গজব কাহিনীৰ গুপুত কথা – জুনুকা পাঠক

Pc Pinterest

গজব কাহিনীৰ গুপুত কথা

জুনুকা পাঠক
বৰপেটা

নপঢ়াকৈ  এৰিনাই চিঠিখন টি-টেবিলত  থৈ দিলে।  দুই হাত যোৰ কৰি থকা ছোৱালী এজনীৰ  মৰম লগা ফটো।  কিনো লেখিছে চাও বুলি এৰিনাই চিঠিখন  তুলি আনিলে।  আভিজাত্য বহন কৰা এখন ৰঙীন  নিমন্ত্ৰণি পত্ৰ।  এৰিনাৰ মনটো গুজৰি উঠিল–  বাৰে ভছহু প্ৰগ্ৰেম।  প্ৰয়োজন নাই অবাবত এগাল মান টকা উৰুৱাই দিয়া। টকা থকা মানুহে নিয়ম উলিয়াইছে। দুখীয়াবোৰে তালত তাল মিলাই  বন্ধন লোণ লৈ আধামৰা হৈছে।  হিংসাত নহয় পৰিবেশ বুজি  তাইৰ ভাববোৰ আহে । পৰিস্থিতিয়ে পৰিবেশৰ লগত মোকাবিলা কৰিব নোৱাৰিলেও  সীমা অতিক্ৰম কৰাত কিমানৰ  যে ঠেং ভাঙিল এয়া দেখি থকা  বাস্তৱৰ ৰূপ ।  গোৱালে কৰিয়া উপচি নপৰালৈকে গাখীৰ খীৰাই থাকিব। ইফালে দামুৰীয়ে খাবলৈ নাপায়  জঁকাটো হৈছে। তেওঁ বাপুৰ কাণসাৰ নাই। গাখীৰ লাগিবই।  পোৱালীৰ দুখত গাইজনীৰ মৰ্মবেদনা  নুবুজাৰ  দৰেই   গিৰিহঁতৰ কথা নাভাবি আনৰ লগত হাল যুটি  মাৰি দৌৰত  নামিছে এচাম নৰ-নাৰী।  টকা  থকাই ৰাইজক ধুমধাম খুৱাইছে, এইখিনি কৰোঁতে আঢ্যৱন্তৰ নোমত টান এটাও নপৰে।  চগা হৈ উৰাৰ মন  । এৰিনাৰ  বিচাৰ কৰা নাই। কিন্তু গুমুতকৈ খঙটো  উঠে।

— *আগদিনা এবাৰ  যাবচোন বাইদেউ ,কিমান আগবাঢ়িল, কি কৰিলো ,বৰমাকৰ চাবৰ মন নাযায় নে ? ইচ ময়ো যে আৰু ;  আচল কথাটোকে ক’ব পৰা নাই।   আপোনাৰ নেকলেছ ডাল  শিৱানী মাক পিন্ধাবলৈ  লাগিব। মোৰ ডাল সৰু, মইহে পিন্ধিম । কইনাক ডাঙৰ পিন্ধালেহে শুৱনি হৈ পৰিব। আগদিনা যাওঁতে লগত  লৈ যাব।  বিয়াৰ দিনা কিন্তু পুৱাতে সপৰিয়ালে দেখিব লাগিব  ।*—–  চোতালত মামণিয়ে হাঁহি হাঁহি  কথাৰ মহলা মেলিছে । বৰমাকে একো মতা নাই। এৰিনাই পৰ্দাখনৰ কোণ এটা দাঙি   চালে।   বাইদেউয়ে ভাল পালে নে বেয়া পালে মামণিৰ  সেইটোৰ ওপৰত গুৰুত্ব নাই। কেৱল,  গাটো নচুৱাই  পেলপেলাই  হাৰ ডাল খুজি থাকিল । অ’  কথাটো সেইটোহে। মামণি লোকৰ পিঠাৰে বিহু পাতিব।  হাৰ নিপিন্ধা কইনাকো  ৰাইজে আশীৰ্বাদ দিব।  লোকৰ কথালৈ ভাল মানুহে কাণ নকৰে  বুলি  তাই জানে ; তথাপিও ভাবিবলৈ বাধ্য।  সন্তান পিতৃ-মাতৃৰ আপুৰুগীয়া সম্পদ।  একোৰে সতে তুলনা নাই ।  উৎসৱ পাতে  আনৰ আশীৰ্বাদ  পাবলৈ। ভালকৈ খুৱালে  আশীৰ্বাদ আকাশলৈ উঠি নাযায় ।  বৰমাকে হয়টো মনে মনে ক’ব—- বিয়াত পিন্ধাবলৈ মোৰ হাৰ ডালকে  লাগে , নালাগে পিন্ধাব;  নাই যেতিয়া , নিপিন্ধাবি। কিন্তু মুখ লজ্জাত  একো নকলে।  অনিচ্ছা সত্বেও দি  দিব  ।    বিচাৰ্য্য বিষয় ! আশীৰ্বাদ নে ক্ষোভ ! —-কিবা জানো মঙ্গল হ’ব– ! অলাগতীয়াল বেবেৰিবাং কাজত  আপত্তি কৰে বাবে তাই   কিছুলোকৰ অপ্ৰিয়।  চোতালত খিলখিলাই হাঁহি এচাট এৰি মামণি   গুচি গ’ল।

