গৰম বন্ধত পঢ়িব লগিয়া কিছুমান গ্ৰন্থ – উদয়ন চেতিয়া 

Pc Tim Challies

গৰম বন্ধত পঢ়িব লগিয়া কিছুমান গ্ৰন্থ

উদয়ন চেতিয়া 
ধেমাজি 

উদীয়মান লেখিকা বেনজিন চুলতানাই গৰম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অৱসৰ সময় সঠিক আৰু সৃজনশীলভাৱে ব্যৱহাৰ কৰিবলৈ ভাল ভাল গ্ৰন্থ পঢ়িবলৈ আহ্বান জনাইছে। তেওঁ কৈছে যে এই সময়ছোৱা কেৱল বিশ্ৰাম কৰাৰ বাবেই নহয়, নিজৰ জ্ঞান বঢ়োৱা, নিজকে উন্নত কৰা আৰু নতুন কথা শিকাৰ বাবে অতি মূল্যবান।

তেওঁৰ মতে, এই সময়ছোৱাত পঢ়িব পৰা কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল— ৰীতা চৌধুৰীৰ ‘দেও লাংখুই’, য’ত মানুহৰ জীৱনৰ অনুভূতি, সমাজৰ বাস্তৱতা আৰু নাৰী জীৱনৰ কথা সুন্দৰভাৱে প্ৰকাশ পাইছে। অনুৰাধা শৰ্মা পূজাৰীৰ ‘নাহৰৰ নিৰিবিলি ছাঁ’ গ্ৰন্থখনত অসমীয়া সমাজৰ জীৱন, সংস্কৃতি আৰু নীৰৱ দুখ-কষ্টৰ কথা সহজভাৱে বৰ্ণনা কৰা হৈছে। মৃগেন শৰ্মাৰ ‘পুৰণি অসমৰ কাৰিকৰী শিল্প ইতিহাস’ গ্ৰন্থখনত পুৰণি অসমৰ শিল্পকলা আৰু মানুহৰ দক্ষতাৰ বিষয়ে জানিব পৰা যায়।

ইয়াৰ উপৰি, চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ গ্ৰন্থখন মানুহৰ মন, সমাজৰ কিছুমান অৱহেলিত দিশ আৰু মানৱীয় মূল্যবোধৰ কথা কোৱা হৈছে। পদ্মেশ্বৰ নাওবৈছা ফুকনৰ ‘অসম বুৰঞ্জী’ গ্ৰন্থখনৰ জৰিয়তে অসমীয়া ইতিহাস আৰু সমাজৰ বিকাশৰ বিষয়ে বুজিব পৰা যায়। লগতে ড° অজিত কুমাৰ বৰুৱাৰ ‘কোচ ৰাজ্যৰ বুৰঞ্জী’ গ্ৰন্থখনত কোচ ৰাজ্যৰ ইতিহাস আৰু তেওঁলোকৰ অৱদান সহজভাৱে ব্যাখ্যা কৰা হৈছে।

বেনজিন চুলতানাই বিশ্বাস কৰে যে এই সকলো গ্ৰন্থ পঢ়িলে ছাত্ৰ-ছাত্ৰীয়ে সাহিত্যৰ প্ৰতি আগ্ৰহ বঢ়াব, ইতিহাস আৰু সমাজৰ বিষয়ে নতুন নতুন কথা শিকিব আৰু নিজৰ চিন্তা-ভাবনা অধিক উন্নত কৰিব পাৰিব।