এজন অসমীয়া হিচাপে আত্মসমর্পণৰ পথ স্বীকাৰ কৰিবলৈ মই বাধ্য নহয়ঃমুখ্যমন্ত্রী

এজন অসমীয়া হিচাপে আত্মসমর্পণৰ পথ স্বীকাৰ কৰিবলৈ মই বাধ্য নহয়ঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৰুজনাৰ ভক্তিৰসেৰে বিধৌত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰী পথাৰৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বার্ষিক অধিৱেশনৰ সাহিত্য শাখাৰ মুকলি সভাত শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  অংশগ্ৰহণ কৰে। এই পবিত্র উপলক্ষত অসমৰ সৰ্বকালৰ সর্বশ্রেষ্ঠ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱলৈ ভক্তিভৰা প্ৰণিপাত নিবেদন কৰি মুখ্যমন্ত্রী ড° শর্মাই ভাষণত তেওঁ কয় যে অসমীয়া জাতিৰ প্ৰাণ-প্রতিষ্ঠাতা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আছিল সকলো গুণৰ আকৰ। গুৰুজনাৰ কৰ্মৰাজি, মাহাত্ম্য আৰু গুণাৱলীৰ পৰিসৰ অতি বিস্তৃত, বিশাল আৰু চিৰপ্ৰৱাহমান। তেৰাৰ বিশাল কৰ্মৰাজিয়ে অসমৰ সাহিত্য, সংস্কৃতি আৰু সভ্যতাক অমূল্য সম্পদ আৰু আৰু অক্ষয় ভাণ্ডাৰেৰে সমৃদ্ধ কৰিছে। জামুগুৰিহাটৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ সাংস্কৃতিক মানচিত্ৰত এক সুকীয়া স্থান দখল কৰি অহা মহাবাহু ব্রহ্ম পুত্ৰৰ উত্তৰ পাৰৰ এই প্ৰাচীন ভূখণ্ড বহু ঐতিহাসিক উত্থান-পতনৰ সাক্ষী। সমৃদ্ধ বৃহত্তৰ জামুগুৰিহাটৰ সমলসমূহে অঞ্চলটোৰ অতীতৰ প্ৰাচুৰ্যতাৰ কথাকে সোঁৱৰাই আহিছে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অনন্য অৱদান অংকীয়া ভাওনাক আধাৰ হিচাপে লৈ জামুগুৰি অঞ্চলৰ ৰাইজে আয়োজন কৰি অহা বাৰেচহৰীয়া ভাওনাই মহাপুৰুষজনাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক আদৰ্শক উজ্জীবিত কৰাত যোৱা দুশ বছৰৰো অধিককাল ধৰি অনন্য অৰিহণা যোগাই আহিছে। এনে এক সমৃদ্ধ ভূখণ্ডত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক অধিৱেশনৰ আয়োজনে গুৰুজনাৰ অৱদানৰ প্ৰতি অঞ্চলটোৱে লৈ অহা ভূমিকা পুনৰ অৱলোকনৰ সুযোগ দিছে বুলিতেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গুৰুজনাই দি থৈ যোৱা অমূল্য সম্পদৰাজি আগুৱাই লৈ যোৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘই প্রতিষ্ঠাকালৰে পৰা যি নিৰলস প্রয়াসত ব্ৰতী হৈ আহিছে যিটোৱে অসমৰ জাতীয় জীৱনত আধ্যাত্মিক আৰু ধর্মীয় চেতনা তথা সনাতন পৰম্পৰা অধিক প্রগাঢ় কৰিছে। গুৰুজনাই অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধিছিল, ভিন্নতাৰ মাজত সমন্বয়ৰ সোঁত বোৱাইছিল, জাতিটোত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল আৰু জাতিটোক বিশ্বজনীনতা প্রদান কৰিছিল। মহাপুৰুষজনাৰ এই অৱদানৰাজিক বিশুদ্ধৰূপত প্ৰচাৰ আৰু প্ৰসাৰত শ্রীমন্ত শংকৰদেৱ সংঘই যি অহোপুৰুষাৰ্থ কৰি আহিছে সেয়া নিতান্তই প্রশংসাৰ যোগ্য বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে কেৱল ধর্মীয় আৰু আধ্যাত্মিক দিশতে সীমাবদ্ধ নাথাকি আর্থ-সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক কৰ্মৰাজিৰে গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে শ্রীমন্ত শংকৰদেৱ সংঘই একনিষ্ঠভাৱে যি কর্মযজ্ঞত অৱতীৰ্ণ হৈছে সি অসমৰ জাতীয় জীৱনক অধিক সমৃদ্ধ কৰিছে। তেওঁ পুনৰ কয় যে শ্রীমন্ত শংকৰদেৱ সংঘই বিশ্ববিদ্যালয়ৰ জৰিয়তে অসমৰ শৈক্ষিক আৰু বৌদ্ধিক পৰিমণ্ডলত আজি এক বিশুদ্ধ বৈষ্ণৱ প্ৰাণৰ সঞ্চাৰ কৰিছে আৰু বিভিন্ন কৰ্মৰাজিৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া জাতিটোক একতা আৰু সমন্বয়ৰ ডোলেৰে বান্ধিবলৈ অক্লান্ত অৱদান আগবঢ়াইছে। জামুগুৰিহাটত অনুষ্ঠিত সংঘৰ ৯৫সংখ্যক অধিৱেশনৰ মঞ্চৰ পৰাই সংঘৰ আগন্তুক শত বার্ষিকী অনুষ্ঠানটোত থকাৰ যাতে সৌভাগ্য হয় তাৰ বাবে ভগৱান আৰু গুৰুজনাৰ ওচৰত তেওঁ প্রার্থনা জনায়। আগন্তুক শততম বার্ষিক অনুষ্ঠান তেওঁৰ বাবে কেবল ব্যক্তিগতভাবেই নহয় বৰং ই অসমৰ বাবে এক ডাঙৰ মাইলৰ খুঁটিত পৰিণত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই এই অনুষ্ঠানৰ প্ৰাকমূহূৰ্তত সংঘৰ পদাধিকাৰকে ধৰি সংঘৰ সৈতে জড়িত সকলোকে শ্রদ্ধা নিবেদন কৰে। তেওঁ কয় যে ৰাজনীতিত যোগ দিয়াৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহান কৰ্মৰাজিৰ সৈতে জড়িত হৈ থকাৰ সুযোগ লাভ কৰিছোঁ। বিশেষকৈ শিক্ষামন্ত্রী হৈ থকাৰ সময়ত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আইন প্ৰণয়ন, পৰৱৰ্তী সময়ত ৰাইদঙীয়াত বিশ্ববিদ্যালয়ৰ স্থায়ী ভৱন স্থাপনত কিছু পৰিমাণে হ’লেও অৰিহণা যোগোৱা আদি কর্মযজ্ঞৰ লগত নিজকে জড়িত কৰাৰ যি সুযোগ লাভ কৰিছিল, সেয়া তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্যতম প্রাপ্তি বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্রী ড° শর্মাই কয় যে শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মমত আছিল ভাগৱতৰ আধাৰত গঢ় লোৱা এক উদাৰ ধৰ্মীয় চেতনা। ভাগৱতৰ সৈতে তেৰাই যুক্ত কৰিছিল প্রাচীন পৰম্পৰা। বহু দেৱ-দেৱীৰ মাজত ভক্তসকল বিভ্রান্ত হোৱাৰ পৰিবৰ্তে এক কেন্দ্রীয় বিন্দুত