আজি সংসদত কেন্দ্রীয় বাজেট দাখিল কৰিব নির্মলা সীতাৰমণে
ৰঙিলী বাৰ্ত্তাসেৱা- আজি কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে লোকসভাত দাখিল কৰিব ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। আজি একেৰাহে নৱমবাৰৰ বাবে অভিলেখ সৃষ্টিকাৰী কেন্দ্ৰীয় বাজেট দাখিল কৰিবলৈ সাজু হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ উল্লেখযোগ্য যে প্রাক্তন প্রধানমন্ত্রী মোৰাৰজী দেশায়ে বিভিন্ন কার্যকালত মুঠ ১০খন বাজেট দাখিল কৰিছে যদিও একেৰাহে নখন বাজেট দাখিল কৰা নিৰ্মলা সীতাৰমণেই হৈছে প্রথম কেন্দ্রীয় বিত্ত মন্ত্রী। আজি পুৱা ১১ বজাৰ পৰা বিত্তমন্ত্রী সীতাৰমণে আগন্তুক বিত্তীয় বৰ্ষৰ মূল অর্থনৈতিক পৰিসংখ্যা আৰু চৰকাৰৰ উন্নয়নমূলক পৰিকল্পনাসমূহ দাঙি ধৰিব। নিম্ন সদনত বাজেট দাখিলৰ পিছত ৰাজ্যসভাত দাখিল কৰা হ’ব বাজেটৰ প্ৰতিলিপি। ২০১৯ চনত বাজেট ধাৰ্য কৰাৰ পিছত নিৰ্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে সদনত দাখিল কৰিব কেন্দ্রীয় বাজেট। এইখন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তৃতীয় কার্যকালৰ তৃতীয়খন বাজেট। সংসদত বাজেটখন সম্পূৰ্ণ হোৱাৰ পিছতে ম’বাইল এপ আৰু ৱেবছাইটত বাজেটৰ নথি-পত্ৰ উপলব্ধ হ’ব। কেন্দ্রীয় বাজেট দাখিল কৰাৰ পিছত বিত্তমন্ত্রী নির্মলা সীতাৰমণে দেশৰ প্ৰায় ৩০জন কলেজীয়া শিক্ষার্থীৰ সৈতে মত বিনিময় কৰিব। ২০২৬ চনৰ বাজেট প্ৰস্তুত কৰাৰ পূর্বে বিত্তমন্ত্রী সীতাৰমণে অর্থনীতিবিদ, ট্রেড ইউনিয়ন, শিক্ষা আৰু স্বাস্থ্যখণ্ড, এমএছএমই, বাণিজ্য আৰু সেৱা, উদ্যোগ, বিত্তীয় খণ্ড আৰু মূলধনী বজাৰৰ বিশেষজ্ঞ তথা প্রতিনিধিকে ধৰি যথেষ্টসংখ্যক অংশীদাৰীৰ সৈতে আলোচনাত মিলিত হয়। সমান্তৰালভাৱে কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানেও বাজেটৰ পূৰ্বে কৃষি আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশৰ বিস্তৃত আলোচনা অনুষ্ঠিত কৰি বিত্তমন্ত্ৰীক পৰামৰ্শ সংকলিত প্রতিবেদন দাখিল কৰিছে। এই বাজেট প্রস্তুত কৰাৰ সময়ছোৱাত বিভিন্ন মঞ্চৰ সৈতে জড়িত যুৱক-যুৱতীকে ধৰি নাগৰিকসকলৰ পৰা বিভিন্ন ইনপুট বিচৰা হৈছে। এই ইনপুটসমূহ আজি দাখিল হ’বলগীয়া ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্রতিফলিত হ’ব। এইবাৰৰ বাজেটত মূলতঃ উৎপাদন, প্ৰতিৰক্ষা, নৱীকৰণযোগ্য শক্তি, এমএছএমই আৰু অটোখণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ আশা কৰা হৈছে।
