শান্তিৰ সৰগ বিচাৰি
নমিতা দাস
খিৰিকী খন খুলি দিয়াৰ লগে লগে
আঘোনৰ মিঠা ৰ’দকাচলিৰ সৈতে
সোমাই আহিল এচাটি মৃদু বতাহ
বতাহজাক মুখত লাগি আউল বাউল কৰিলে হি
ৰূপোৱালী চুলি বোৰ
চকু মুখত ৰৈ গ’ল
আকাৰহিন পোহৰ
বতাহ খিনিয়ে উৰুৱাই নিয়ে
বহু দূৰলৈ
ধূলিত ধূসৰিত
নিয়ৰৰ মুকুতা মনি সৰে
পথাৰ ভৰি সোনোৱালী সপোনৰ
আবেগ বোৰ মোহাৰি
যন্ত্ৰণাৰ কোলাহলত
এতিয়া আৰু নসৰে নিয়ৰৰ কণিকা
ধুমুহাৰ সতে যুঁজি
নাভাগৰে,
এতিয়া
শান্তিৰ সৰগ বিচাৰি
তমসাই আবৰিলেও
ৰ’দৰ জিলিকনিৰে
চৌপাশ পোহৰাই ।