মুখৰ কথাই সমাজ শুদ্ধ নকৰে।  হজম নকৰা কথাবোৰে এৰিনাৰ থাৰ্ম’মিটাৰৰ উত্তাপ বঢ়া দি বাঢ়ে।  শৰীৰটোত জুইয়ে মেৰিয়াই  ধৰা দৰেও লাগিল। উঠি গৈ ফেন খনৰ  এখোপ বঢ়াই দিলে। চিন্তিত হৈ কপাল খন আঙুলিৰে টিপি তল ওপৰ কৰি থাকিল।  কথাবোৰ কিবা বমিৰ দৰে ওকতি আহে। মামণি মুখ চোকা তিৰোতা।  ড’ণ্ট কেয়াৰ ভেমত থাকে ।   সংসাৰ , পতি— মানে তাইৰ সমস্ত অধিকাৰ।এইবোৰকে মূল বুলি  অক্কালপক্ক  মগজুত  সোমাই   তাই ঢুকুম্-কুমা বজাই থাকে  ।দায়িত্ব  পালন কৰা আজিলৈকে কোনেও দেখা নাই।    পিন্ধা-উৰাৰ নামত মামণি পতি গৃহ জ্বলাই মাৰিছে। ভবাটোহে পাপ  — তাইক জোকাই লোৱা মানে  বামুণে নিজৰ লগুণ আনক দিয়া। এটা সময়ত তাইৰ সৈতে  এৰিনাৰ সম্পৰ্ক বেয়া নাছিল। —হাঁহো মাতো সৰ্বতি কাল , তেও নুগুছে পেটৰ শাল। তাই  মুখেৰে কেতিয়াবা মৌ নিগৰিব , কেতিয়াবা আকৌ চল পালে জান্তিপৰ দৰে মুখ চলাব। নাই, নাই, এইবিধৰ লগত সনাপিঠা  বেছি হ’লে  লোক আদালতৰ কাঠগঢ়াত মান সন্মান সোপাকে নিলামত যাব  । জীৱনে তাইক বহুত বাৰ সকিয়াই দিছিল।

–*মামণিৰ লগত বেছিকৈ হলিগলি নকৰিবা। তাইৰ চাল-চলন ভাল নহয়। কেতিয়াবা বিপদত পৰিবা।*—-

——মানুহজনক সেইদিনা তাই খঙ কৰি কৈছিল—– *তোমালোকে কেৱল নাৰীৰহে দোষ দেখি থাকা কিয় ?  মতাবোৰৰ দোষবোৰ চকুত নপৰে নেকি? ৰাতি ৰাতি যে পিতনি দিয়ে।*—

