বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে

বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে

ৰঙিলী বাৰ্ত্তাসেৱা- অভিলেখ ৰচি একেৰাহে নৱমবাৰলৈ দেশৰ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে। কৰ্তব্য ভৱনত প্রস্তুত কৰা ২০২৬-২৭ বৰ্ষৰ প্ৰথমখন বাজেটত কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে বিকশিত ভাৰতৰ দিশত সংস্কাৰৰ গতি ত্বৰান্বিত কৰিবলৈ প্রধানতঃ অগ্রাধিকাৰ দিছে তিনিটা কৰ্তব্যক। তেওঁৰ ভাষাত ইয়াৰে প্ৰথমটো কর্তব্য হ’ল-অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ সমান্তৰালভাৱে উৎপাদনশীলতা আৰু প্রতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰি অস্থিৰ বৈশ্বিক গতিশীলতাৰ প্ৰতি সুস্থিৰতা গঢ়ি তোলা। দ্বিতীয়টো জনসাধাৰণৰ আকাংক্ষা পূৰণ আৰু তেওঁলোকৰ সামর্থ্য বৃদ্ধি কৰা। ভাৰতৰ সমৃদ্ধিৰ পথত জনসাধাৰণক শক্তিশালী অংশীদাৰ কৰি তোলা। সেইদৰে তৃতীয়টো কৰ্তব্য হ’ল-সবকা সাথ, সবকা বিকাশৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূর্ণভাবে প্রতিটো পৰিয়াল, সম্প্রদায়, অঞ্চল আৰু খণ্ডক অর্থপূর্ণ অংশগ্রহণেৰে সম্পদ, সুযোগ আৰু সুবিধা প্রদান কৰা। বাজেটখনক যুৱশক্তিকেন্দ্রিক আখ্যা দিয়ে কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে। অর্থাৎ তেওঁৰ মতে, ২০২৬-২৭ বৰ্ষৰ বাজেটে যুৱপ্ৰজন্মৰ নতুন সুযোগ-সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে। দৰিদ্ৰ, বঞ্চিত আৰু অনগ্ৰসৰ জনসাধাৰণৰ ওপৰত থকা চৰকাৰৰ সংকল্পৰ কথা উল্লেখ কৰি প্ৰায় ডেৰঘণ্টীয়া বাজেট ভাষণত তেওঁ কয় যে ভাৰতে বিকশিত ভাৰত গঢ়াৰ দিশত আত্মবিশ্বাসী পদক্ষেপ গ্রহণ কৰি যাব। বর্ধিত বাণিজ্য আৰু পুঁজিৰ প্ৰয়োজনীয়তাৰ সৈতে উন্নয়নশীল অর্থনীতি হিচাপে ভাৰতে বিশ্ব বজাৰৰ সৈতে গভীৰভাৱে একত্রিত হৈ থাকিব লাগিব। অধিক ৰপ্তানি আৰু আকৰ্ষণ কৰিব লাগিব দীর্ঘম্যাদী সুস্থিৰ বিনিয়োগ। বাণিজ্য আৰু বহুপাক্ষিতা বিপন্ন হোৱা এক বাহ্যিক পৰিৱেশৰ সন্মুখীন হৈছে দেশে। সম্পদ-যোগান শৃংখলৰ প্ৰৱেশাধিকাৰ ব্যাহত হৈছে। নতুন প্রযুক্তিয়ে উৎপাদন প্ৰণালীৰ পৰিৱৰ্তন সাধন কৰি আছে। একে সময়তে পানী, শক্তি আৰু গুৰুত্বপূর্ণ খনিজ পদাৰ্থৰ চাহিদা বৃদ্ধি হৈছে। তেওঁ দাবী কৰা মতে, ২০২৫ চনৰ স্বাধীনতা দিৱসত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰাৰ পিছত সংস্কাৰ সাধন কৰা হৈছে ৩৫০ৰো অধিক। প্রথম কৰ্তব্যৰ অধীনত অর্থনৈতিক বিকাশ ত্বৰান্বিত আৰু ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে ৬টা প্রস্তাৱ দিয়া হৈছে। সেয়া হ’ল- ৭টা কৌশলগত আৰু অগ্রণী খণ্ডত উৎপাদন বৃদ্ধি কৰা, পুৰণি ঔদ্যোগিক খণ্ডৰ পুনৰুজ্জীৱন, চেম্পিয়ন এমএছএমই গঢ়ি তোলা, আন্তঃগাঁথনিৰ ক্ষেত্রত শক্তিশালী পদক্ষেপ গ্রহণ, দীর্ঘম্যাদী শক্তি সুৰক্ষা-সুস্থিৰতা নিশ্চিতকৰণ আৰু চহৰ অৰ্থনৈতিক অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা। বাজেট ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণে ঘোষণা কৰে যে ভাৰতক বিশ্ব জৈৱ ঔষধ উৎপাদন কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ অহা ৫ বছৰত ১০,০০০ কোটি টকা ব্যয়সাপেক্ষ বায়’ফার্মা শক্তি যোজনা আৰম্ভ কৰা হ’ব। এইক্ষেত্রত তিনিটা নতুন ৰাষ্ট্ৰীয় ঔষধ শিক্ষা-গবেষণা প্রতিষ্ঠানৰ সৈতে বায়’ফার্মাকেন্দ্রিক নেটৱৰ্ক আৰু বৰ্তমানৰ ৭টা প্ৰতিষ্ঠানৰ উন্নীতকৰণ অন্তর্ভুক্ত হ’ব। তদুপৰি ই এহেজাৰৰো অধিক স্বীকৃতিপ্রাপ্ত ভাৰতীয় ক্লিনিকেল ট্রায়েল ছাইটৰ নেটৱৰ্ক গঢ়ি তুলিব। বাজেটত শ্রম নিবিড় বস্ত্রশিল্প খণ্ডৰ বাবে ৫টা উপ-অংশৰ সৈতে একত্রিত কাৰ্যসূচীৰ প্ৰস্তাৱ কৰা হৈছে। ৰেচম, ঊণ-মৰাপাট, কৃত্রিম ফাইবাৰ আৰু নতুন যুগৰ ফাইবাৰ আদিৰ দৰে প্ৰাকৃতিক ফাইবাৰসমূহত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে ৰাষ্ট্ৰীয় ফাইবাৰ আঁচনি, বস্ত্ৰ বিস্তাৰ-নিয়োগ আঁচনি, ৰাষ্ট্ৰীয় হস্ততাঁত-হস্তশিল্প কার্যসূচী, টেক্স-ইক’ উদ্যোগ আৰু সমৰ্থ ২.০ গ্ৰহণৰ প্ৰস্তাৱ ৰখা হৈছে। সেইদৰে এমএছএমইসমূহক বিকাশৰ এক গুৰুত্বপূৰ্ণ ইঞ্জিন হিচাপে স্বীকৃতি প্রদান কৰি নিৰ্বাচিত মানৰ আধাৰত উদ্যোগসমূহক উৎসাহিত কৰি ভৱিষ্যতৰ চেম্পিয়ন সৃষ্টিৰ বাবে ১০ হাজাৰ কোটি টকাৰ এক নির্দিষ্ট পুঁজিৰ আবণ্টন দিয়াৰ কথাও কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বহনক্ষম মালবাহী যাতায়াতক প্ৰসাৰিত কৰিবলৈ তেওঁ পূবে ডাংকুনীৰ পৰা পশ্চিমে চুৰাট সংযোগী এক নতুন মালবাহী কৰিড’ৰৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে অহা ৫ বছৰত ২০টা নতুন ৰাষ্ট্ৰীয় জলপথ কার্যক্ষম কৰা হ’ব। প্রয়োজনীয় জনশক্তি বিকাশৰ বাবে আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা হ’ব। তদুপৰি ৭টা তীব্রবেগী ৰে’ল কৰিড’ৰ- মুম্বাই-পুনে, পুনে-হায়দৰাবাদ, হায়দৰাবাদ-বেংগালুৰু, হায়দৰাবাদ-চেন্নাই, চেন্নাই-বেংগালুৰু, দিল্লী-বাৰাণসী আৰু বাৰাণসী-শিলিগুৰি স্থাপন কৰা হ’ব। দ্বিতীয়টো কৰ্তব্য আকাংক্ষা পূৰণ আৰু সামর্থ্য গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ সদৰী কৰা অনুসৰি চৰকাৰৰ এক দশকৰ ধাৰাবাহিক আৰু সংস্কাৰমুখী প্ৰচেষ্টাৰ ফলত প্রায় ২৫ কোটি লোক বহুমুখী দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ভাৰতক চিকিৎসা-পর্যটন সেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ তেওঁ ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰে ৰাজ্যসমূহক সহায় কৰি ৫টা আঞ্চলিক চিকিৎসা কেন্দ্ৰ স্থাপনৰ বাবে এক আঁচনিৰ প্ৰস্তাৱ আগবঢ়ায়। য’ত থাকিব আয়ুস কেন্দ্র, চিকিৎসামূল্য পর্যটন কেন্দ্র-নিদান, চিকিৎসাৰ পিছত ল’বলগীয়া যত্ন আৰু পুনৰ সংস্থাপনৰ বাবে আন্তঃগাঁথনি। এই কেন্দ্রসমূহে চিকিৎসককে ধৰি বিভিন্ন ধৰণৰ নিয়োগৰ সুযোগৰ সৃষ্টি কৰিব। দুই হাজাৰৰো অধিক পশু চিকিৎসা পেছাদাৰীৰ পৰ্যাপ্ততা বৃদ্ধিৰ বাবে ব্যক্তিগত খণ্ডত পশু চিকিৎসা-পেৰা ভেট কলেজ, পশু চিকিৎসালয়, নিদান পৰীক্ষাগাৰ আৰু প্ৰজননৰ সুবিধাৰ বাবে ঋণ সংযুক্ত মূলধনী ৰাজসাহায্য আঁচনিৰো তেওঁ প্রস্তাৱ দিয়ে। তেওঁ ঘোষণা কৰা মতে, উচ্চ শিক্ষা প্রতিষ্ঠানত দীর্ঘদিনীয়া অধ্যয়নৰ সময়ত ছাত্রীসকল যথেষ্ট প্রত্যাহ্বানৰ সম্মুখীন হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভিজিএফ/মূলধনী সমর্থনৰ জৰিয়তে প্ৰতিখন জিলাত একোখনকৈ ছোৱালী হোস্টেল স্থাপন কৰা হ’ব। লগতে বৰ্তমানৰ নেচনেল কাউঞ্চিল ফৰ হোটেল মেনেজমেন্ট এণ্ড কেটাৰিং টেকন’লজী উন্নীত কৰি ৰাষ্ট্ৰীয় আতিথ্য প্রতিষ্ঠান স্থাপনৰ বাজেটত প্রস্তাৱ আগবঢ়োৱা হৈছে। ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানৰ সহযোগত হাইব্রিড মোডত উচ্চ মানৰ ১২ সপ্তাহৰ প্রশিক্ষণ পাঠ্যক্ৰমৰ জৰিয়ে ২০খন পর্যটনস্থলীত ১০,০০০ গাইডক দক্ষতা বৃদ্ধিৰ বাবে এক পাইলট আঁচনিও বাজেটত ঘোষণা কৰা হয়। তৃতীয় কৰ্তব্যৰ প্ৰসংগত তেওঁ কয় যে কৃষকৰ আয় বৃদ্ধি, প্রতিবন্ধীসকলক সবলীকৰণ, মানসিক স্বাস্থ্য আৰু ট্রমা আক্রান্তসকলৰ যত্ন লাভ তথা অনগ্ৰসৰ লোকসকলক সবলীকৰণ-বিকাশ-নিয়োগৰ সুযোগ ত্বৰান্বিত কৰাৰ বাবে