ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ” লভিতা” নাটকৰ নায়িকা চৰিত্ৰ ‘ লভিতা ‘ এটি আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
“অসমীয়া নাট্য সাহিত্য”ত ডক্তৰ সত্যেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই লিখিছে যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকসমূহত ইবচেন, গলচৱৰ্দী আৰু ৱডৰ্চৱৰ্থৰ প্ৰভাৱ পৰিছে।
নৰৱেৰ বিখ্যাত নাট্যকাৰ ইবচেনৰ নাটকৰ প্ৰধান বৈশিষ্ট্য হ’ল নাটকৰ চৰিত্ৰৰ জৰিয়তে তেখেতে অযুক্তিকৰ প্ৰচলিত মূল্যবোধৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা যায়। তেখেতৰ” পুতলা ঘৰ,(Dolls house) নাটকত নায়িকা চৰিত্ৰ নোৰাই প্ৰশ্ন কৰিছে –” আমি সদায় পুৰুষৰ হাতৰ পুতলা হৈয়েই থাকিম নেকি? এনেধৰণৰ প্ৰতিবাদেই বাস্তৱধৰ্মীতাৰ মূল কথা। সেইকাৰণে বাস্তৱধৰ্মী সমাজবাদী নাটকৰ পথ প্ৰদৰ্শক হিচাপে ইবচেনৰ নাম চিৰস্মৰণীয় হৈ আছে। ইবচেনৰ নাটকত নাৰী চৰিত্ৰই প্ৰাধান্য লাভ কৰিছে। বেছিভাগ ক্ষেত্ৰত পুৰুষ চৰিত্ৰসমূহ গতানুগতিক সমাজ ব্যৱস্থাৰ অনুগামী বা পুতলা ঘৰৰ পুৰুষ চৰিত্ৰ হিচাপে অংকিত হোৱা দেখা যায় ।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ” লভিতা” নাটকৰ নায়িকা চৰিত্ৰ লভিতা এটা সবল নাটকীয় চৰিত্ৰ। নাট্যকাৰে নায়িকা লভিতাৰ দৰে এগৰাকী গাঁৱলীয়া গাভৰুক সাহস আৰু ত্যাগৰ মাজেৰে বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলন আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আতংকৰ মাজত নগা পাহাৰত আহি বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঢ়ি উঠা ” আজাদ হিন্দ ফৌজৰ নাৰ্চ হিচাপে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছিল। ইয়াৰ আগতেই নানা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈও পৰিস্থিতিৰ ওচৰত হাৰ নামানি তাই গোটেই জীৱন সংগ্ৰামেই কৰি গ’ল। আনকি গোলাপৰ ভালপোৱাকেই তাই প্ৰত্যাখ্যান কৰিলে ; কাৰণ, তাই লক্ষ্য কৰিলে যে, গোলাপৰ সৎসাহস নাই। মৌজাদাৰৰ ঘৰত ভাল ব্যৱহাৰ নাপাই তাই অনিশ্চয়তাৰ বুকুত খোজ পেলাইছে। বাটত তাইক মিলিটেৰীয়ে হাতত ধৰিলে। যাৰ কাৰণে, সেই সময়ত সমাজচ্যুত হৈ ইছলাম ধৰ্মাৱলম্বী মুছলমান ইলাহি বক্সৰ ঘৰত আশ্ৰয় লবলৈ বাধ্য হ’ল। সেই সময়ত গোলাপে লভিতাক বিচাৰি ইলাহি বক্সৰ ঘৰত উপস্থিত হ’ল। ( তৃতীয় অংক দ্বিতীয় দৃশ্য) ত কথোপকথনৰ মাজেৰে ইলাহি বক্সে গোলাপক কৈছে —
” এৰা,দুনীয়াখন বৰ কঠুৱা। পিছে যি হয় এটা কৰা। তোমালোকৰ ঘৰলৈকে লৈ যোৱা।” কিন্তু,লভিতাক গোলাপৰ ঘৰত লৈ যোৱাৰ সৎসাহস নাই। সমাজৰ ৰোষত পৰাৰ ভয়ত ইলাহি বক্সে বাৰে বাৰে গোলাপক কোৱা সত্ত্বেও গোলাপে লভিতাক ঘৰত লৈ গৈ বিয়া পতাৰ কথা পোনচাটে অস্বীকাৰ কৰিলে। তেতিয়া লভিতাই খঙত গৰজি উঠি গোলাপক উদ্দেশ্যি ক’লে, —