——* কৰা, যি কৰা কৰি থাকা ,  পিছত পষ্টিলে মোক নক’বা*– খঙত ভোৰ-ভোৰাই জীৱন উঠি গৈছিল। এতিয়াহে গম পালে জীৱনৰ কথা মিছা নাছিল।  মুখৰ কথাতে কাজিয়া।  পৱনলৈ বেয়া লাগে। দোকানখনত বিক্ৰী  ভাল নহয়। ব্যৱসায়িক দিশটোক  অনলাইনে  নিজৰ দখললৈ নিয়াত পৱনৰ দোকানৰ অৱস্থা তথৈবছ ,  মন্দা। ৰাতি ঘৰ সোমাই দেখিব মামণি শুই আছে, দিনটোৰ পৰিশ্ৰমত শেষত ঘৰলৈ অহা পতিযে কি খাইছে, খবৰ নাই । তাইলৈ  একো নানিলেহে কাজিয়া ঠিকেই হ’ব। শেষত বদনাম মদাহী পৱনে মামণিক গালি-গালাজ কৰে।  ৰণচণ্ডি মূৰ্ত্তি ধৰি  মামণি মায়েকৰ ঘৰ পাব।

—-*মা, সেইখন কাৰ চিঠি ।*— এৰিনাৰ কাণসাৰ  নাই।  আৰু এবাৰ মাতিলে। তথাপিও এৰিনাই শুনা নাই। মাকে নমতা দেখি মলয়ে এইবাৰ চিঞৰি সুধিলে—-*মা অ’ মা কি ভাবি আছা? ইমান মাতি আছো।*—- উচপ খাই এৰিনা পিছলৈ ঘুৰি চালে।

—– * কি হ’ল নো মা ; ইমান কি ভাবি আছা?*

—*নাই দে ভাবা; ইমান দেৰি কৰিলি, তাকেই  ভাবি আছিলো*……এৰিনাই মিছা মাতিলে। মলয়ে কাগজৰ  পেকেটটো টেবিলত থৈ ; চিঠিখন হাতত ল’লে আৰু মাকৰ সমুখত বহিল।

—- *চিঠিখনৰ কথা সুধি আছিলো মা।কোন আহিছিল নিমন্ত্ৰণ দিবলৈ ? টকা সুদত লৈ হ’লেও বিয়া পাতিব। টকাৰ ধাৰত পুতি আছে। দিনটোত টকা বিচাৰি মানুহৰ লাইন  নিচিগে।  আৰু বন্ধনৰ লোণ। মূৰটোত একোয়ে নাই ন মা।*

—নাইটো ,  থকা হ’লে , ধাৰ কৰি হ’লেও বিয়া নাপাতে।    মেনকা বাইদেউয়ে আজিও বোলে অন্নপ্ৰসন্নৰ ধাৰ বিচাৰি আহে।

—-*পৱন খুৰাৰো দোষ আছে দিয়া। তেওঁ বাধা কিয় নিদিয়ে।*

— *তাৰো দোষ আছে ।  ধান বান্ধিব নাই খোলা; কাণত পিন্ধে কদমতলা।—দেখাত দেখি  উদক দেখি বোন্দাৰ জাপ।* —- মাকে মৰা যোজনা শুনি মলয়ৰ হাঁহি উঠিল।

 —*বাদ দিয়া , যি কৰে কৰি থাকক। আমাৰ একো নাহে আৰু  নাযায়ো।   এতিয়া শুনা- অহা ৰবিবাৰে  নগাঁও যাম । ৰাতিপুৱা চাৰ্টটো ধুই দিবা।*–মলয়ে মাকৰ কোলাত চাৰ্টটো দলিয়াই দিলে। যাব খুজি সি দুৱাৰমুখৰ পৰা ফিৰি আহি   মাকক আকৌ সুধিলে—*তুমি যাবা নে নাই?*—–

 মাকে বা কি কয়–মাকৰ মুখ চাই বুজা সহজ নহয়।    মাকে চাই-চিতিহে সিদ্ধান্ত ল’ব। দেউতাকক বুজিব নোৱাৰি সময়ত কি ৰং দেখুৱায়। দেউতাকে মনে কয় যি ; নেলাগে । সেইটো কোনেও কৰিব নোৱাৰে। মাকে পৰিবেশ চাই মিলিমিছা কৰে।