পূৰ্বোদয় ৰাজ্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰি লক্ষ্যভিত্তিক প্ৰচেষ্টাৰ প্ৰয়োজন। ভাৰত বিস্তাৰ শীৰ্ষক বহুভাষী এআই সঁজুলিৰ জৰিয়তে এগ্রিস্টেক প’ৰ্টেল আৰু কৃষিপদ্ধতিৰ ওপৰত আইচিএআৰ পেকেজক এআই ব্যৱস্থাৰ সৈতে একত্ৰিত কৰিব। ইয়াৰ ফলত বৃদ্ধি পাব কৃষি উৎপাদনশীলতা। লাখপতি ডিডি কাৰ্যসূচীৰ সফলতাৰ ওপৰত গঢ় লৈ উঠা উন্নত আৰু উদ্ভাৱনীমূলক বিত্তীয় সাহায্যৰ জৰিয়তে ক্লাষ্টাৰ পৰ্যায়ৰ ফেডাৰেচনৰ ভিতৰত আত্মসহায়ক উদ্যোগী মার্ট শীর্ষক উমৈহতীয়া মালিকানাধীন খুচুৰা বিপণী প্রতিষ্ঠা কৰা হ’ব। মানসিক স্বাস্থ্য-ট্রমা কেয়াৰৰ প্ৰতি দায়বদ্ধতাক দোহাৰি তেওঁ নিমহান্স-২ স্থাপন আৰু ৰাঁচী তথা তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্রতিষ্ঠানক আঞ্চলিক শীর্ষ প্রতিষ্ঠান হিচাপে উন্নীত কৰাৰ কথাও ঘোষণা কৰে। দুর্গাপুৰত সু-সংযুক্ত ন’ডৰ সৈতে সংহত পূব উপকূল ঔদ্যোগিক কৰিড’ৰ গঢ়ি তোলা, উত্তৰ-পূবৰ ৫খন ৰাজ্যত ৫টা পৰ্যটন স্থানৰ লগতে ৪,০০০খন ই-বাছৰ ব্যৱস্থা কৰাৰো তেওঁ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁ সদৰী কৰা অনুসৰি, অসম-অৰুণাচল প্রদেশ-ছিকিম-মণিপুৰ-মিজোৰাম-ত্ৰিপুৰাত বৌদ্ধ চার্কিট উন্নয়নৰ বাবে এখন আঁচনি আৰম্ভ কৰা হ’ব। যাৰ জৰিয়তে মঠ-মন্দিৰৰ সংৰক্ষণ, তীর্থযাত্রা তথ্য কেন্দ্র, তীর্থযাত্ৰীৰ বাবে সুবিধা আদি প্রদান কৰা হ’ব চৰকাৰীভাৱে। বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণে দিয়া তথ্য অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষত জিডিপিৰ সংশোধিত অনুমান ৫৬.১ শতাংশ হোৱাৰ বিপৰীতে ২০২৬-২৭ত ৫৫.৬ শতাংশ ঋণ-জিডিপিৰ অনুপাত হ’ব বুলি আশা কৰা হৈছে। ঋণ আৰু জিডিপিৰ অনুপাত হ্রাস পোৱাৰ ফলত সুদ পৰিশোধ কমাই অগ্রাধিকাৰ খণ্ডত ব্যয়ৰ বাবে সম্পন্ন ক্রমান্বয়ে মুক্ত হ’ব। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সংশোধিত অনুমানত বিত্তীয় ঘাটি জিডিপিৰ ৪.৪ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। যিটো ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আনুমানিক বাজেটৰ দৰেই। ঋণ একত্ৰীকৰণৰ নতুন বিত্তীয় বিচক্ষণতাৰ সৈতে সংগতি ৰাখি ২০২৬-২৭ত বিত্তীয় ঘাটি জিডিপিৰ ৪.