জামিন আবেদন প্ৰত্যাহাৰ শ্যামকানু আৰু সন্দীপনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ কামৰূপ জিলা ন্যায়াধীশ আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হয় অসমীয়াৰ আৱেগ জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ড ১৮/২০২৫ নং গোচৰৰ পঞ্চমটো শুনানি । বৃহস্পতিবাৰে অভিযুক্ত তিনিজন ক্রমে অমৃত প্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি আদালতে গ্ৰহণ কৰে। আন দুই অভিযুক্ত ক্রমে শ্যামকানু মহন্ত আৰু সন্দীপন গার্গে জামিন আবেদন আদালতৰ পৰা প্ৰত্যাহাৰ কৰে। তাৰ পিছতে আদালতে উক্ত তিনি অভিযুক্তৰ শুনানি গ্রহণ কৰে যদিও ৰায়দান সংৰক্ষিত কৰি ৰাখে। অহা ৩০ জানুৱাৰীত আদালতে জুবিন হত্যাকাণ্ডৰ গোচৰত মুঠ ৭ অভিযুক্তৰ চাৰ্জফ্ৰেমৰ লগতে তিনি অভিযুক্ত ক্রমে অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ ৰায় দিব। শুনানিত উপস্থিত থকা অধিবক্তা তথা গুৱাহাটী উকীল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই জনায় এই কথা ৷ ইফালে প্রিয় শিল্পীৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ লগতে সম্পৰ্কীয় ভাতৃ সন্দীপন গার্গে জামিন আবেদন আদালতৰ পৰা উঠাই লোৱাক লৈ ৰাজ্যজুৰি চর্চা চলিছে। কিন্তু কি কাৰণত তেওঁলোকে আবেদনখন উঠাই ল’লে সেই সন্দর্ভত বিশেষ তথ্য এতিয়ালৈকে লাভ কৰা নাই। শিল্পীগৰাকীৰ হৈ চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত অধিবক্তাৰ দলটোৱে আদালতত উক্ত তিনি অভিযুক্তৰ জামিন আবেদনৰ বিৰুদ্ধে বিৰোধিতাৰে আবেদন দাখিল কৰাৰ লগতে তীব্ৰ যুক্তি-তর্কও হয়। অমৃতপ্রভা মহন্তৰ অধিবক্তাই আদালতত দীঘলীয়া যুক্তি দাঙি ধৰি গোচৰটো বেলেগকৈ চোৱাৰ বাবে অনুৰোধ জনায়। ইপিনে শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰ শুনানিত উপস্থিত থাকে। আদালতত চলি থকা গোচৰক লৈ সন্তোষ প্রকাশ কৰি শিল্পীপত্নী গৰিমা শইকীয়া গার্গে কয় যে চৰকাৰী পক্ষই আমাৰ হৈ যুক্তিবোৰ সবলভাৱে দাঙি ধৰিছে। এয়া দেখি যথেষ্ট ভাল লাগিছে। ইয়াৰ পাছতে সামাজিক মাধ্যমযোগে গৰিমা শইকীয়া গাৰ্গে বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে আৰু হত্যাকাৰীৰ শাস্তি নোহোৱালৈকে কোনো এটা অভিযুক্তই যাতে আদালতৰ পৰা জামিন লাভ নকৰে, তাৰ বাবে সম্ভৱপৰ সকলো প্রচেষ্টা ল’বলৈ আদালতক আহ্বান জনাইছে। তদুপৰি সমগ্ৰ ন্যায় প্রক্ৰিয়াটো খৰতকীয়া কৰিবলৈ বিশেষ আদালতখনৰ অতিমাত্রাই প্রয়োজন আছে বুলিও গৰিমা শইকীয়া গাৰ্গে পোষ্টটোত সদৰী কৰে। একেদৰে শিল্পীগৰাকীৰ ভগ্নী ড° পামী বৰঠাকুৰেও চৰকাৰী লোক অধিবক্তাৰ দলে আদালতত দৰ্শোৱা যুক্তিখিনিক লৈ সন্তোষ প্রকাশ কৰি কয় যে আদালতৰ দৃশ্য দেখি যথেষ্ট ভাল লাগিছে। আমাৰ হৈ অধিবক্তাৰ দলটোৱে বহুখিনি কষ্ট কৰিছে।
