আন্ত: মহাবিদ্যালয় কাৰাটে প্ৰতিযোগিতাত পুৰুষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাহুল দত্ত আৰু মহিলাৰ ডিকেডি মহাবিদ্যালয়ৰ ৰশ্মি ছেত্ৰী শ্ৰেষ্ঠ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় কাৰাটে প্ৰতিযোগিতাত পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাহুল দত্ত আৰু মহিলা শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ডি,কে,ডি মহাবিদ্যালয়ৰ ৰশ্নি চেত্ৰীয়ে৷ এই প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ২৮খন মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া ড০ দ্বীপজ্যোতি গগৈয়ে৷ তেওঁ নিজৰ ভাষণত কয় যে,আগন্তুক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া আন্ত:বিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতাৰ বিষয়ে সকলোকে অবগত কৰি এই প্ৰতিযোগিতাৰ পৰাই বিশ্ববিদ্যালয়ৰ দলটি বাচনি কৰাৰ কথা উল্লেখ কৰে৷ খেলখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰু ড০ জিতু বৰাই৷ সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সভাপতি নিৰেণ ফুকন, অধ্যক্ষ ধৰ্মেন্দ্ৰ দুৱৰা, খেল পৰিচালক আৰু বিচাৰক সকল৷ প্ৰতিযোগিতাখনিত পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাহুল দত্তই আৰু মহিলা শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ডি,কে,ডি কলেজৰ ৰশ্নি চেত্ৰীয়ে৷ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছাত্ৰ পৰিক্ৰমা গুৰু ড০ সুৰজিত বৰকটকী৷ তেখেতৰ বহুমূলীয়া ভাষণৰ লগতে পুৰস্কাৰ সমূহ বিতৰণ কৰে৷ প্ৰতিযোগিতাখনি সফলভাৱে সমাপ্ত হোৱাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ড০ জিতেন হাজৰিকা আৰু পঞ্জীয়ক ড০ পৰমানন্দ সোনোৱালে সকলোকে অভিনন্দন, শুভেচ্ছা আৰু ধন্যবাদ জনায় ৷ প্ৰতিয়োগিতাখনিৰ পৰিচালক হিচাপে আছিল ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক অঞ্জন চেতিয়া৷
