লিডু ৰাষ্ট্রীয় সাহিত্য সন্মিলন
দুলুমণি দেৱী,মাকুম
উত্তৰ পুব ভাৰতৰ উদ্যোগ নগৰী লিডু ঠাইখিনিৰ বিষয়ে সকলোৰে প্রায়ে অৱগত৷ তিনিচুকীয়া জিলাৰ অন্তর্গত ঐতিহ্যৰ চানেকি বহন কৰা লিডুত কয়লা খনিও আছে ৷ মার্ঘেৰিটা মহকুমাৰ অন্তর্গত এই লিডু ঠাইখিনি প্রতিটো দিশতে আগবাঢ়ি যোৱা চকুত পৰে ,বহু ব্যক্তিত্বসম্পন্ন ব্যক্তিয়ে সাহিত্যৰ জগতখনৰ লগত জৰিত হৈ সমাজখন জিলিকাই ৰাখিছে ৷ এই ক্ষেত্রত বিশেষভাৱে নাম ল’ব লাগিব লিডু ৰাষ্ট্রীয় সাহিত্য সন্মিলন ৷ এই সন্মিলনৰ উদ্দশ্যই হৈছে কাব্যযাত্রাৰ পথ সেন্দুৰীয়া কৰাৰ লগতে সাহিত্যৰ দিশত মননশীল ব্যক্তিসমষ্টিৰ সৃষ্টি কৰা ৷ তেনে এক গাম্ভীর্যপুর্ণ অনুষ্ঠানত অংশ লোৱাৰ সুযোগ মিলিছিল এজন ব্যক্তিত্বসম্পন্ন ব্যক্তিৰ বাবে ,নামেই যাৰ পৰিচয় ড0 ৰঞ্জিত দত্তদেৱ ৷ এজন অনুবাদক হিচাপে তেখেত চিৰপৰিচিত ,তেখেতে লিডুৰ দৰে এখন সৰু ঠাইত ৰাষ্ট্রীয় পর্যায়ৰ কবিসকলক একোগোট কৰি দুদিনীয়া কার্যসুচীয়ে লিডু মহাবিদ্যালয়ত সাহিত্য সন্মিলন অনুষ্ঠিত কৰি যিখিনি আদর্শ দেখুৱালে সেয়া সচাঁয় অনুকৰণীয় ৷ ভাল কামৰ স্বীকৃতি দিব লাগে কিয়নো ইয়ে এখোজ আগুৱাই নিয়ে পোহৰৰ বাটত৷
দেশ বিদেশৰ কবি সাহিত্যিকসকলে লিডুলৈ অহাৰ এটা সুযোগ পালে তেখেতৰ মহানুভৱতাৰ বাবে যাৰ বাবে বহুকেইজন কবিয়ে কবিতা লিখিছে লিডুৰ প্রাকৃতিক সৌন্দর্যৰ ওপৰত৷ তেওঁলোকৰ কবিতাত শুনা পালো অসমৰ প্রকৃতিজগতৰ নির্মল ,নিভাঁজ প্রতিচ্ছবি লগতে অসমৰ মানুহৰ আন্তৰিকতা আৰু ,আতিথ্য ,যিয়ে নেকি তেওঁলোকক অসমৰ মাটি ,পানী ,বায়়ু আৰু অসমীয়াৰ মৰমে হাত বাউল দি পুনৰাই মাতিব ৷ এনেদৰে অসমৰ প্রকৃতিজগতৰ বর্ণনা বাহিৰৰ কবিসকলৰ বিশেষকৈ কলকতা ,নেপাল ,ইত্যাদি ঠাইৰ কবিৰ কবিতাত প্রকাশ পোৱাত আনন্দৰ বন্যা বয় সকলোৰে মাজত ৷
যি কি নহওক এনেকৈয়ে জিলিকি থাকক লিডুৰ কবি সন্মিলন লগতে লিডু মহাবিদ্যালয় আৰু লিডুৰ সাহিত্যৰ অনান্য অনুষ্ঠানবিলাক ,ইয়াৰ যোগেদি কেৱল লিডুৱে নহয় সমগ্র অসমেই জিলিকি থাকিব৷সুন্দৰ কামে সুন্দৰ প্রতিচ্ছবি দাঙি ধৰে ৷
