দায়িত্ব – ৰিমী হাজৰিকা

Pc Pinterest.com

দায়িত্ব

ৰিমী হাজৰিকা,মাজুলী

ঘৰ খনৰ একমাত্ৰ ছোৱালী হিচাপে ভাস্বতীয়ে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰে । নাই কোনো আক্ষেপ ,নাই কোনো অভিযোগ। সৰুতেই দেউতাকক হেৰুৱাব লগা হোৱা ভাস্বতীয়ে মাক আৰু ভায়েকৰ যত্ন লোৱাৰ উপৰিও টিউচন কৰা টকাৰে ভায়েকৰ প্ৰয়োজনীয় বস্তু কেইপদ কেনেদৰে যোগাৰ কৰিব পাৰি তাকেই চিন্তা কৰে তাই। বয়সৰ লগে লগে মাক পৰিশ্ৰম কৰিব নোৱাৰা হৈ আহিছে আৰু সেই সময়তে তাইৰ কান্ধত আহি পৰিল দায়িত্বৰ ভাৰ খন।

পঢ়া শুনা লগতে গাঁৱত ল’ৰা ছোৱালীক টিউচন কৰি টকা উপাৰ্জন কৰা ভাস্বতীয়ে লগৰ সমনীয়া লগত মিলিব নোখোজে, তাৰ বাবে তাই মানুহৰ পৰা অপমান পাবলগীয়া ও‌ হৈছে। দেউতাক নোহোৱাৰ পৰা অভাৱ কি তাই বাৰু কৈয়ে উপলব্ধি কৰি আহিছে।  সেই বাবে তাই নিজকে আন বন্ধু বান্ধৱীৰ পৰা আতঁৰাই ৰাখিছে। টকা উপাৰ্জন কৰি নিজৰ লগতে ঘৰ চলোৱা ছোৱালী জনীয়ে আন ছোৱালীৰ লগত মনোৰঞ্জন কৰিবলৈ যাব যে নোৱাৰে সেই কথা ভাস্বতীয়ে প্ৰতি পলে পলে উপলব্ধি কৰি আহিছে।

ভায়েকৰ পঢ়া শুনাৰ ক্ষেত্ৰত তাই অগ্ৰণী ভূমিকা পালন কৰিছে। কোনো কথাতে তাই ভায়েকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। প্ৰত্যেক সময়তে তাই ভায়েকৰ পঢ়া শুনাত অধিক গুৰুত্ব আৰোপ কৰিছে। তাইৰ এটাই আশা ভায়েক ডাঙৰ হৈ এজন ভাল মানুহ হ’ব। মাক আৰু তাইৰ দায়িত্ব ল’ব । সেই আশা বুকুত বান্ধিয়ে তাই ঘৰখনৰ দায়িত্ব সামৰিছিল আৰু নিজৰ পঢ়া শুনাতো গুৰুত্ব আৰোপ কৰিছিল। তাৰ সমান্তৰালকৈ তাই সাহিত্যৰ জগতখনতো এখোজ আগুৱাই গৈছিল।
বৰ্তমান তাইৰ বহু লেখা কাকত আলোচনীত প্ৰকাশ পাইছে।

তাইৰ ভায়েক এজন উচ্চপদস্থ বিষয়া হ’ল। বিয়া বাৰু কৰাই তেওঁ সংসাৰত ভালদৰে মনোনিৱেশ কৰিছে ।  চাকৰি আৰু সংসাৰৰ দায়িত্বত তেওঁ বায়েক আৰু মাকৰ দায়িত্ব ল’বলৈ অপাৰগ হ’ল। মাক ঢুকুৱাৰ পাছত ভাস্বতীয়েই তেওঁৰ কৰ্মখিনিও সুকলমে সম্পন্ন কৰিলে।

বৰ্তমান এখন নামজ্বলা বিশ্ববিদ্যালয়ৰ অধ্যাপক ভাস্বতী। তাইৰ জীৱনত মাক আছিল একমাত্ৰ সাৰথি। অমূল্য জীৱনৰ বহু সময় তাই মাক আৰু ভায়েকৰ যত্ন লৈয়ে  পাৰ কৰিলে। দায়িত্বৰ ভাৰ গ্ৰহণ কৰি কৰি তাই নিজৰ জীৱনৰ কথা ,  সংসাৰ গঢ়াৰ কথা ভাবিবলৈ  আহৰিয়ে নাপালে।