সৰস্বতী পূজা:এক আধ্যাত্মিক উৎসৱ
নিবেদিতা হাজৰিকা
লখিমপুৰ
পোহৰৰ আন এটা নামেই হ’ল জ্ঞান। জ্ঞান বা বিদ্যা অবিহনে পৃথিৱীখন ৰাতিৰ অন্ধকাৰৰ দৰে ।সুৰুযৰ হাজাৰ আলোকেৰেও পৃথিৱীখন উজ্বলাব নোৱাৰে যদিহে আমাৰ জ্ঞানৰ অভাৱ ঘটে। এই জ্ঞানৰ আধাৰেই হ’ল আই সৰস্বতী। যিয়ে আমাক জ্ঞানৰ জ্যোতিৰে সৎ তথা সুন্দৰকৈ জীৱন যাপনৰ বাট দেখুৱায়।
ব্ৰহ্মাৰ মানস কন্যা সৰস্বতী আমাৰ সকলোৰে পূজ্য।কিয়নো জ্ঞান আৰু বুদ্ধি দিয়াৰ ক্ষমতা তেওঁৰহে আছে।সেয়ে আমি তেওঁক পূজা কৰা উচিত, মনা উচিত।
বাক্য, বুদ্ধি ,বিদ্যা আৰু জ্ঞানৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ বাবে অনুষ্ঠিত কৰা এক ধৰ্মীয় উৎসৱৰ অন্যতম হ’ল সৰস্বতী পূজা।প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পালন কৰা হয়।ইয়াক বসন্ত পঞ্চমী বা বাসন্তী উৎসৱ বুলিও কোৱা হয় । ৰজা নৰকাসুৰ আৰু ৰজা ভগদত্তৰ দিনত এই পূজাক ‘ বাসন্তী উৎসৱ’ আৰু পাছলৈ ইয়াক ‘সৰস্বতী পূজা’ হিচাপে পালন কৰা হয়।
এই উৎসৱ বা পূজা বিশেষ ভাবে শিক্ষানুষ্ঠান সমূহত পালন কৰে। শিক্ষাৰ্থী সকলে অতি উলহ – মালহেৰে আৰু আন্তৰিকতাৰে এই দিনটো পালন কৰে।বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে হিন্দু সমাজে যুগে -যুগে সৰস্বতী পূজা পালন কৰি আহিছে।দুয়োখন হাতেৰে বীণা খন সাৱতি, এখন হাতত পদুম ফুল আৰু আন এখন হাতত জ্ঞানৰ প্ৰতীকী পুথি এখন লৈ ৰাজ হংসৰ ওপৰত বহি থকা সৰস্বতী দেৱীক হিন্দু সমাজৰ আন -আন দেৱ -দেৱী সকলৰ ভিতৰতেই আটাইতকৈ বেছি ধুনীয়া বুলি কোৱা হয়।আই সৰস্বতী খুব সোনকালে সন্তুষ্ট হয়। তেওঁৰ পূজাত অন্য বস্তু বিশেষ নালাগে ।ফুল তথা পানীৰে পূজা কৰিলেও মা সৰস্বতী সন্তুষ্ট হয়।তেওঁৰ সন্মুখত কোনো ভূত -পিশাচ , অসুৰ, দানৱ আদিয়ে শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে।তেওঁ সকলোকে নাশ কৰিব পাৰে।সেয়ে সৰস্বতী মাক আমি মনৰ পৰা ভক্তি ভাবেৰে সেৱা কৰিলে তেওঁ নিশ্চয়কৈ আমাক বিদ্যা, জ্ঞান আদি প্ৰদান কৰি অশুভ শক্তিৰ পৰাও ৰক্ষা কৰিব।
