অণুগল্প
বৃদ্ধাশ্ৰম
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
ককা-আইতাহঁতৰ মৰমত ডুব গৈ দেউতাকক সদায় ককা-আইতাৰ বিষয়ে প্ৰশ্ন কৰা ছোৱালীজনী আজি সুখী।
তোমালোকৰ মৰমৰ মাজত মই বান্ধ খাই পৰিলোঁ।এদিনতে গঢ়ি উঠিল নিবিড় সম্বন্ধ।আজি মোৰ জন্মদিন উদযাপন কৰিবলৈ নহাহেঁতেন তোমালোকৰ মৰমবোৰ নাপালোঁ হয়।
চকুত চকুপানীৰে ভৰি পৰা এগৰাকী আইতাই সাবটি ধৰি ক’লে,তুমি মোৰ নাতিনী দৰে।মাজে সময়ে আহি থাকিবা।
