কামৰূপ (মহানগৰ) জিলাৰ ১,৮৬২গৰাকী। ইয়াৰে বৃত্তিগত শাখাত ৩৫গৰাকী আৰু সাধাৰণ শাখাত ৫,৫৩৭ গৰাকী হিতাধিকাৰীক ধনৰাশি প্ৰদান কৰা হৈছে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ যুৱপ্ৰজন্মক তেওঁলোকৰ মাজত নিহিত হৈ থকা শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰি প্ৰতিষ্ঠিত হৈ সমাজৰ এক আদর্শ হিচাপে উদ্ভাসিত হ’বলৈ আহ্বান জনায়। অসমৰ প্ৰতিগৰাকী যুৱক-যুৱতীৰ মাজতে এক শক্তি অন্তর্নিহিত হৈ আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ব্যক্তি এগৰাকীৰ বাবে ২৫ বছৰৰ পৰা ৩৫ বছৰলৈ কালছোৱা হৈছে জীৱনৰ আটাইতকৈ সোণালী সময়। এই সময়ছোৱাতে ব্যক্তি এগৰাকীয়ে ব্যৱহাৰ কৰা সেই শক্তিয়ে তেওঁৰ ভৱিষ্যৎ নিৰ্মাণ কৰে। ভাষণত মুখ্যমন্ত্রীয়ে জীৱনৰ আটাইতকৈ মূল্যৱান সেই সময়ছোৱাৰ শক্তি ব্যৱহাৰ কৰি নিজ ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে যুব সমাজক আহ্বান জনাই কয় যে এসময়ত ৰাজ্যৰ যুৱচামে আন্দোলন আদিকে ধৰি বিভিন্ন কামত নিজৰ শক্তি ব্যয় কৰিছিল। কিন্তু বিগত কেইটামান বছৰৰ ভিতৰতে ৰাজ্যত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে। এনে ইতিবাচক পৰিৱেশৰ বাবেই ৰাজ্যত উদ্যম প’ৰ্টেলৰ অধীনত এমএছএমইৰ পঞ্জীয়ন ২০২০ চনৰ ৯,৩৭১ৰ পৰা ৩০ গুণ বৃদ্ধি হৈ ২০২৪ চনত ২.৮৫ লাখ হৈছে। বর্তমান ৰাজ্যত উদ্যম প’র্টেলত ১২.৭ লাখৰো অধিক এমএছএমই পঞ্জীয়ন হৈ আছে আৰু এইসমূহে সৃষ্টি কৰা মুঠ কর্মসংস্থাপনৰ সংখ্যা ৮২ লাখৰো অধিক। তেওঁ লগতে সদৰী কৰে যে অসমৰ দৰে সৰু ৰাজ্য এখনত ২০২৫ চনৰ মাৰ্চ মাহলৈকে ৩০,৭৭৩ কোটিৰো অধিক টকাৰ ঋণ ক্ষুদ্র উদ্যোগীসকলক প্ৰদান কৰাৰ উপৰি মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ চাৰিটা বিত্তীয় বৰ্ষত বেংকসমূহে এমএছএমইসমূহক প্রায় ১ লাখ কোটি টকাৰ ঋণ প্রদান কৰিছে। তেওঁ লগতে জানিবলৈ দিয়ে যে ‘আছাম ক্রেডিট গেৰাণ্টী’ আঁচনিৰ অধীনত ২০২৪-২৫ বর্ষত প্রায় ৭৬ হাজাৰ এমএছএমইক ৬,৪৩৬ কোটি টকাৰ ঋণ আগবঢ়োৱা হৈছে। অসমলৈ অহা এইধৰণৰ পৰিৱৰ্তনসমূহ বহুতৰ বাবে অভাৱনীয় আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী চাকৰি সকলোৱে লাভ নকৰে আৰু চৰকাৰী চাকৰিয়ালসকলৰ আনক নিয়োগ কৰাৰ সামৰ্থ্য নাথাকে। কিন্তু ইয়াৰ বিপৰীতে যিসকলে ব্যৱসায় বা উদ্যোগ স্থাপন আদিৰ জৰিয়তে নিজকে প্রতিষ্ঠিত কৰে, তেওঁলোকে আন দহজনকো কর্মসংস্থাপন দিয়াৰ সামৰ্থ্য লাভ কৰে। আজিৰ সমাজক এনে নিয়োগকর্তাৰ প্ৰয়োজন বুলিও মন্তব্য কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান-১.০ৰ অধীনত ৰাজ্যৰ ২৫,২৭৭ গৰাকী উদ্যমীলৈ প্রথম পৰ্যায়ৰ ধনৰাশি আগবঢ়োৱা হৈছিল।

ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই অভিযানৰ দ্বিতীয় পর্যায়ত আজি ধনৰাশি লাভ কৰাসকলে যাতে নিজ কর্মক্ষেত্ৰত আশা কৰা ধৰণে প্রতিষ্ঠিত হ’ব পাৰে সেই উদ্দেশ্যে তিনিদিনীয়া এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্রশিক্ষণ সমাপ্ত হোৱাৰ লগে লগে তেওঁলোকে দ্বিতীয় পৰ্যায়ত পৰৱৰ্তী ধনৰাশি লাভ কৰিব। অভিযানখন যাতে সফলভাৱে ৰূপায়ণ হয় সেই উদ্দেশ্যে প্রতিটো বিধানসভা সমষ্টি সামৰি চিএম ফেল’ নিযুক্তি দিয়া হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই ফেল’সকলে উদ্যমীসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগত থাকি তেওঁলোকৰ ব্যৱসায়ৰ অগ্রগতি সম্পর্কে জানি-বুজি লোৱাৰ লগতে প্রয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব যাতে উদ্যমীসকলে নিজৰ ব্যৱসায়ত সফল হ’ব পাৰে। মুখ্যমন্ত্রীয়ে কয় যে এই অভিযানৰ প্ৰথম পৰ্যায়ৰ ফলাফল অতি ইতিবাচক আৰু ৰাজ্য চৰকাৰে ৰাজ্যৰ যুৱ সমাজৰ প্ৰতি গভীৰ আস্থা ৰাখি তেওঁলোকক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে এইদৰে ধনৰাশি প্ৰদানৰ ব্যৱস্থা কৰিছে। তেওঁ কয়-‘ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান-২.০ৰ বাবে ১ লাখতকৈও অধিক আবেদন আমি লাভ কৰিছিলোঁ। মোৰ বিশ্বাস যে এই অভিযানৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে আমি কমেও পাঁচ লাখ আবেদন লাভ কৰিম। আগন্তুক পাঁচ বছৰত প্ৰতিবছৰে দুই লাখকৈ মুঠ দহ লাখ যুৱক-যুৱতীক এই অভিযানৰ জৰিয়তে সহায় আগবঢ়োৱাৰ বাবে আমি লক্ষ্য লৈছোঁ।’ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে অসমৰ যুৱক-যুৱতীয়ে কাম নকৰে বুলি একাংশ লোকে এক ধাৰণাৰ সৃষ্টি কৰিব বিচাৰে। সেয়া সলনি কৰিবলৈ আজি ধনৰাশি লাভ কৰা উদ্যমীসকলক নিজ নিজ কর্মক্ষেত্ৰত সফল হ’বৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা গ্ৰহণ কৰি অসমত কর্মসংস্কৃতিৰ এক উন্নত পৰিৱেশ গঢ়িবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্রী ড° শর্মাই কয়- ‘কেৱল শ্লোগানেৰে এটা জাতি জীয়াই নাথাকে। আমি কামেৰে অসমীয়া জাতিক ৰক্ষা কৰিম- এই সংকল্প আমি সকলোৱে ল’ব লাগিব।’ এই অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, সমবায় আদি বিভাগৰ মন্ত্রী যোগেন মহন, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সিদ্ধার্থ ভট্টাচার্য, ভরেশ কলিতা, দিগন্ত কলিতা, সুমন হৰিপ্রিয়া, হেমাংগ ঠাকুৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব জে বি এক্কাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি তথা শীর্ষ বিষয়া উপস্থিত থাকে।
