অণুগল্প
অভিশপ্ত
দীপাংকৰ শইকীয়া, ধেমাজি
আজি ৰুবুলৰ একমাত্ৰ ভনীয়েক মনিষাৰ বিয়া। ঘৰখনত উৰুলিৰ মাংগলিক ধ্বনিৰে উখল-মাখল পৰিবেশ।ৰুবুলৰ একমাত্ৰ ভনী জনীৰ বিদায় বেলাত তাৰ বুকুত দুখে আৱৰি ৰাখিছে । ঘৰখনত উখল-মাখল পৰিৱেশ। সকলো মানুহ অতিথি আপ্যায়ন অনুষ্ঠান অতিথি শুশ্ৰূষা কৰাত ব্যস্ত আছিল। হঠাৎ মনিষাৰ দেউতাকে এটা চিঞৰ মাৰি মাটিত ঢলি পৰিল । বিয়াৰ উদুলি-মুদুলি ঘৰখনত শোকৰ ছাঁ পৰিল। এফালে দৰাঘৰীয়াই পূস্প ৰথত কন্যা ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছে আৰু আনফালে স্বৰ্গ ৰথত পিতৃৰ শ্মশান যাত্ৰা।