পূৰ্বতে সৰস্বতী পূজা অতি সাত্বিক তথা অনাড়ম্বৰ ভাৱে পালন কৰা হৈছিল, জাকজমকতাৰ কোনো পৰিৱেশ পৰিলক্ষিত নাছিল। কিন্তু বৰ্তমান সময়ত যেন সেই পৰিৱেশ সম্পূৰ্ণ সলনি হ’ল। আধুনিকতাৰ ধামখুমিয়াত সৰস্বতী পূজাৰ সেই পূৰ্বৰ মাদকতা নোহোৱা হ’ল।।সৰস্বতী পূজাত বাহ্যিকতা, সৌন্দৰ্য প্ৰতিযোগিতা আদিয়ে যেতিয়াৰ পৰা স্থান পাবলৈ ধৰিলে সৰস্বতী পূজাৰ মাদকতাও যেন কৰবাত হেৰাল।সৰস্বতী পূজাৰ দিনা মণ্ডপতকৈ বা পূজা স্থলীত কৈ ৰেষ্টুৰেণ্ট, ধাবা , পাৰ্ক আদিত হে বহু ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰা দেখা যায়। অপ্ৰিয় হ’লেও সত্য যে আজিৰ প্ৰজন্মৰ বহুতেই হয়তো সৰস্বতী কোন? সৰস্বতী পূজাৰ আধ্যাত্মিকতা, সৰস্বতীক আৰু কি নামেৰে জনা যায় সেই বিষয়ে নাজানে।কেৱল দিৱস পালনেই সকলো নহয়। আমি পালন কৰা উৎসৱ সমূহৰ বিষয়ে আমি সম্যক ভাৱে হ’লেও অন্তঃত জনা উচিত।
সৰস্বতী পূজা মানেই এক মাংগলিক অনুষ্ঠান। সেই পূজাক জাকজমকতাৰে অত্যাধুনিক কৰা অনুচিত। আধ্যাত্মিকতা পাহৰি কেৱল বাহ্যিকতা প্ৰদৰ্শন কৰি কেতিয়াও মা সৰস্বতীৰ কৃপা লাভ কৰিব নোৱাৰি। সেয়ে সকলোৱে আন্তৰিকতা তথা শ্ৰদ্ধা পূৰ্বক ভাবে সৰস্বতীৰ আৰাধনা আৰু পূজা কৰা উচিত।জ্ঞান আৰু শিক্ষাৰ দেৱী গৰাকীৰ আৰ্শীবাদ ধন্য হৈ জ্ঞান আৰু শিক্ষাৰে সকলোৱে উজ্বলি উঠাৰ প্ৰয়াস কৰা উচিত।
জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আৰাধনাৰে ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগী সকলৰ মাজত এক আধ্যাত্মিক সংযোগ স্থাপন হয়। আৰু ইয়ে এক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। গান, নৃত্য ,নাটক আদিৰ যোগেদি এক আনন্দ দায়ক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হয় ,য’ত সকলোৱে অংশ গ্ৰহণ কৰে। এই উৎসৱে জ্ঞান আৰু বিদ্যাৰ বাবে এক বিশেষ আনন্দ আৰু উদ্দীপনাৰ সৃষ্টি কৰে,যি সকলোৰে বাবে এক স্মৰণীয় অভিজ্ঞতা।সময়ৰ লগে-লগে ইয়াৰ উদ্যাপনৰ ধৰণ সলনি হৈছে বা পৰিৱৰ্তন পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ মাদকতা বা গুৰুত্ব আছে। কিন্তু, কিছুমান লোকে ভাবে যে আধুনিকতা, যান্ত্ৰিকতা আৰু ৰীতি-নীতিৰ অপ্ৰসাৰৰ বাবে ইয়াৰ মূল স্পন্দন কমি আহিছে।আনহাতে বহুতেই ইয়াক শিক্ষা আৰু জ্ঞানৰ উৎস হিচাপে আদৰি লৈছে ।আধুনিকতাৰ ধামখুমীয়াত পুৰণি সৰস্বতী পূজাৰ মাদকতা ক্ৰমশ: যেন ম্লান পৰি যাব ধৰিছে। আধ্যাত্মিকতাৰ পৰিৱৰ্তে জাকজমকতাৰ পয়োভৰ অধিক হোৱা পৰিলক্ষিত হৈছে। সৰস্বতী পূজা এতিয়াও অসম তথা ভাৰতৰ এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে বিদ্যমান,যিয়ে জ্ঞানৰ পোহৰ বিলাই আহিছে। সম্পূৰ্ণ আধ্যাত্মিকভাৱাপন্ন এই উৎসৱটি যাতে সীমা অতিক্ৰমি জাকজমকতা পূৰ্ণ উৎসৱলৈ পৰিণত নহয়।