আধ্যাত্মিক মনোনিবেশ কৰাৰ সুবিধাৰ বাবে ভাগৱতৰ এক ঈশ্বৰৰ উপাসনাৰ পদ্ধতিটো তেৰাই আঁকোৱালি লৈছিল। বহু দেৱতাৰ মাজত এজন কেন্দ্রীয় দেৱতাৰ উপাসনা দৰাচলতে এক সনাতন সত্যৰ উপলব্ধিৰ বাদে আন একো নহয়। একশৰণ হৰিনাম-ধৰ্মৰ তত্ত্ব হৈছে ভগৱান কৃষ্ণই একক পৰম সত্তা আৰু তেওঁক উপাসনা কৰিলেই জীৱৰ আত্মিক কল্যাণ সাধন হয়। ভক্তই ভগৱন্তৰ নামৰ মাজতে ভগৱন্তক বিচাৰি পাব পাৰে। গীতাৰ তত্ত্ব আৰু ভাগৱতৰ আখ্যানৰ ৰস ভাৰতবৰ্ষৰ নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ ঘাই আধাৰ বুলি উল্লেখ কৰি শংকৰদেৱে কৃষ্ণ চৰিত্ৰৰ মাজেদি এজন ঈশ্বৰক ভজন কৰাৰ সহজ অনাড়ম্বৰ পথেৰে আগুৱাই যোৱাৰ পথ প্রদর্শন কৰে। অসমীয়াৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক জীৱনলৈ শ্ৰীমন্ত শংকৰদেৱে আগবঢ়োৱা অৱদানৰ গভীৰতা বিশেষকৈ তেৰাৰ সাহিত্যিক সৃষ্টিৰ মাজেদি অনুভৱ কৰিব পাৰি। গুৰুজনাই নামঘৰ স্থাপন কৰি ধৰ্ম আৰু সংস্কৃতি চৰ্চাৰ ভেটি গঢ়িছিল। বৰগীত আৰু অংকীয়া ভাওনাৰ সৃষ্টিৰে গুৰুজনাই অসমীয়া সংস্কৃতিত আপুৰুগীয়া সম্পদৰ সংযোজন কৰিছিল। পত্নীপ্রসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় নাট ৰচনা কৰি আৰু ভাগৱতৰ কেই বাটাও স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণৰ দৰে সংস্কৃত শাস্ত্রসমূহ অসমীয়ালৈ অনুবাদ কৰি তেৰাই ৰাজ্যত নতুন আধ্যাত্মিক জাগৰণৰ সৃষ্টি কৰিছিল। মহাপুৰুষজনাৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ ‘কীর্তন-ঘোষা’ৰ লগতে ‘গুণমালা’, ভক্তি-প্রদীপ’, ‘ভক্তি-ৰত্নাকৰ’, ‘নিমি-নৱসিদ্ধ সংবাদ’ আৰু ‘অনাদি-পাতন’ৰ দৰে ভক্তিতত্ত্ব প্রকাশক গ্রন্থসমূহে মহাপুৰুষজনাৰ উচ্চ মানসিকতা, বিশাল পাণ্ডিত্য তথা চিন্তাৰ ব্যাপকতাৰ স্বাক্ষৰ বহন কৰিছে। গুৰুজনাৰ অদ্বিতীয় সৃষ্টি সত্রীয়া নৃত্যই ভাৰতীয় ধ্রুপদী নৃত্যৰ জগতখন সমৃদ্ধ কৰিছে বুলি তেওঁ মন্তব্য কৰে। গুৰুজনাৰ সৃষ্ট সাহিত্য কেৱল ধর্মীয় গ্রন্থ নহয়, ই অসমীয়া সমাজৰ চেতনাৰ ৰূপান্তৰৰ এক শক্তিশালী মাধ্যম বুলি অভিহিত কৰি তেওঁ কয় যে এই সাহিত্যসমূহে অসমীয়া সমাজত এক নতুন আধ্যাত্মিক আৰু সামাজিক আলোড়নৰ সৃষ্টি কৰিলে। বৈষ্ণৱ সাহিত্যই অসমৰ সমাজত নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে আৰু ই অসমক সৰ্বভাৰতীয় আৰু মহাজাতীয় চৈতন্যৰ লগত সংযোগ স্থাপন কৰাত সহায় কৰিলে। মূলতঃ সাংস্কৃতিক চেতনাবোধ, জাতীয়তা বাদ আৰু প্ৰবল আশাবাদক আধাৰ হিচাপে লৈ গুৰুজনাই প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মৰ এক লক্ষণীয় বৈশিষ্ট্য আছিল সৰ্বভাৰতীয় চেতনাবোধৰ সৈতে ঐক্য স্থাপন। ভাৰতৰ লগত অসমৰ সম্বন্ধ অতি প্রাচীন যদিও মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সময়ৰ পৰাহে অসমে সাংস্কৃতিক ক্ষেত্রত সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহ কৰে। শংকৰদেৱেই প্ৰথম অসমীয়া, যিজনে সৰ্বভাৰতীয় ঐতিহ্যৰ ধল প্ৰথমবাৰৰ বাবে অসমলৈ বোবাই আনিলে আৰু অসমীয়াৰ মানসিক দিগন্ত অসমৰ পৰা ভাৰতলৈ প্ৰসাৰিত কৰিলে। পঞ্চদশ শতিকালৈ সকলোবোৰ গুৰু আৰু মহাপুৰুষৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল একক, অনন্য আৰু ব্যতিক্রম। সেয়েহে অসমীয়া লোকসকলৰ জীৱনৰ লক্ষ্য হোৱা উচিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰা, নৱবৈষ্ণৱ ধৰ্মৰ মূলসাৰ কৃষ্ণ ভক্তিক ভাৰতৰ চুকে-কোণে বিয়পাই দিয়া আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সমগ্ৰ দেশৰ ভিতৰতে সর্বশ্রেষ্ঠ গুৰু হিচাপে প্ৰতিষ্ঠা কৰা।  যোৱা পাঁচটা বছৰত অসম চৰকাৰৰ এক ডাঙৰ সফলতা আছিল ভকত-বৈষ্ণৱসকলে চাব পৰাকৈ বৃন্দাবনী বস্ত্ৰক ৰাজ্যখনলৈ ওভতাই অনাৰ প্ৰচেষ্টা। আগন্তুক কিছু দিনৰ ভিতৰতে গুৱাহাটীত আধুনিক সংগ্ৰহালয় নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৭ চনত ২ বছৰৰ বাবে ব্ৰিটিছ মিউজিয়ামৰ পৰা বৃন্দাবনী বস্ত্ৰ অসমলৈ লৈ অনা হ’ব। যাতে ভকত-বৈষ্ণৱসকলে বৃন্দাবনী বস্তুক স্বচক্ষুৰে চাব পাৰে। যোৱা পাঁচটা বছৰত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক ৰাষ্ট্ৰীয় প্রেক্ষাপটলৈ লৈ যাবলৈ যি মহান প্রচেষ্টা অব্যাহত আছে সেই প্রচেষ্টাই নিশ্চয় সার্থকতা লাভ কৰিব। আজি অসমীয়া জাতিটোৱে এক গভীৰ সংকটৰ মাজেৰে পাৰ কৰিছে। অসমীয়া লোকৰ কৰ্মৰ প্ৰতি অনীহা বুলি এক অপবাদ মূৰৰ ওপৰত জাপি দি একাংশ লোকে অসমীয়াৰ পৰা অৰ্থনৈতিক শক্তিসমূহ কাঢ়ি লৈ যাবলৈ প্রচেষ্টা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত ৩০ লাখ বিঘা ভূমি আজি সেইসকল লোকে বিভিন্ন কূটবুদ্ধিৰে বেদখল কৰি নিজৰ অধীনলৈ নিছে। আজি অসমৰ ১২খন জিলাত অসমীয়া লোক সংখ্যালঘুত পৰিণত হৈছে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাতে আজি অসমীয়া লোক এক সংখ্যালঘুৰ ৰূপত পৰিণত হৈছে। জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত এচামে আত্মসমর্পণৰ পথ বিচাৰি উলিয়াইছে। যোৱা পাঁচটা বছৰত ৰাজ্য চৰকাৰে ডেৰ লাখ বিঘাতকৈও অধিক ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিলে। তদুপৰি ১ লাখ ৬০ হাজাৰ চৰকাৰী নিযুক্তি স্বচ্ছ আৰু মেধাৰ ভিত্তিত কেৱল অসমীয়া আৰু অসমবাসীৰ বাবে সুৰক্ষিত কৰা হ’ল। তেওঁ কয় যে আজি অসম চৰকাৰৰ ভিতৰচ’ৰাত অসমীয়া মন প্রবাহিত কৰিবলৈ সক্ষম হৈছোঁ। বিষয়া-কর্মচাৰী আৰু চৰকাৰৰ ইক ‘ছিষ্টেমটোক অসমীয়াৰ গৌৰৱেৰে ৰাজ্য চৰকাৰে নতুনকৈ উজ্জীৱিত কৰিলে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ‘এজন অসমীয়া হিচাপে আত্মসমর্পণৰ পথ স্বীকাৰ কৰিবলৈ মই বাধ্য নহয়। কোনোবা অচিনাকি লোক বা অবৈধ বাংলাদেশীৰ ওচৰত আত্মসমর্পণ কৰাতকৈ মৃত্যুবেই শ্রেয় আৰু সেই আদৰ্শৰে আজি অসমীয়াই অদম্য শক্তিৰে জাতিটোক নতুনকৈ সঞ্জীবিত কৰাৰ যুঁজত নামি পৰিছে। অর্থনৈতিক শক্তি আৰু অর্থনৈতিক সাহস হৈছে এই যুঁজৰ অন্যতম উপাদান।  অসমীয়াই যদি নিজৰ অৰ্থনৈতিক শক্তিক হাতত ধৰি ৰাখিব পাৰে, তেন্তে জাতিটোক কেতিয়াও কোনেও দমন কৰিব নোৱাৰে।’ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদীয়মান যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপন আৰু উদ্যোগ আদি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই আশ্বাস প্রদান কৰে। তেওঁ কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰ ৰচনাৱলীক সমগ্র ভাৰতবৰ্ষৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা আৰু প্ৰতিখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ উপহাৰ দিয়াটো এক জাতীয় কর্তব্য। শ্রীমন্ত শংকৰদেৱৰ ৰচনাৰাজিক বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদৰ বাবে শ্রীমন্ত শংকৰদেৱ সংঘই হাতত লোৱা প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ বাবে তেওঁ আশ্বাস প্রদান কৰে। এই অনুষ্ঠানতে তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আতিথ্য প্রদানকাৰী তেজপুৰ জিলা শাখালৈ নামঘৰ নিৰ্মাণৰ বাবে ১ কোটি টকা আর্থিক অনুদান প্রদানৰ কথা ঘোষণা কৰে। শ্রীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড° মৃণাল কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকা, বিধায়ক প্রমোদ বৰঠাকুৰ আৰু পৃথ্বিৰাজ ৰাভা, প্রাক্তন সাংসদ পল্লৱলোচন দাস, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অশোক কুমাৰ বৰা, সংঘৰ উপ-পদাধিকাৰ চন্দ্ৰ হাজৰিকা, প্রধান সম্পাদক কুশল ঠাকুৰীয়া, প্রাক্তন পদাধিকাৰ কমলাকান্ত গগৈকে ধৰি অন্যান্য বিষয়ববীয়াসকল, বহুসংখ্যক গণ্য-মান্য ব্যক্তি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লক্ষাধিক ভকত-বৈষ্ণৱ উপস্থিত থাকে।