” যি ডেকাৰ অন্তৰত বিদ্ৰোহৰ জুই জ্বলা নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে। ৰজাৰ অন্যায়,দেশৰ অন্যায়,আইনৰ অন্যায়, দেশৰ অন্যায়, দেশত চলি থকা অন্যায়,নিয়ম কাৰণ,মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ-সম্পদ আনকি জীৱনকো দি যি ডেকাৰ থিয় হ’বলৈ মনত বল নাই, বুকুত শক্তি নাই,সি আজিৰ ডেকা হ’বই নোৱাৰে। “
লভিতাৰ দৃষ্টিভংগী স্পষ্ট। আদৰ্শৰ ক্ষেত্ৰত আপোচ কৰিবলৈ তাইৰ মুঠেই ইচ্ছা নাই। লভিতাই গোলাপক ‘ নিজৰ সমাজ’ ,’ নিজৰ জাত ‘ লৈ জীয়াই থাকিবলৈ উপদেশ দি তাই গোলাপৰ পৰা চিৰদিনৰ বাবে আঁতৰি আহিল। আৰু তাই গোলাপক ভৰ্ৎসনা কৰি কলে যে, তেওঁ যাতে কেতিয়াও আজিৰ যুগৰ ডেকা বুলি কাৰো আগত পৰিচয় নিদিয়ে। লভিতাই গোলাপক মনে-প্ৰাণে ভালপোৱা সত্ত্বেও ৰক্ষণশীল সমাজৰ উঁৱে খোৱা কুসংস্কাৰৰ প্ৰতি গোলাপৰ দুৰ্বলতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰগতিশীল চিন্তাধাৰাৰ মহৎ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈ লভিতাই গোলাপৰ থুনুকা ভালপোৱাক জলাঞ্জলি দিবলৈ সৎ আদৰ্শ দেখুৱালে। লভিতাৰ এই গুণটোৱে লভিতাক এগৰাকী বিপ্লৱী নায়িকা চৰিত্ৰ হিচাপে সবল কৰি তুলিছে।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মন যেনে ধৰণে ঢাল খাইছিল, তেনেধৰণে লভিতা চৰিত্ৰটি গঢ়ি উঠিছে। তেওঁ প্ৰথমে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন সক্ৰিয় সদস্য হিচাপে অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল ; যাৰ বাবে তেওঁ কাৰাবাস খাটিব লগীয়া হৈছিল। স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছ ভলন্টিয়াৰে গাঁৱে-ভূঞে গান্ধী -মহাত্মাৰ বাণীসমূহ প্ৰচাৰ কৰাৰ সম্পৰ্কে লভিতাই সখীয়েক ৰূপক বুজাইছে –
” লভিতা:- গান্ধী মহাত্মাই কৈছে বোলে এইদৰে আমি স্বৰাজ লাগে বুলি সিহঁতৰ অত্যাচাৰ মূৰ পাতি লৈও স্বৰাজৰ কাৰণে সিহঁতৰ সৈতে ফেৰ মাৰি সিহঁতৰ আইন নামানি সিহঁতৰ সৈতে জুই পানী নুছুই থাকোঁতে থাকোঁতে কেতিয়াও বইচ মনাব নোৱাৰিলে আমাৰ কথা শুনিবই।”
কিন্তু, অতি শীঘ্ৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই মহাত্মা গান্ধীৰ অহিংস নীতিৰ প্ৰতি মোহ ভংগ হ’ল। তেওঁ লাহে লাহে মাৰ্ক্সবাদী চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট হৈ সাহিত্য সৃষ্টিত মনোনিবেশ কৰিলে। বিশেষকৈ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কংগ্ৰেছ দলত থাকিও ” মৃত্যু বাহিনী” গঠন কৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি ল’লে। সেয়ে, প্ৰথম অংকৰ প্ৰথম দৰ্শনত হাতত নিচান লৈ থকা সৰু ছোৱালী এজনীক পুলিচে যেতিয়া মাৰপিট কৰিছিল, তেতিয়া লভিতাই বাঘিনীৰ দৰে গৰজি উঠিছিল। পুলিচ দাৰোগাই তেওঁৰ বুকুত পিস্তল টোঁৱাই চুপ থাকিবলৈ কোৱাত কৈছিল –
