গুৱাহাটী বিশ্ববিদ্যালয়-জ্যোতিপ্রসাদ আগৰৱালাৰ পৰিয়ালৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ শিল্প-সাহিত্যৰ অমৰ প্ৰতিভা, যুগস্রষ্টা ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি গৱেষণা তথা শৈক্ষিক দিশত ব্যৱহাৰৰ উদ্দেশ্যে সংৰক্ষণ, নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণৰ উদ্দেশ্যে বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ আৰু মহান শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ মাজত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। ৰূপকোঁৱৰ পৰিয়ালবৰ্গৰ উপস্থিতিত বৃহস্পতিবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ৰূপকোঁৱৰৰ সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কেৱল এগৰাকী শিল্পী নহয়, তেওঁ অসমীয়া জাতিৰ আত্মাৰ কণ্ঠস্বৰূপ। তেওঁৰ চলচ্চিত্র, সাহিত্য আৰু সৃষ্টিসমূহত অসমৰ সামাজিক, সাংস্কৃতিক আৰু মানৱীয় চেতনাৰ এক জীৱন্ত আৰু গভীৰ প্ৰতিফলন প্রতীয়মান হয়। এনে অমূল্য বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো কেৱল এক শৈক্ষিক দায়িত্ব নহয়, ই আমাৰ জাতিগত দায়িত্ব। এই বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুষ্প্রাপ্য আৰু অমূল্য সৃষ্টিসমূহ সু-সংগঠিতভাৱে সংৰক্ষণ, নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণ কৰি ভৱিষ্যৎ প্ৰজন্মৰ গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পাঠকৰ বাবে সহজলভ্য কৰাৰ অৰ্থে এক দৃঢ় আৰু সময়োপযোগী পদক্ষেপ গ্রহণ কৰিব। উল্লেখ্য যে প্রিভেঞ্চন এণ্ড ডকুমেন্টেচন অৱ দ্য অৰিজিনেল ৱৰ্কছ অৱ জ্যোতিপ্ৰসাদ আগৰৱালা (Preservation and Documentation of the Original Works of Jyotiprasad Agarwala)- শীর্ষক প্ৰকল্পৰ জৰিয়তে সংগ্ৰহ আৰু নথিভুক্ত কৰা সকলো সামগ্রীক বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পুৰণি পাণ্ডুলিপি সংৰক্ষণ শাখাৰ অধীনত যথাযথভাৱে সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ কৰা হ’ব। পৰৱৰ্তী সময়ত বিশেষ সংগ্ৰহালয় স্থাপনেৰে এই সকলোবোৰ উক্ত সংগ্ৰহালয়ত উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড° ভাৰতী ভৰালী তথা ছাত্রী সংগীতা বৰাই ‘জয়মতী’ চলচ্চিত্র সম্পকীয় গৱেষণাৰ সময়ত লাভ কৰা চলচ্চিত্র পাণ্ডুলিপি, চিঠি-পত্র, নাটক, কবিতা আৰু অন্যান্য দুষ্প্রাপ্য নথিসমূহ ভৱিষ্যৎ প্ৰজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সংৰক্ষণ কৰাৰ অৰ্থে এই গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰে। ড° ভাৰতী ভৰালীয়ে উল্লেখ কৰে যে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ পৰিয়ালকাই গুৱাহাটী বিশ্ববিদ্যালয়ে গ্রহণ কৰা এই গুৰুত্বপূৰ্ণ আৰু দূৰদর্শী পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনাইছে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰূপকোঁৱৰদেৱৰ দুষ্প্রাপ্য আৰু অমূল্য সৃষ্টিসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ, বৈজ্ঞানিক পদ্ধতিত নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ পথ সুগম হৈছে। এই বুজাবুজিব চুক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক দায়িত্ববোধৰ এক উজ্জ্বল নিদর্শন আৰু অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ। উক্ত কর্মত বিভিন্ন ক্ষেত্ৰত সহায় কৰা সকলো ব্যক্তিক তথা ছাত্রী সংগীতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চুক্তি স্বাক্ষৰ অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ পৰিয়ালবৰ্গৰ লগতে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ড° প্ৰশান্ত ডেকা, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন গোস্বামী, অধ্যাপক অংকুৰণ দত্ত, পৰিৱেশ কলা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক প্রাঞ্জল শইকীয়া, উপাচাৰ্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° সঞ্জয় কুমাৰ দত্ত, উপাচাৰ্যৰ সচিব আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড° মৃণালজ্যোতি ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
