এয়া সৰস্বতী পূজা নে ফেশ্বন শ্ব’
কল্যাণী গগৈ(মুনু)
চিলাপথাৰ, ধেমাজি
আজিকালি এয়া বাৰু কি?
সৰস্বতী পূজা নে ফেশ্বন শ্ব’
দেৱী সৰস্বতীৰ প্ৰতি ভক্তিভাৱতকৈ,
সকলোৰে মাজত যেন সাজ-পোছাকৰ
প্ৰতিযোগিতাহে চলে।
চাৰিওফালে বিয়পি পৰে
এক উত্তেজনাত্মক পৰিৱেশ।
য’ত পণ্ডিতসকলৰ মন্ত্ৰতকৈ ,
শব্দ ব্যৱস্থাপনাৰ ধ্বনিহে
মুখৰিত হৈ পৰিছে ।
কিছুমানে দুচকীয়া,চাৰিচকীয়া বাহন লৈ
অʼত-তʼত ফুৰিবলৈ গৈছে ,
আন কিছুমানে আকৌ
তীব্ৰ বেগেৰে গাড়ী চলাই ,
হস্পিটেলৰ নিবিড় পৰ্যবেক্ষণ কেন্দ্ৰত
ভৰ্ত্তি হৈ আছে…
এই সকলোবোৰে, আই সৰস্বতীক
পূজা কৰিবলৈ যোৱাৰ নামত যেন
কিবা ভেঙুচালিহে কৰিছে,
এতিয়া আগৰদৰে সেই
বগা মেখেলা-চাদৰ,
চুৰিয়া-চোলা পিন্ধি
আই সৰস্বতীক শ্বেতপদ্ম প্ৰদান কৰি,
তেওঁক নিৰ্মল ভক্তি-ভাৱবোৰেৰে
পূজা-অৰ্চনা কৰাৰ দিনবোৰ
ক’ৰবাত হেৰাই গৈছে ।
আধুনিকতাৰ কথকতাত যেন
পূজা অৰ্চনা সমূহতো,
প্ৰতিযোগিতামূলক ভাৱ আহি পৰিছে।
