যুগ নায়ক তুমি অমৰ হোৱা
জুবিন গাৰ্গ: অসমৰ সুৰৰ জোনাকী পথিক
দীপাংকৰ শইকীয়া,ধেমাজি
জোনাকে ঢাকি ধৰে
অসমৰ বিস্তৃত আকাশ,
সেই আকাশৰ অন্তৰতেই
উদ্ভৱ হয় জুবিন দাৰ সুৰৰ প্ৰথম স্পন্দন।
বতাহৰ কোমল লহৰত
যেতিয়া তেওঁৰ সুৰ ধ্বনিত হয়,
নদীৰ বুকুও কঁপি উঠে—
জাগ্ৰত হয় অসমৰ হৃদয়ৰ গভীৰ সুৰ।
বসন্তৰ সুঘ্ৰাণত
জুবিন দাৰ সুৰ বিয়পি যায় বহুদূৰ,
মাটিৰ গোন্ধ, জন্মভূমিৰ মায়া—
প্ৰতিটো সুৰত যেন জীৱন্ত ৰূপ ফুটে।
গীতাৰৰ তাঁৰবোৰত
যেতিয়া স্পৰ্শ কৰে তেওঁৰ আঙুলিৰ ছোৱা,
অন্ধকাৰো যেন জোনাকী হয়—
উজ্জ্বল হয় বহু অজানা পথ।
জুবিন—
যেন সুৰৰ দিশহীন পথৰ এক অনন্ত পথিক।
ব্ৰহ্মপুত্ৰৰ নৈৰ ধাৰাতো যেন
তেওঁৰ সুৰ—এক অবিৰাম, নির্মল স্ৰোতধাৰা।
জনজীৱনৰ সুখ–বিৰহ,
হাঁহি–অভিমান, আশা–অনুভৱ—
সকলোৰে সমাহাৰ তেওঁৰ কণ্ঠস্বৰত,
অসমবাসীৰ হৃদয়ৰ মানচিত্ৰত
আঁকিছে নতুন আশা আৰু পথদিশ।
সত্যই—
‘জুবিন গাৰ্গ’
গীতৰ অন্তৰালত লুকাই থকা এক দীপশিখা।
মাটিৰ আত্মসন্তান, সুৰৰ অন্বেষক—
অসমবাসীৰ আত্মাতেই যাৰ স্থায়ী নিবাস।
