গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক গ্ৰেপ্তাৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নিৰাপত্তা বেহুৰ মাজত থকা সত্ত্বেও গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দীর্ঘদিন ধৰি চলি থকা অনৈতিক কার্যকলাপ নাটকীয়ভাৱে অৱশেষত পোহৰলৈ আহিল। কিয়নো ধনৰ বিনিময়ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়েদীক ৰাজআতিথ্য প্রদান কৰি স্বয়ং ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল কাৰাগাৰখনৰ জেইলাৰ দেৱকমল বৰুৱা। দীর্ঘসময় ধৰি বহু সচেতন ব্যক্তিয়ে কাৰাগাৰখনৰ ভিতৰচ’ৰাত চলি থকা অপকর্মক উদঙাই দিবলৈ চেষ্টা কৰি আহিছে যদিও অজ্ঞাত শক্তিৰ বলত কোনোৱে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাছিল। অৱশেষত বশিষ্ঠ আৰক্ষীয়ে কাৰাগাৰত নিয়োজিত চতুৰ্থ অসম আৰক্ষী জোৱান কংকণ বৰা আৰু দেৱজিৎ দাসক জে’লৰ কয়েদীক নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ধৃত জোৱানদ্বয়ক চলোৱা মাৰাথন জেৰাত এই সমস্ত সৰবৰাহৰ চক্ৰ জেইলাৰ দেৱকমল বৰুৱাৰ নেতৃত্বত চলি থকাৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে এই সন্দর্ভত উত্থাপিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলোৱাৰ সমান্তৰালকৈ ইয়াৰ পূৰ্বেও এগৰাকী লোকে কাৰাগাৰখনৰ ভিতৰত চলি থকা অপকৰ্মৰ বিৰুদ্ধে কাৰাগাৰসমূহৰ অধীক্ষক তথা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত এক গোচৰ দাখিল কৰিছিল। ধৃত জোৱানদ্বয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত কাৰাগাৰসমূহৰ অধীক্ষক প্রবীণ কুমাৰ হাজৰিকাই এখন এজাহাৰ বশিষ্ঠ থানাত দাখিল কৰে। সেইমর্মে বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই জেইলাৰ দেৱকমল বৰুৱাক গ্ৰেপ্তাৰ কৰে। ধৃত দেৱকমল বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৯৯/২৫০/৩(৫)/৩০৮ (৫) নং ধাৰাৰ লগতে এনডিপিএছ আইনৰ সহযোগী ধাৰা ২০ (বি), (II) (এ)ৰ অধীনত ৪৭/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰে।ইপিনে জেইলাৰ বৰুৱাক গ্ৰেপ্তাৰৰ পাছতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বহু ক’লা অধ্যায় পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কংকণ বৰা আৰু দেৱজিৎ দাসৰ সহযোগত জেইলাৰ দেৱকমল বৰুৱাই বিভিন্ন সময়ত বৃহৎ অংকৰ ধনৰ বিনিময়ত কয়েদীয়ে বিচৰা অনুসৰি সুৰা, গাঞ্জাৰ লগতে মাৰাত্মক ড্ৰাগছো যোগান ধৰিছিল। অকল সেয়াই নহয়, আৰক্ষী সূত্ৰই সদৰী কৰা মতে, বিচৰা মতে ধন প্রদান কৰিলে কাৰাগাৰখনত যিমানেই গুৰুতৰ অপৰাধত অভিযুক্ত কয়েদীয়েই নহয়, বিচৰা মতে ৰাজআতিথ্য প্রদান কৰাতো কৃপণালি কৰা নাছিল জেইলাৰ বৰুৱাই। কাৰাগাৰত চলোৱা নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহাৰ সংগৃহীত  ধনেৰে গুৱাহাটী মহানগৰীৰ কেইবা স্থানতো ভূমি, বিলাসী অট্টালিকা ক্রয় কৰিছিল জেইলাৰ বৰুৱাই। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জেইলাৰ বৰুৱাৰ বেংক একাউণ্টতো বৃহৎ অংকৰ ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে। কিয়নো বহু পূৰ্বৰে পৰা জেইলাৰ বৰুৱাৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ আৰক্ষীয়ে লাভ কৰি আহিছিল যদিও উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰিব পৰা নাছিল। শেহতীয়াকৈ দুই আৰক্ষী জোৱানে দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে জেইলাৰজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।