 —*সেয়া পিছত ভাবিম ;  কিবা খাই যা।*— মাক পাকঘৰলৈ গ’ল।

এৰিনাই মলয়ক কোনোদিনে হাতত ধৰি শিকোৱা নাই ,মিতব্যয়ী হবি বুলি। —–   টকা দি কয়—প্ৰয়োজনখিনিয়ে লবি। ডাঙৰক সন্মান কৰিবি বুলি ক’ব লগা কথাও নহয়।  মাতৃয়ে কৰা ব্যৱহাৰ দেখি দেখি সন্তানে শিকে। মলয় এতিয়ালৈকে অবাধ্য হোৱা নাই। পিছত যদি চৰিত্ৰ স্খলন হয় তাইৰে প্ৰতিপালনত কৰবাত খুট  থাকি গ’ল। পৰাপক্ষত ভাল মানুহ কৰিবলৈ তাই  যথাসম্ভৱ চেষ্টা কৰিছে। নিজে সলনি হৈ মলয়ক নিজৰ পথেৰে নিবলৈ  অশেষ কষ্ট কৰিছে।   এইবোৰহে জীৱনৰ আচল সুখ । তাইৰ মনটো ভাল লাগে যেতিয়া সি অভিজ্ঞ ব্যক্তিৰ দৰে কথাবোৰ বুজে।

তাইৰ  আজি  ঘপহকৈ কথাবোৰ মনলৈ আহিল ।  দুপৰীয়া সময় , মামণিহঁতৰ ঘৰত চিঞৰ-বাখৰ, কিবা কাজিয়া লাগিছে। কোনে কি কৈছে ধৰিব নোৱাৰি।  শাহুৰ মাতৰ ওপৰেদি তাইৰ মাতে গগণ ফালিছে।  বোধহয় গোটেই দিন কাজিয়াতে গ’ল। গধূলি  মামণিক দেখি এৰিনাৰ বিৰক্তি লাগিল। এইজনী অহা মানে  এক,ডেৰ ঘণ্টা সময় অপব্যয় কৰা।  ভাল কথাত আহিলে ,বিৰক্তিৰ কথা নাই। দিনটোত কি কি হ’ল, সেইবোৰহে  বলকিব  ।  — ওহো তাইৰটো দোষ  হ’ব নোৱাৰে, শাহুৰে  য’ত দোষ।  শাহুয়েকে নামাতিলে  কাজিয়া নাই। গুৰুত্ব নিদি এৰিনাই  পাঁচলি কটাত লাগিল। —– আজি বুঢ়ীক দিছো এপালি,  ৰাতিপুৱা উঠাত দেৰি হ’ল বাবে  বকি আছে।  দামৰা গৰুৱে চেৰাই যাব নোৱাৰাকৈ   ভাত  সোমাব , ভাত ৰান্ধিব দিলে বেমাৰৰ অজুহাত। কিয় নোৱাৰে।  বাকী কামবোৰ মই কৰো। বুঢ়ীক বহি   ভাত খুৱাবলৈ ,মোক চাকৰণী কৰি অনা নাই।  দস্তুৰমত মস্ত ৰাইজ   নি বিয়া পাতি আনিছে। অধিকাৰ আছে।—কথাখিনি কওঁতে তাইৰ মুখখন  মা-কালিৰ দৰে বিকৃত   আকাৰ লৈছে। মামণি এৰিনাৰ কথালৈ বাট নাচাই কৈয়ে থাকিল ।

—-* জানে বাইদেউ একো ডাঙৰ কথা নহয়-

মই বোলো আপুনি  ভাত ৰান্ধক , মই অলপ বজাৰৰ পৰা আহো।*—  কাণত তাল মাৰি ধৰা কথাবোৰত অসহ্য হৈ এৰিনাই সুধিলে–*বজাৰত কিয়?*

—- *চুৰিডাৰ এযোৰ লগা হৈছে। তাকে আনো গৈ। বাপৰে বুঢ়ীৰ কি দাংকোপ মৰা কথা। মোক কি ক’লে জানে, ৰান্ধি-বাঢ়ি থৈ যা মই নোৱাৰো, কঁকালৰ বিষত মৰি আছো। —ইমান মিছা কথা কয় বুঢ়ী।  জানে বাইদেউ , মোৰ খঙৰ কথা জানেই দেখো, দিছো  মজাৰ গালি, যদি পুতেকক লগাই , দুয়োকো ভাল নচুৱাম, লোকৰ ছোৱালী এজনী আহিছো, মৰমত ৰাখিব নোৱাৰে*— তাইৰ প্ৰতিটো কথাই এৰিনাৰ মগজু  কুট-কুটালে।  তাইৰ সেইদিনা বেয়া দিন আছিল চাগে , তাই মামণিৰ  যুক্তিহীন লাগ-বান্ধ নোহোৱা কথাত খঙ উঠি কৈ পেলালে ;

