অৱলোকন
সাহিত্য-সংস্কৃতিৰ কালকূট
(Enemy of accomplishment in the field of Literature & Culture)
কনক শৰ্মা,হাজো – দমদমা
অসমীয়া সাহিত্যজগতৰ বিশ্ব বিশ্ৰুত বিদুষী নাৰী জ্ঞানপীঠ বঁটা বিজয়ী ডঃ মামণি ৰয়চম গোস্বামী বাইদেউয়ে দুখ কৰি কৈছিল যে তেখেতৰ সাহিত্য কৃতিক এটাচামে অনাহক বিতৰ্কৰ মাজলৈ নিবলৈ প্ৰয়াস কৰে। তেখেতে লগতে মন্তব্য কৰিছিল যে যেনেকৈ নাৰীৰ শত্ৰু নাৰী তেনেকৈ সাহিত্যিকৰ শত্ৰু সাহিত্যিকে থাকে।
অসমীয়া যুগান্তকাৰী আলোচনী “ৰামধেনু”ত কবিতা এটি প্ৰকাশ কৰিবলৈ অত্যন্ত হেঁপাহেৰে বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোঁহাঞি ডাঙৰীয়াই হেনো আলোচনীখনৰ সম্পাদকলৈ “অৰণ্য ” নামৰ কবিতা এটি পঠিয়াইছিল।
কিন্তু যিটো কবিতা প্ৰকাশৰ অযোগ্য বুলি পূৰ্বৰ সম্পাদক জনে ডাষ্টবিনত প্ৰক্ষেপ কৰিছিল, এবছৰ মান পিছত যেতিয়া জ্ঞানপীঠ বঁটা বিজয়ী শ্ৰদ্ধাৰ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰামধেনুৰ সম্পাদক হৈছিল ১৯৫২ চনৰ প্ৰথম সংখ্যাতে সেই কবিতাটি প্ৰকাশ পাইছিল।
ডঃ ভূপেন হাজৰিকাৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠ আৰু অনন্য সংগীত সাধনাই তেখেতক জনপ্ৰিয়তাৰ শিখৰলৈ নিছিল। এবাৰ ভাষা আন্দোলনৰ সময়ত তেখেত যেতিয়া কলকাতাত আছিল তেখেতৰ বিৰুদ্ধে পোষ্টাৰিং হৈছিল। লিখিছিল, — “ভূপেন হাজৰিকাৰ আমি ৰক্ত চাই “।পিছত অনুসন্ধানত ওলাই পৰিল যে কলকাতাৰ এজন সংগীত শিল্পীৰ উদ্যোগত এই ঘৃণনীয় ঘটনাটি সংঘটিত হৈছিল।
শিল্পী-সাহিত্যিকৰ মাজৰ এই কূটিল সংঘাতৰ উদাহৰণ হয়তো আন বহুতেই ওলাব। ইতিহাসৰ পৃষ্ঠাবোৰ বৰ সজীৱ। গৌৰৱোজ্জ্বল ঘটনা-পৰিঘটনাবোৰ যেনেদৰে সজীৱ কৈ ৰাখে কলঙ্কিত কাহিনীবোৰৰ পৃষ্ঠপোষকতাও ইতিহাসেই কৰে। সাহিত্য-সংস্কৃতি ক্ষেত্ৰৰ এনে দ্বন্দ্ব- সংঘাতবোৰৰ কাৰক হিচাপে আচাৰ্য চাণক্যই এটি সুন্দৰ শ্লোক উপস্থাপন কৰিছে।
“ন বেত্তি য়স্য গুণপ্ৰকৰ্ষ,
স তং সদা নিন্দতি নাৎত্ৰ চিত্ৰম।
য়থা কিৰাতী কৰিকুম্ভলব্ধাং,
মুক্তাংপৰিত্যজ্য বিভৰ্তিগুঞ্জাম।”
অৰ্থাত এজন মানুহে আন এজনৰ গুণ বুজি পাবলৈ হ’লে মানুহজনৰ নিজৰো কিছু জ্ঞান থকাৰ প্ৰয়োজন। এজন শিক্ষিত জ্ঞানী মানুহেহে অন্য এজন গুণী ব্যক্তিৰ গুণৰ মোল বুজিব পাৰে। এজন শিল্পী বা সাহিত্যিকেহে আন এজন শিল্পী বা লেখকৰ প্ৰতিভা সঠিক ভাবে নিৰূপণ কৰিব পাৰে।
যাৰ কোনো জ্ঞানেই নাই, যাৰ হৃদয় তথা মস্তিষ্কই এজন গুণবান ব্যক্তিৰ জ্ঞান প্ৰতিভাৰ গভীৰতা অনুমানেই কৰিব নোৱাৰে , তেওঁ যদি নিন্দাও কৰে তাত গুৰুত্ব দিব লগীয়া কোনো কথা নাই।
আচাৰ্য চাণক্যই উদাহৰণ দি কৈছে যে চিকাৰ কৰি পেট প্ৰবৰ্তোৱা নিম্ন পৰ্যায়ৰ অশিক্ষিত এজনী মানুহে মহামূল্যৱান মুক্তা হাতত পালেও সেইখিনি দলিয়াই বনে জংঘলে গজি উঠা কুঞ্জলতাৰ মণিৰ মালাকহে গ্ৰহণ কৰিব।