৩ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত প্রত্যক্ষ কৰৰ কেইবাটাও নতুন সংস্কাৰৰ প্ৰস্তাৱ দিয়া হৈছে। চলিত বৰ্ষৰ এপ্রিল মাহৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন ২০২৫। তদুপৰি সৰলীকৃত আয়কৰ নিয়ম আৰু প্ৰ-পত্র সোনকালে ৰাজহুৱা কৰা হ’ব। টিচিএছৰ হাৰ হ্ৰাস কৰাৰো প্ৰস্তাৱ দিয়া হৈছে। বিদেশ ভ্রমণৰ পেকেজসমূহ বৰ্তমানৰ ৫ আৰু ২০ শতাংশ হাৰৰ পৰা ২ শতাংশলৈ হ্রাস কৰা হৈছে। তদুপৰি লিবাৰেলাইজড ৰেমিটেনছ আঁচনিৰ অধীনত শিক্ষা-চিকিৎসাৰ বাবে টিচিএছ ৫ৰ পৰা ২ শতাংশলৈ হ্রাস কৰা হৈছে। ঠিকাদাৰক মানৱশক্তি সেৱাৰ যোগান টিডিএছৰ পৰিসৰৰ ভিতৰত অনাৰ প্রস্তাৱ দিয়া হৈছে। বাজেট ভাষণত কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে সদৰী কৰা অনুসৰি সাগৰীয় দ্রব্য, চামৰা আৰু বস্তুজাত সামগ্ৰীৰ ক্ষেত্ৰত ৰপ্তানিৰ বাবে সাগৰীয় খাদ্য সামগ্রী সংসাধনত ব্যৱহৃত নির্দিষ্ট সামগ্ৰীৰ শুল্কমুক্ত আমদানিৰ সীমা বৰ্তমানৰ এফঅ’বি মূল্য ১ৰ পৰা ৩ শতাংশলৈ বৃদ্ধি কৰা হ’ব। অৱশ্যে বর্তমান চামৰা বা কৃত্রিম জোতা ৰপ্তানিৰ বাবে উপলব্ধ নির্দিষ্ট ইনপুটৰ শুল্কমুক্ত আমদানি অব্যাহত থাকিব। শক্তিখণ্ডত বেটাৰীৰ বাবে লিথিয়াম-আয়ন কোষ নির্মাণত ব্যৱহৃত মূলধনী সামগ্ৰীৰ ওপৰত মৌলিক শুল্ক ৰেহাই বৃদ্ধি কৰা হ’ব। একেদৰে সৌৰ কাঁচ নির্মাণত ব্যৱহৃত ছ’ডিয়াম এন্টি ম’নেটৰ আমদানি মৌলিক শুল্কৰ পৰা ৰেহাই দিয়া হ’ব। গুৰুত্বপূৰ্ণ খনিজ পদার্থ প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় মূলধনী সামগ্রী আমদানিৰ ক্ষেত্ৰত মৌলিক শুল্ক ৰেহাই দিয়াৰ বিপৰীতে জৈৱ গেছ মিশ্রিত চিএনজিৰ ওপৰত প্ৰদান কৰিবলগীয়া কেন্দ্রীয় আবকাৰী শুল্ক গণনা কৰাৰ সময়ত জৈৱ গেছৰ সমগ্ৰ মূল্য বাদ দিয়া হ’ব। অসামৰিক আৰু প্ৰতিৰক্ষা বিমান পৰিবহণ খণ্ডত অসামৰিক-প্রশিক্ষণ আৰু অন্যান্য বিমান নিৰ্মাণৰ বাবে প্রয়োজনীয় উপাদান আৰু অংশসমূহৰ ওপৰত মৌলিক শুল্ক ৰেহাই দিয়া হ’ব। অনুৰূপ ব্যৱস্থা গ্রহণ কৰা হৈছে প্ৰতিৰক্ষা খণ্ডৰ ইউনিটসমূহে ৰক্ষণাবেক্ষণ মেৰামতিত ব্যৱহাৰ কৰা বিমানৰ অংশ নিৰ্মাণৰ বাবে আমদানি কৰা কেঁচামালৰ ক্ষেত্ৰতো। বিশেষ অর্থনৈতিক অঞ্চলৰ যোগ্য উৎপাদন ইউনিটসমূহে ঘৰুৱা শুল্ক এলেকাত ৰেহাইমূলক হাৰত বিক্ৰীৰ সুবিধাৰ এককালীন বিশেষ ব্যৱস্থা লাভ কৰিব। জীৱন ধাৰণ সৰল কৰিবলৈ ব্যক্তিগত ব্যৱহাৰৰ বাবে আমদানি কৰা সকলো শুল্কযুক্ত সামগ্ৰীৰ শুল্কৰ হাৰ ২০ শতাংশৰ পৰা ১০ শতাংশলৈ হ্রাস কৰা হ’ব।