—* নাপায়, বুঢ়া সকলোৱে হ’ব,  ৰন্ধা-বঢ়াৰ দায়িত্ব তোমাৰ, খুৰীয়ে ল’ৰাক খুৱাই, পিন্ধাই ডাঙৰ কৰি  ঘৰ বনাই দিলে। তেওঁৰ দায়িত্ব শেষ। এতিয়া তুমি চম্ভালিব লাগিব। বয়স হ’লে ককালৰ বিষ বেছি হয়। তেওঁকনো কিয় কাম কৰিবলৈ দিয়া।   আবেলি যাব পাৰিলা হয়।  অশান্তি হ’লে নিজৰে ক্ষতি।*

—–*বুঢ়ীৰ কথা নাজানে আপুনি। মোৰ দোষ উলিয়াই পুতেকক লগাব।*
— *দোষ নকৰিবা। কেইদিনো থাকিব। থকা কেইদিন শান্তিত থাকক দিয়া।
—এৰিনাৰ বুজনিত তাইৰ খং উঠিছিল—

*আপুনি দোষ নকৰে নেকি? আপোনাৰ শাহু নাই নহয়। থকা হ’লে বুজি পালেহেঁতেন কিমান ডাঙৰ আপদ। বুঢ়ী নমৰিলে  আমাৰ শান্তি নাই।*

— *থকা হ’লে   ভাগ্যৱান বুলি ভাবিলো হয়। মৰম শ্ৰদ্ধাৰে  শাহুৰ  পৰা মাৰ মৰম আদায় কৰিলো হয়।  মাতৃয়ে নিজৰ ল’ৰাটোৰ ঘৰ সজাবলৈহে বোৱাৰী আনে। পতিক তৰ্চাৰ কৰি অনবৰত কাজিয়াৰ সুত্ৰপাত  ঘটাই ঘৰখন ৰণক্ষেত্ৰ বনাবলৈ নহয়। বোৱাৰীৰ অধিকাৰৰ লগত দায়িত্ব, কৰ্তব্যও থাকে। যিয়ে পাৰিছে তেওঁলোকৰ ঘৰত  অশান্তি নাই। হ’ব  দিয়া,,,, জীৱন আহি এই সকলোবোৰ শুনিলে খঙ কৰিব*

— অ’ আই, কথাখিনি ওলোৱাৰ শেষ নোহোৱালৈকে, নাকত কোব খোৱা কুকুৰৰ দৰে মামণি কেঙ-কেঙাই উঠি   লপ-লপ ,চপ-চপকৈ জিভাখনে বিশ্বব্ৰহ্মাণ্ড লৰাই দিলে ।   স্থান কাল  পাহৰি তাই , এৰিনাক  অশ্লীল গালিৰে কুকুৰে কাঁইট নোখোৱা কৰিলে। এৰিনাই কোনোদিনে নোকোৱা কথাবোৰ তাই কোৱা বুলি  গোকাট মিছা কৈছে।  এৰিনাই ভয়তে থৰ-থৰ কঁপিবলৈ ধৰিলে। ভাগ্যে জীৱন ঘৰত নাছিল। মণিকাৰ আটাহ শুনি মলয়ো ভয়ে ভয়ে থিয় হ’ল । এৰিনাই শব্দ  বিচাৰি পোৱা নাই। মামণিৰ অপ শব্দ তাইৰ মুখত নুফুটে। মূৰ্খৰ লগত  অবাবত তৰ্ক কৰি তাইৰ শালিনতা শেষ নকৰে।   বজৰুৱা মণিকা।   শুদ্ধতা বিচাৰ কৰাৰ ধৈৰ্য্য থাকেনো ক’ত!  যিমানে তাইক যাব কৈছে , সিমানে মণিকাই খঙত যি টি বকিছে। তাইক বলাব নোৱাৰি এৰিনাৰ খং উঠিল।  আঙুলী থিয় কৰি আদেশ দিয়াৰ দৰে তাই কঠোৰ ভাবে ক’লে—*ইয়াৰ পৰা যোৱা, আৰু নাহিবা এইফালে। ভাষা শব্দক মাৰ্জিত কৰিব নোৱাৰিলে কথাবোৰ উলিয়াৰ প্ৰয়োজন নাছিল। কোনো দিনে  ঘৰৰ সমস্যা লৈ এই ঘৰত থিয় নহ’বা। বাচ!  আজিৰ পৰা ৰিলেচন খটম। যোৱা , যোৱা বুলি কৈছো যোৱা।’*

