আগন্তুক সময়ত দাইল-চেনি-নিমখৰ লগতে মিঠাতেলো পাবঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শনিবাৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৩০,৮০৬গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। ইয়াকে ধৰি আঁচনিখনৰ জৰিয়তে এতিয়ালৈ ৰাজ্যৰ ৯১টা বিধানসভা সমষ্টিৰ ২২,২৮,২২৮ গৰাকী মহিলাৰ মাজত উদ্যমিতা পুঁজি বিতৰণ কৰা হ’ল। শনিবাৰে বৰক্ষেত্ৰী সমষ্টিত সর্বমুঠ ৩০ কোটি ৯০ লাখ ৬৫ হাজাৰ টকা উদ্যমী মহিলাসকলক প্ৰদান কৰা হয়। এই উপলক্ষে জাগাৰা-নপ্তিপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নপ্তিপাৰাৰ সুধাংশু গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত এখন বিশাল জনসভা আয়োজিত কৰা হয়।

এই জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উদ্যমিতা অভিযানৰ বাবে নিৰ্বাচিত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ হিচাপে নিজকে উত্তৰণ ঘটাবলৈ যত্নপৰ হ’বলৈ আহ্বান জনায়। মুখ্যমন্ত্রী ড° শর্মাই কয় যে নির্বাচিত মহিলাসকলৰ মাজত আজি প্রথম পর্যায়ত ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰা হৈছে যদিও এয়া তেওঁলোকৰ লাখপতি বাইদেউ হিচাপে পৰিচিত হ’বলৈ কৰা যাত্ৰাৰ আৰম্ভণিহে। প্রচেষ্টা আৰু পৰিশ্ৰমৰ জৰিয়তে আগন্তুক এক-দুই বছৰৰ ভিতৰত তেওঁলোকে নিজ লক্ষ্যত উপনীত হ’ব পাৰিব। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাৰ ৮ লাখে ইতিমধ্যে লাখপতি বাইদেউৰ শাৰীলৈ উন্নীত হোৱা বুলি উল্লেখ কৰি কয় যে ৰাজ্যৰ মহিলা সমাজ ইতিবাচক কাম-কাজত জড়িত হ’বলৈ সদায় ইচ্ছুক। কিন্তু আর্থিক সমস্যাৰ বাবে আগ্রহ থাকিলেও তেওঁলোকে ব্যৱসায়-বাণিজ্যৰ সৈতে বিৰত থাকিবলগীয়া হয়।

ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে মহিলা সমাজলৈ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে। ৰাজ্যৰ ৩২ লাখ মহিলাক এই অভিযানৰ জৰিয়তে ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বাবদ ৰাজ্য চৰকাৰৰ ৩,২০০ কোটি টকা ব্যয় হ’ব আৰু এই সমুদায় টকা মহিলাসকলৰ বেংক একাউণ্টত জমা হ’ব। একমাত্র মহিলাকেন্দ্রিক এনে বৃহৎ আঁচনি পূর্বতে অসমত কেতিয়াও গ্রহণ কৰা হোৱা নাছিল। মুখ্যমন্ত্রী ড° শৰ্মাই কয়, ‘কেৱল মহিলাৰ বাবে এনে বৃহৎ আঁচনি পূৰ্বৰ কোনো চৰকাৰে অসমত ৰূপায়ণ কৰা নাছিল আৰু এনেধৰণৰ আঁচনি ল’ব বুলি ভাবিবও পৰা নাছিল। এই আঁচনিখনৰ জৰিয়তে চৰকাৰে মহিলাসকলক তেওঁলোকৰ বেংক একাউণ্টযোগে কপোনপটীয়াকৈ ধনৰাশি আগবঢ়োৱাৰ কাম আৰম্ভ কৰিছে, যাতে তেওঁলোকে উদ্যমিতাৰ দিশেৰে আগবাঢ়ি লাখপতি বাইদেউ হ’ব পাৰে।’

