আই সৰস্বতী পূজা – কল্যাণী গগৈ

Pc Duranta Barta

আই সৰস্বতী পূজা

কল্যাণী গগৈ (মুনু)
চিলাপথাৰ, ধেমাজি

শ্বেত পদ্ম কুসুমত বহি
বছৰৰ প্ৰথম ভাগতেই আহিল ,
জ্ঞান-বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী
আই সৰস্বতী ।
ৰাজ-হংস গামিনী ,
শ্বেত বীণা ধাৰিনী,
শ্বেত অলংকাৰ ধাৰণেৰে
তেৱেঁই বাগ্দেৱী,পদ্মাৱতী
আৰু বীণাপাণি ।
সকলোৱে মিলি-জুলি,
মাঘৰ শুক্লা পঞ্চমী তিথিত
পাতো আমি আই সৰস্বতীৰ পূজা,
জ্ঞান, বিদ্যা আদি প্ৰদান কৰিও
তেৱেঁই কৰিব‌ আমাক,
অশুভ শক্তিৰ পৰা ৰক্ষা ।
ধূপধূনা নৈবেদ্য শৰাই আদি আগবঢ়ায়
ছাত্ৰ-ছাত্ৰী সকলে সেৱা কৰি গাই –
“কৃষ্ণ কৃষ্ণ সৰস্বতী আই
লোকে বোলে সৰস্বতী
আমি বোলো আই
যিখিনি পাহৰোঁ দিবা সোঁৱৰাই….”।