— উফ্ কি বেয়া দিন আছিল।  আজি আকৌ নতুনৈ তাইৰ হৃদয়খন তোল-পাৰ লগাইছে,  জাপিয়াই জপিয়াই শুহি খাব যেন তেজবোৰ।  বুকুখন জোৰকৈ হেঁচি ধৰিলে । ঘটনাটো যেন এইমাত্ৰ ঘটি গ’ল।

তাই  সিদ্ধান্ত ল’লে বিয়ালৈ নাযায়। জীৱনেও হয়ভৰ দিলে। মলয়ৰ হাতত গিফ্ট এটা দি মামণিৰ জীয়েকৰ তুলনীলৈ পঠাই দিলে। কথাবোৰ গজব নোহোৱা হ’লে  সকলো  গুপুতে ডুব গ’ল হেঁতেন।  জীয়েকৰ বিয়াৰ পিছত  মামণি বাইদেউৰ ঘৰত ঘূৰণীয়া জোনটি হৈ ওলাব লাগিছিল।     কিন্তু  আজি ওলোটা। মামণিৰ  বাৰাণ্ডাৰ অচিনাত লেউ-সেউ হৈ   থিয় হৈ আছে।  বাইদেউ চিট‌্কাৰ কোব খাই বাগৰি পৰা ডাউকটোৰ  দৰে শৰীৰৰ ভাৰসাম্য ৰাখিব নোৱাৰি পকিতে বহি পৰিল। কিবা এটা গোলমাল  নিশ্চয়  হৈছে। অইন বেলি মামণি চিধাই পাকঘৰ পায়। কিন্তু আজি মামণি উচুপি কন্দা যেন লাগিল। দাদাই একেকোবে আহি মামণিক ভৰ্ৎসনা  উঠিল— *হাৰ ডাল কেনেকৈ হেৰাব পাৰিলে?  লোকৰ বস্তু নিলে সতৰ্ক হৈ থাকিব লাগে। মোক যেনেকৈ হ’লেও আনি দিব লাগিব।* —  লাজে ,অপমানে মামণি  নিশ্চুপ হৈ বহি আছে।

গাওঁৰ বিয়া এখনত  কইনাৰ ডিঙিটো   দেখি  বাইদেউ থৰ লাগিল। অনুৰূপ , বাইদেউৰ হাৰ ডালৰ দৰে।

তন্নতন্নকৈ চাই  অবাক হ’ল—–  ক’ত গঢ়ালে বুলি সুধিলে। কইনাৰ দেউতাকে উৎসাহেৰে ক’লে— * মামণিৰ বোলে কিবা সমস্যা হৈছে। হাৰ ডাল কম দামতে দিলে।* —উৎসাহেৰে কোৱা কথাখিনিয়ে  বাইদেউকক  পাশুপাত  অস্ত্ৰৰ দৰে বুকু ফুটি ইপাৰ -সিপাৰ হ’ল।

কোনো  অপমানে তাইক ৰক্তবীজৰ দৰে বগৰাব নোৱাৰে । এৰিনাৰ    কোমল অন্তৰ। মামণিৰ চৰিত্ৰটোহে তাইৰ ভাল নালাগে।  নাৰীয়ে  যদি  নাৰীক নিজৰ আইনা বুলি নাভাৱে ;   তেনেহলে  বুজিব কোনে?   হাঁহি হাঁহি  পিল-পিলিত উঠি যোৱা মামণিক চাই এৰিনাই ভাবিলে— হে ঈশ্বৰ ; মামণিক যাতে  জেইলত ভৰাই নথয়…… !!!