” চুপ নাথাকো ,নাথাকো নাথাকো। জানিছ গোলামৰ গোলাম! আজিকালিৰ ছোৱালীয়ে পিষ্টল, বন্দুক, বৰটোপ, বোমা একোকে ভয় নকৰে। পিষ্টল দেখুৱাই আজিৰ ছোৱালীক ভয় দেখুৱাবলৈ আহিছ। ( এইবুলি দাৰোগাৰ হাতৰ পৰা পিষ্টলটো থাপ মাৰি লৈ অলপ পাছ-হুহুকি দাৰোগাৰ বুকুৰ ওপৰত ধৰি) মই গান্ধীৰ বহীত নাম লিখোৱা নাই জানিবি বাপেকে। “
নাটকখনৰ শেষ দৃশ্যত ” আজাদ হিন্দ ফৌজে যুদ্ধ কৰা দেখুওৱা হৈছে।
যুদ্ধক্ষেত্ৰতো লভিতাই সেই একে সংগ্ৰামী মনোভাৱ লৈ যুদ্ধ চলাই গ’ল।
লেফটেনেন্ট বৰুৱাই স্ট্ৰেছাৰত ঢলি পৰি যোৱাৰ পিছত যেতিয়া আজাদ হিন্দ ফৌজৰ এদল সৈন্য পিছ হুহুকি আহিছিল , তেতিয়া হাতত চভীন লগোৱা বন্দুক লৈ ৰণ-চণ্ডিনী মূৰ্ত্তি ধাৰণ কৰি লভিতাই টিলাটোৰ ওপৰত ঠিয় হৈ কৈছিল –
” এখোজো নাহিবা, এখোজো নাহিবা। এখোজো পাছলৈ নাহিবা। আজিৰ যুদ্ধ জিকিবই লাগিব। অসমলৈ আগবাঢ়ি যাবই লাগিব। যুদ্ধ কৰা, যুদ্ধ কৰা, প্ৰাণ-পণে শত্ৰুক ধ্বংস কৰা। আগবাঢ়া জয়হিন্দ – জয়হিন্দ।
গাত এটোপা তেজ থাকে মানে উশাহ থাকে মানে যুদ্ধ কৰা। আজি গোটেই অসমীয়াৰ, গোটেই হিন্দুস্থানৰ সন্মান তোমালোকৰ হাতত। “
লভিতা চৰিত্ৰটিৰ মাজেৰে কেৱল দেশপ্ৰেমেই ফুটি উঠা নাই, সাম্যবাদী আদৰ্শকো তুলি ধৰা হৈছে। প্ৰকৃততে এই নাটকখনৰ ৰচনাত জ্যোতিপ্ৰসাদৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা ভাৰতৰ কমিউনিষ্ট আন্দোলন আৰু ভাৰতীয় গণনাট্য সংঘৰ কামে-কাজে গতি লাভ কৰা দৃশ্যমান হৈছে।
নাটকখনৰ ‘ লভিতা ‘ চৰিত্ৰটিৰ মাজেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া মধ্যবিত্ত সমাজৰ শোষণৰো প্ৰতিবাদ কৰিছে। যেনে, ” আমাৰ খাজনা দিব নোৱাৰাত মাটিডোখৰ নিলাম যাওঁতে দুশটকীয়া মাটি কিডৰা তুমিয়েই সোতৰ টকাত ৰাখি থোৱা নাইনে? “
” ৰাইজ ডাঙৰ নে খাজনা ডাঙৰ? ইংৰাজ ৰজাৰ কাৰণে খাজনা ডাঙৰ।
ৰাইজ সিফালে খাবলৈ নাপাই উছন যাওক। সেই কাৰণেই গান্ধীয়ে ইংৰাজক গুচি যাবলৈ কৈছে। অৱশ্যেই ইংৰাজ যাবই লাগিব। তাৰ লগতে এই ইংৰাজৰ লগত থকা ভূত-প্ৰেত সোপাও।”
মুঠতে, ১৯৪৮ চনত প্ৰকাশ পোৱা ” লভিতা” নাটকখনৰ লভিতা চৰিত্ৰটি ৰক্ষণশীল,প্ৰতিক্ৰিয়াশীল, স্থিতিস্থাপক সমাজ- ব্যৱস্থাৰ বিৰুদ্ধে প্ৰগতিশীল, সমাজ -সংস্কাৰমূলক গণতান্ত্ৰিক মূল্যবোধ , সাম্যবাদী আৰু কমিউনিষ্ট আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত অনন্য বিপ্লৱী চৰিত্ৰ।