ভাষণত মুখ্যমন্ত্রী ড° শর্মাই মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰদান কৰা পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত কয় যে আত্মসহায়ক গোটৰ মহিলা হিতাধিকাৰীসকলে এই পুঁজি তিনি প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰে। প্ৰথম কিস্তি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ পুঁজি আত্মসহায়ক গোটৰ সদস্যাসকলে তেওঁলোকৰ গোটত জমা কৰি সমূহীয়াভাবে ব্যৱসায় কৰিব পাৰে বা গোটত জমা হোৱা সমুদায় ১ লাখ টকাৰ পুঁজিৰ পৰা ঋণ লৈও ব্যৱসায় কৰিব পাৰে। দ্বিতীয়তে তেওঁলোকে এই পুঁজিৰে নিজেও ব্যৱসায় কৰিব পাৰে অথবা তৃতীয় বিকল্প হিচাপে এই পুঁজি নিজ স্বামী বা পৰিয়ালৰ ব্যৱসায়তো আগবঢ়াব পাৰে। আজি আগবঢ়োৱা উদ্যমিতা পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে ছয় মাহৰ পিছত ঘৰে ঘৰে গৈ মূল্যায়নৰ ব্যৱস্থা কৰিব। এই পুঁজিৰ সদ্ব্যৱহাৰ হ’লে পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। সেই পুঁজিৰো পুনৰ মূল্যায়ন কৰা হ’ব আৰু সদ্ব্যৱহাৰ কৰাসকলক তৃতীয় বৰ্ষত ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। এই অভিযানৰ পৰৱৰ্তী ধনৰাশি পাবৰ বাবে সন্তানৰ সংখ্যা তিনিটাৰ ভিতৰতে সীমাবদ্ধ ৰাখিবলৈ তেওঁ মহিলাসকলক আহ্বান জনায়।

তেওঁ কয় যে সন্তানৰ সংখ্যা অধিক হ’লে মহিলা এগৰাকীয়ে সন্তানৰ পঢ়া-শুনাকে ধৰি বিভিন্ন কাম-কাজত ব্যস্ত থাকিবলগীয়া হ’ব আৰু ইয়াৰ ফলত তেওঁলোকে নিজ কর্মক্ষেত্ৰত বেছি সময় দিব নোৱাৰিব। বৰক্ষেত্ৰী সমষ্টিত ২৭,৬৬৩ গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰি আছে বুলি উল্লেখ কৰি সমষ্টিটোত নতুনকৈ দুই হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ দ্বাৰা সমাৰি ল’ব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে। তেওঁ লগতে কয় যে অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ জৰিয়তে ৪০ লাখ মহিলাই ৮ হাজাৰ টকাকৈ লাভ কৰিব। বৰ্তমানৰ চৰকাৰৰ কার্যকালত উদ্যমিতা অভিযান, অৰুণোদয়, নিযুত মইনা, বিনামূলীয়া চাউল আদি প্ৰদানৰ কথা ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই বর্তমানে মাত্র ১০০ টকাতে প্ৰদান কৰি অহা ১ কিলোগ্রামকৈ দাইল, চেনি আৰু নিমখ বিনামূলীয়া কৰাৰ লগতে ১ লিটাৰকৈ মিঠাতেল আগন্তুক সময়ত বিনামূলীয়াকৈ প্রদানৰ আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ প্ৰায় ৫ বছৰীয়া কাৰ্যকালত গ্রহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ জৰিয়তে ৰাজ্যখনৰ দুখীয়া-দৰিদ্ৰ জনসাধাৰণে পৰিয়াল চলোৱাত যথেষ্ট সকাহ লাভ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ১.৫০ লাখতকৈও অধিক যুৱক-যুৱতীয়ে স্বচ্ছভাবে চৰকাৰী চাকৰি লাভ কৰিছে। ৰাজ্যখনলৈ যে এনে পৰিৱৰ্তন আহিব সেই কথা পূর্বতে কোনেও কল্পনা কৰিব পৰা নাছিল। প্রসংগক্রমে তেওঁ উল্লেখ কৰে যে বৰক্ষেত্ৰী সমষ্টিত ৩,০২৩গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰাৰ লগতে ৭০,৭০৩টা পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে ১০০ টকাতে এক কিলোগ্রামকৈ দাইল, চেনি আৰু নিমখ লাভ কৰিছে। বৰক্ষেত্ৰী সমষ্টিত বাট-পথ, শিক্ষানুষ্ঠান ভৱন আদি নির্মাণ হৈছে। বিগত সময়ছোৱাত এই ধৰণৰ বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজ সৰূপায়ণেৰে সমষ্টিটো বিকাশৰ দিশত আগবাঢ়ি গৈছে। বৰক্ষেত্ৰী সমষ্টিত আয়োজিত এই অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা পৰিষদৰ সভানেত্রী গীতুমণি বৈশ্যকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ আৰু পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জিলা আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।
