জাতি-জনজাতি – উদয়ন চেতিয়া

Pc Mundomapa

জাতি-জনজাতি

উদয়ন চেতিয়া ,ধেমাজি 

ভাৰত এখন বৈচিত্ৰময় দেশ। ভাৰতৰ বৈচিত্ৰ্যৰ ঐক্যৰ বাবে জনাজাত। ভাৰতত এনে বহুতো জাতি-জনজাতিয়ে বাস কৰে। ভাৰতত প্ৰায় ৭০৫ টা জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। অৰুনাচল প্ৰদেশত ২৬টা প্ৰধান জনজাতিৰ লগতে বহুতো সৰু সৰু জনজাতি আছে। এনেকৈ মধ্য ভাৰতত অনুসূচিত জনজাতি সকলক সাধাৰণতে আদিবাসী বুলি কোৱা হয়, যাৰ আক্ষৰিক অৰ্থ খিলঞ্জীয়া জনগোষ্ঠী। গণ্ড, ভীল, সন্থাল, মুণ্ডা, খাছি, গাৰো, আংগামী, ভুটীয়া, চেঞ্চু, কোদাবা আৰু মহান আন্দামানী জনজাতি হ’ল ভাৰতৰ সবাতোকৈ পৰিচিত জনগোষ্ঠী। ভাৰতত ইয়াৰ লগতে এনে বহুতো জনগোষ্ঠী আছে যেনে, বড়ো, মিচিং, দেওৰী আদি। ভাৰতৰ সৰ্ববৃহৎ জনজাতি গোট, ২০১১ চনৰ লোকপিয়ল অনুসৰি হ’ল ভীল। ভীল জনজাতি ভাৰতৰ মহাৰাষ্ট্ৰ, ছত্তীশগড়, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ ৰাজ্যৰ লগতে ত্ৰিপুৰাতো পোৱা যায়। জনসংখ্যা অনুযায়ী আটাইতকৈ সৰু জনজাতিটো হৈছে আন্দামানী সকল।

ভাৰতত এনে বহুতো জাতি আৰু জনগোষ্ঠী আছে। জাতি ব্যৱস্থাৰ কিছুমান গাঁথনিগত বৈশিষ্ট্য আছে। খাদ্যাভ্যাসৰ ওপৰত নিষেধাজ্ঞা, বৃত্তিৰ ওপৰত নিষেধাজ্ঞা, স্তৰভিত্তিক ক্ৰম আদি সমূহ হৈছে জাতি ব্যৱস্থাৰ কিছুমান গাঁথনিগত বৈশিষ্ট্য। বিবাহৰ ওপৰত নিষেধাজ্ঞাৰ মতে প্ৰতিটো জাতিয়েই নিজৰ জাতি গোটৰ ভিতৰতে বিবাহপাশত আবদ্ধ হ’ব লাগিব আৰু এটা জাতি কেইবাটাও উপজাতিত বিভক্ত হৈছে। বৃত্তিৰ ওপৰত নিষেধাজ্ঞা হৈছে জাতি ব্যবস্থাৰ এটা গাঁথনিগত বৈশিষ্ট্য। সাধাৰণতে জাতি ব্যৱস্থাৰ সৈতে বৃত্তি সমূহ জড়িত আছিল আৰু প্ৰতিটো জাতিয়েই বংশগত ভিত্তিত এই বৃত্তি সমূহ অনুসৰণ কৰিব লাগিব।

এনেকৈ জাতি-জনজাতিৰ মাজত এনে বহুতো ৰীতি-নীতি আছে যিবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পাৰ হৈ যায়। ম’জে ৰিবা (Moje Riba)ই তেওঁৰ ৰচনা “Rites In Passing”ত অৰুনাচল প্ৰদেশৰ জনগোষ্ঠী সমূহৰ বিষয়ে লিখিছিল য’ত সাধাৰণতে গাহৰি আৰু মিথুনৰ দৰে জীৱ-জন্তু নাইব’ (Nyibo)য়ে নিৰ্ধাৰিতভাৱে বলি দিয়া হয়। ম’জে ৰিবা (Moje Riba)ৰ মতে, তেওঁৰ ৰচনাখনত নাইব’ (Nyibo) হ’বলৈ স্নাতক হোৱাটো বাধ্যতামূলক নহয়।এনেকৈ আৰু বহুতো ৰীতি-নীতি আদি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পাৰ হৈ যায়। উদাহৰণস্বৰূপে, আমি কিম্ফাম সিং নংকিনৰিহ (Kympham sing nongkynrih)ৰ “U Thlen: The Man-Eating Serpent” প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পাৰ হৈ আহিছে। কিম্ফাম সিং নংকিনৰিহ (Kympham sing nongkynrih)ৰ “U Thlen: The Man-Eating Serpent” হৈছে এটা ডাঙৰ সাপৰ কাহিনী যিয়ে আগতে মানুহ খাইছিল। এই কাহিনীটো উৎপত্তি হৈছে চেৰাপুঞ্জী, মেঘালয়ত আৰু সেই সাপে মানুহৰ খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলে। গতিকে গাঁৱৰ মানুহে এজন জ্ঞানী ব্যক্তি সুইদনই (Suidnoi)ৰ ওছৰত সহায় বিচাৰিলে। সুইদনই (Suidnoi) সাপৰ মুখ আৰু পেটত জ্বলি থকা লোহাৰ বল এটা সুমুৱাই দি তেওঁলোকক সহায় কৰে আৰু সাপটো মৰিল। গাঁৱৰ মানুহে মৃত সাপৰ মাংস খালে আৰু সুইদনই(Suidnoi)য়ে তেওঁলোকক ক’লে যে মৃত্যুৰ মাংসৰ কোনো টুকুৰা নাৰাখিব কিন্তু এগৰাকী মূৰ্খ বুঢ়িয়ে নিজৰ একমাত্ৰ পুত্ৰৰ বাবে অলপ মাংস ৰাখিছিল যাৰ পৰা সাপটোৱে নিজকে পুনৰুত্থান কৰিছিল আৰু কয় যে, সেই সাপটো মেঘালয়ৰ চিৰাপুঞ্জীৰ কোনো এখন অৰণ্যৰ গুহা এটাত জিয়াই আছে আৰু এই কাহিনীটো মেঘালয়ত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পাৰ হৈ আহিছে।

আমি মামাং দাই (Mamang Dai)ৰ সাহিত্যক ৰচনা “On Creation Myth and Oral Narratives”কো উদাহৰণ স্বৰূপে ল’ব পাৰো। মামাং দাই আদি জনগোষ্ঠীৰ অন্তৰ্গত যিটো অৰুনাচল প্ৰদেশৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী। মৌখিক আখ্যান লিখা নহয় যিবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ লগতে আমি সতী প্ৰ‍থাও উদাহৰণস্বৰূপে ল’ব পাৰোঁ। আচলতে সতী অভ্যাস এনেকুৱা এটা কু-প্ৰথা আছিল যে স্বামীৰ মৃত্যু পিছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাৰ সৈতে জ্বলাই দিয়া হৈছিল। কোৱা হৈছিল যে স্বামীৰ মৃত্যুৰ পিছত পত্নীৰ জীৱনৰ কোনো উদ্দেশ্য নাছিল বাবে পত্নীক তেওঁৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাত বহিবলৈ বাধ্য কৰাইছিল আৰু জুই লগাই দিছিল। এয়াও কোৱা হয় যে কেতিয়াবা বিধৱাই এই কাম কৰিবলৈ মান্তি হৈছিল কিন্তু যি সকল বিধৱাই মান্তি হোৱা নাছিল তেওঁলোকক বাধ্য কৰোৱা হৈছিল। স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাত নিজকে জ্বলাই দিয়া এগৰাকী মহিলাক সতী বুলি কোৱা হৈছিল আৰু ইয়াৰ অৰ্থটো হৈছে সতী নাৰী।

এনেকৈ ভাৰতৰ বিভিন্ন জাতি জনজাতিয়ে নিজৰ নিজৰ প্ৰথা, উৎসৱ আদি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলাই আহিছে। হয়টো কোনো কোনোৱে জীৱ-জন্তুৰ বলি দি উৎসৱ উদযাপন কৰিছে ইত্যাদি। কিন্তু যেনেকৈ সময় পাৰ হৈ আহিছে মানুহবোৰে নিজৰ জাতি-জনজাতিৰ কথা খুব কমকৈ ভাবি ধৰিছে। যেনেকৈ অসমত বিহুৰ দৰে জাতিয় উৎসৱ পাতিবলৈ আজি-কালি মানুহবোৰ খুব কম হে আগুৱাই আহে। সতী অভ্যাসৰ দৰে এটা প্ৰথা আজিৰ দিনত কম হৈ অহাটো বৰ এটা বেয়া কৰিবলৈ পাহৰি যোৱাটো অসমীয়া সমাজৰ বাবে ক্ষতিৰ কাৰণ। কিয়নো বিহু হৈছে অসমৰ জাতীয় উৎসৱ। বিহুৰ দৰে উৎসৱ এটাক পাহৰি যোৱাটো বৰ এটা ভাল কথা নহয়। এনেকৈ ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ নিজৰ উৎসৱ, প্ৰথা আদি যিবোৰ আকুৱালি ল’ব পাৰি তেনে ধৰণৰ উৎসৱ, প্ৰথা আদি তেওঁলোকৰ নতুন প্ৰজন্মক প্ৰজন্মক আকোৱালি ল’বলৈ শিকাবলৈ লাগে। ইয়াৰ লগতে আমি এইটোও মনত ৰখা ভাল বা উচিত যে জাতি-জনজাতিৰ নামত আমি ইজনে সিজনৰ লগত কাজিয়া কৰি নালাগে। আমি সকলোৱে এক হৈ এক নতুন ভাৰত গঢ়ি তুলিব লাগে। পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁৰ ‘Discovery of India’ নামৰ গ্ৰন্থখনত এই বিখ্যাত বাক্যাংশ ‘বৈচিত্ৰ্যত ঐক্য’ (Unity in Diversity) ব্যৱহাৰ কৰিছিল। এই বাক্যাংশটো আজিও বিভিন্ন অঞ্চল আৰু সংস্কৃতিৰ মাজত সমন্বয় আৰু ঐক্যৰ প্ৰকাশ হিচাপে ব্যৱহাৰ কৰা হয়। আহোম জনগোষ্ঠী অসমৰ এক গুৰুত্বপূৰ্ণ জাতিগত গোষ্ঠী। তেনেধৰণৰ আন বিভিন্ন প্ৰান্তত আহোমৰ দৰে আন বহুতো জাতি-জনজাতি, জনগোষ্ঠী আদিয়ে বসবাস কৰে। আহোম সকল টাই জাতিৰ লোক।

দ্ৰৌপদী মুৰ্মুৰ ভাৰতৰ ১৫ সংখ্যক আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি যি ১৯৫৮ চনৰ ২০ জুনত ওড়িশা ৰাজ্যৰ উপৰবেদা নামৰ এখন গাঁৱত সন্হালি জনজাতিয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। এনেকৈ বহুতো জাতি-জনজাতি লোকে আগুৱাই আহিছে নিজৰ দেশৰ বাবে। দ্ৰৌপদী মুৰ্মুৰ তেওঁলোকৰ মাজতে এগৰাকী উদাহৰণস্বৰূপে।